বঙাইগাঁও, ১৪ মে’, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) নিউ বঙাইগাঁও ৱৰ্কশ্বপে ডবা আৰু ৱাগনসমূহৰ পুনঃনিৰ্মাণ, আন্তঃগাঁথনিগত উদ্ভাৱন আৰু শক্তি দক্ষতাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে উৎকৃষ্ট ফলাফল প্ৰদান কৰি আহিছে। শেহতীয়াকৈ এক পদক্ষেপে পৰিচালন নিৰ্ভৰযোগ্যতা, যাত্ৰীৰ আৰাম আৰু বহন ক্ষমতা বৃদ্ধিৰ দিশত এক কাৰ্যকৰী সফলতা কঢ়িয়াই আনিছে।
নিউ বঙাইগাঁও ৱৰ্কশপত এক গুৰুত্বপূৰ্ণ বিকাশ হৈছে ডি-কেল কাটিং প্লটাৰ মেচিনৰ স্থাপন। এই মেচিনে পূৰ্বে ডবাৰ কাষ আৰু অন্তিম ৱালৰ লেটাৰিঙৰ বাবে ব্যৱহৃত পৰম্পৰাগত স্ক্ৰীন-প্ৰিন্টিং প্ৰক্ৰিয়াৰ প্ৰতিস্থাপন কৰিছে। যেতিয়া স্ক্ৰীন-প্ৰিন্টেড লেবেলসমূহ সময়ৰ সৈতে অস্পষ্ট আৰু অনুজ্জ্বল হৈ পৰে, ডি-কেল প্ৰণালীৰ দ্বাৰা ইয়াক অধিক সুন্দৰভাৱে বহনক্ষম আৰু আকৰ্ষণীয় বিকল্প প্ৰদান কৰা হয়। এই পদ্ধতিয়ে ডবাসমূহৰ দৃশ্যমানতাই কেৱল উন্নত নকৰে, লগতে ইয়াৰ দীৰ্ঘকালীন ৰক্ষণাবেক্ষণ মানসমূহকো উন্নত কৰি তোলে।
পুনঃনিৰ্মাণৰ দিশত অন্য এজন গুৰুত্বপূর্ণ উন্নয়ন হৈছে ডবাত ব্যৱহৃত ইলেক্ট্ৰ’নিউমেটিক প্ৰেছাৰাইজড ফ্লাশিং চিষ্টেমৰ (ইপিপিএফএছ) দ্বাৰা অভাৰহ’লিং। পূৰ্বে যাত্ৰাপথত এই পদ্ধতিটো সঘনাই বিকল হোৱা আৰু যাত্ৰীৰ পৰা ৰে’ল মদদৰ দৰে প্লেটফৰ্মসমূহৰ জৰিয়তে অভিযোগ লাভ কৰা হৈছিল। এতিয়া নিউ বঙাইগাঁও ৱৰ্কশপত এক ব্যাপক অভাৰহ’ল প্ৰক্ৰিয়া কাৰ্যকৰী কৰা হৈছে, য’ত ৱাটাৰ প্ৰেছাৰাইজাৰ ইউনিটৰ বিচ্ছিন্নকৰণ আৰু চাৰ্ভিচিঙৰ লগতে কন্ট্ৰোল পেনেল, নন-ৰিটার্ন ভাল্ভ আৰু এয়াৰ ফিল্টাৰৰ দৰে অন্যান্য গুৰুত্বপূর্ণ উপকৰণসমূহৰ পৰীক্ষণো অন্তর্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত বিশেষকৈ দীৰ্ঘ দূৰত্বৰ পৰিচালনসমূহৰ দিশত ফ্লাশ্বিং চিষ্টেমৰ নিৰ্ভৰযোগ্যতা আৰু কাৰ্যক্ষমতা তাৎপর্যপূর্ণভাৱে উন্নত হৈছে।
পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে নিউ বঙাইগাঁও ৱৰ্কশপত এটা ১ মেগৱাট ৰুফ টপ সৌৰ প্ৰকল্প আৰম্ভ কৰা হৈছে। বতৰৰ সৈতে সম্পৰ্কিত প্ৰত্যাহ্বানসমূহ থকা স্বত্ত্বেও ইয়াৰ গড় দৈনিক উৎপাদন আনুমানিক ৩৮৫০ কিলোৱাট ঘন্টা হিচাপে ধাৰ্য কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত বছৰি প্ৰায় ১৪০৫২৫০ কিলোৱাট ঘন্টা উৎপাদনৰ আশা কৰা হৈছে। স্থানীয় বিতৰণ কোম্পানীৰ পৰা ৯.৩৯ টকা প্ৰতি ইউনিট শুল্কৰ তুলনাত, ৪.৩০ টকা প্ৰতি ইউনিটৰ বিদ্যুত ক্ৰয়ৰ হাৰত, এই পদক্ষেপে বাৰ্ষিক ৭১.৫ লাখ টকাৰো অধিক ধন ৰাহি কৰিব, যিয়ে নিউ বঙাইগাঁৱৰ বিদ্যুতৰ ব্যয় হ্ৰাস কৰা আৰু সেউজ পদক্ষেপসমূহৰ প্ৰতি দায়বদ্ধতাক প্ৰদৰ্শন কৰে।
ইয়াৰ উপৰি, এই ৱৰ্কশ্বপে ঢাকি থোৱা ৱাগনসমূহৰ বাবে এক অভ্যন্তৰীণ ছাদৰ লীক পৰীক্ষণ সুবিধা বিকশিত কৰিছে। এই ছাৱাৰ টেষ্টিং প্ৰণালীয়ে ছাদৰ সৰু লীক আৰু ফাটৰ সংশোধন আৰু চিনাক্তকৰণক উল্লেখযোগ্যভাৱে সহায় কৰিব। এতিয়া ৱাগনসমূহৰ পিওএইচ (পৰ্যায়ক্ৰমিক অভাৰহ’লিং)ৰ পূৰ্বে আৰু পৰৱৰ্তী সময়তো এই ছাৱাৰ পৰীক্ষণ কাৰ্যকৰী কৰি লিকেজ নথকা ৱাগনসমূহৰ বাবে নিশ্চয়তা প্ৰদান কৰা হয়।
এই পদ্ধতিয়ে বিশেষকৈ প্ৰতিকূল বতৰৰ সময়ত ডবাসমূহৰ গাঁঠনিগত সংহতি আৰু কাৰ্গোৰ সুৰক্ষা নিশ্চিত কৰি তোলে। এই পদক্ষেপসমূহৰ জৰিয়তে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ নিউ বঙাইগাঁও ৱৰ্কশ্বপে কাৰিকৰী উৎকৰ্ষতা, পৰিচালন নিৰ্ভৰযোগ্যতা আৰু বহনক্ষম প্ৰয়োগৰ দিশত এক উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰি আহিছে। এই সফলতাসমূহে ভাৰতীয় ৰে’লৰ আধুনিকীকৰণ, উন্নততৰ যাত্ৰী সেৱা আৰু পাৰিপাৰ্শ্বিক দায়িত্ববোধৰ পক্ষে এক বিস্তৃত দৃষ্টিভংগীকেই প্ৰতিফলিত কৰিছে।