নিউজ ডেস্ক, ১৪ জুন, ২০২৪ : মুখ্য ৰে’লৱে সুৰক্ষা আয়ুক্তই (CCRS) ১২ জুন, ২০২৪ তাৰিখে আৰাৰিয়া-গলগলিয়া নতুন ৰে’ল পথ প্ৰকল্পৰ পাৱাখালি আৰু ঠাকুৰগঞ্জ ষ্টেচনৰ মাজত নতুনকৈ স্থাপন কৰা ২৩.২৪২ কিলোমিটাৰ ৰে’লপথৰ বিধিসন্মত পৰিদৰ্শন সম্পূৰ্ণ কৰাৰ পিছত ৰে’লপথ খণ্ডৰ কমিছনিঙৰ বাবে তেওঁৰ অনুমোদন প্ৰদান কৰিছে। সমগ্ৰ প্ৰকল্পটো উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ মণ্ডলৰ অন্তৰ্গত এক প্ৰকল্প।

নৱনিৰ্মিত ব্ৰডগজ ৰে’ল পথটো মুকলি কৰাৰ প্ৰাথমিক উদ্দেশ্য হৈছে চিকেন নেক অংশত বিদ্যমান ৰে’লৱে নেটৱৰ্ক অধিক শক্তিশালী কৰা আৰু সেই অংশত ৰে’লৰ পৰিচালনগত দক্ষতা উন্নত কৰা। নতুনকৈ স্থাপন কৰা এই ৰে’লপথটো উত্তৰ-পূৰ্ব্বাঞ্চলৰ দিশত সংশ্লিষ্ট পথেৰে আৰু অধিক মালবাহী আৰু যাত্ৰীবাহী পৰিবহনৰ ক্ষেত্ৰত সহায়ক হ’ব। আৰাৰিয়া-গলগলিয়া নতুন ৰে’ল পথ প্ৰকল্পটো ১১০.৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাৰ ভিতৰত ২৩.২৪২ কিলোমিটাৰ ৰেল লাইন কাদোগাওঁ হল্ট, ভোগদাবৰ হল্ট হৈ পাৱাখালি ষ্টেচনৰ পৰা ঠাকুৰগঞ্জ ষ্টেচনলৈ মুকলি কৰা হৈছে। নতুন ৰেলপথটোৱে বিহাৰৰ পূব প্ৰান্তক সামৰি ল’ব।

এই প্ৰকল্পটোৱে ৰে’লপথ খণ্ডৰ ভিৰ হ্ৰাস কৰাত সহায় কৰিব আৰু সেয়েহে পাৱাখালি–ঠাকুৰগঞ্জ খণ্ডত ৰে’ল সেৱাৰ সুগম চলাচলত সহায়ক হ’ব। এই প্ৰকল্পটোৱে সমীপৱৰ্তী অঞ্চলটোত বৃহৎ সংখ্যক কৰ্মসংস্থান সৃষ্টি কৰিছে। ই সেই অঞ্চলত অধিক সংখ্যক ৰে’লৰ চলাচল কৰাত সহায় কৰাৰ লগতে অঞ্চলটোৰ লোকসকলৰ আৰ্থ-সামাজিক বিকাশত সহায় কৰিব। সমীপৱৰ্তী অঞ্চলসমূহৰ অৰ্থনৈতিক দৃশ্যপটৰ যথেষ্ট উন্নতি সাধনৰ লগতে ইন্ধনৰ সঞ্চয় আৰু ভ্ৰমণৰ সময় হ্ৰাস কৰাৰ উপৰিও পৰিবহনৰ ব্যয় হ্ৰাস হ’ব।

সামগ্ৰীৰ পৰিবহনো সুলভ হ’ব। যাত্ৰী সা-সুবিধাসমূহত সংযোজনৰ ক্ষেত্ৰত, পাৱাখালি আৰু ঠাকুৰগঞ্জ উভয়তে ৩ মিটাৰ বহল নতুন ফুট অভাৰ ব্ৰীজ, প্ৰতীক্ষা হ’ল আৰু যাত্ৰীৰ বাবে নতুন প্লেটফৰ্ম শ্বেড নিৰ্মাণ কৰা হৈছে আৰু পাৱাখালিত পুৰুষৰ ৩ টা আৰু মহিলাৰ ২ টা শৌচালয় আৰু ঠাকুৰগঞ্জত পুৰুষৰ ২ টা আৰু মহিলাৰ ২ টা শৌচালয়ও নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও, ষ্টেচনসমূহত যাত্ৰীসকলৰ বাবে খোৱা পানীৰ সুবিধা প্ৰদান কৰা হৈছে। ৰে’লত যাত্ৰীসকলৰ উঠা নমা সুগম কৰাৰ বাবে প্লেটফৰ্মৰ উচ্চতা বৃদ্ধি কৰা হৈছে। এই খণ্ডত ১ খন গুৰুত্বপূৰ্ণ সেঁতু, ৮ টা বৃহৎ সেঁতুৰ সৈতে ১ খন বৃহৎ ৰোড আণ্ডাৰ ব্ৰীজ আৰু ৪৩ খন সৰু সেঁতু আছে।