নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী, ২০২৬ : ৰে’লযাত্ৰীৰ সুবিধা বৃদ্ধি কৰা আৰু অঞ্চলটোৰ ৰে’ল সংযোগ শক্তিশালী কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) অসমৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত ষ্টেচনসমূহত ১৯ খন ৰে’লগাড়ীৰ অতিৰিক্ত ষ্টপেজ প্ৰৱৰ্তন কৰিছে। এই অতিৰিক্ত ষ্টপেজসমূহ ২০ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২৬ ৰ ভিতৰত পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হৈ আছে, যাৰ ফলত মধ্যৱৰ্তী গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত যাত্ৰীসকলৰ বাবে সুবিধা বৃদ্ধি হৈছে। ২০ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৬১৫/১৫৬১৬ গুৱাহাটী-শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লখনৰ সালচাপ্ৰাত অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে।

২১ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৬৬৯/১৫৬৭০ গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী এক্সপ্ৰেছ ৰে’লখনৰ কামপুৰত ষ্টপেজ আৰু ৰে’ল নং ১৫৬১১/১৫৬১২ ৰঙিয়া-শিলচৰ-ৰঙিয়া এক্সপ্ৰেছৰ জাগীৰোডত ষ্টপেজ প্ৰদান কৰা হৈছে। ২২ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৬০৩/১৫৬০৪ গুৱাহাটী-লিডু-গুৱাহাটী এক্সপ্ৰেছৰ কামপুৰত অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে আৰু ৰে’ল নং ১৩১২৫ কলকাতা-ছাইৰাং এক্সপ্ৰেছ ৰে’লখনৰ কাটাখালত ষ্টপেজ প্ৰদান কৰা হৈছে। ২৩ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা কাৰ্যকৰী হোৱাকৈ  ৰে’ল নং ১৩১৭৬ শিলচৰ-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখনৰ লংকাত ষ্টপেজ প্ৰদান কৰা হৈছে আৰু ৰে’ল নং ১৫৪১৭/১৫৪১৮ আলিপুৰদুৱাৰ-শিলঘাট টাউন-আলিপুৰদুৱাৰ ৰাজ্যৰাণী এক্সপ্ৰেছে আমনিত ষ্টপেজ প্ৰদান কৰা হৈছে।

ইয়াৰ উপৰিও, ৰে’ল নং ১৩১২৬ কলকাতা-ছাইৰাং এক্সপ্ৰেছ আৰু ৰে’ল নং ১৫৬০৯/১৫৬১০ গুৱাহাটী-ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছ ৰে’লখন যথাক্ৰমে কাটাখাল আৰু কাটলিচেৰাত ষ্টপেজ প্ৰদান কৰা হৈছে। একেদিনাই ৰে’ল নং ১৫৬৬৩/১৫৬৬৪ আগৰতলা-শিলচৰ-আগৰতলা এক্সপ্ৰেছ ছুপেৰকান্দি হল্টত ষ্টপেজ প্ৰদান কৰিব। ২৪ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা উল্লেখযোগ্য সংখ্যক অতিৰিক্ত ষ্টপেজ প্ৰৱৰ্তন কৰা হৈছে। ৰে’ল নং ১৫৬৬৫/১৫৬৬৬ মৰিয়নী-গুৱাহাটী-মৰিয়নী বিজি এক্সপ্ৰেছ ৰে’লখনৰ বৰপথাৰত ষ্টপেজ প্ৰদান কৰা হৈছে। এই ৰে’লগাড়ীখনক বৰপথাৰ ষ্টেচনত মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৰেলৱে বিষয়াবৰ্গ আৰু স্থানীয় যাত্ৰীসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে, যি অঞ্চলটোৰ উন্নত সংযোগৰ গুৰুত্বকে প্ৰতিফলিত কৰিছে।

ৰে’ল নং ১৫৬২৫ দেওঘৰ-আগৰতলা এক্সপ্ৰেছৰ হোজাইত ষ্টপেজ প্ৰদান কৰা হৈছে আৰু ৰে’ল নং ১৩১৭৫ শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছৰ লংকাত ষ্টপেজ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও, ৰে’ল নং ১৩১৮১/১৩১৮২ কলকাতা-শিলঘাট টাউন-কলকাতা এক্সপ্ৰেছৰ শেনচোৱাত ষ্টপেজ প্ৰদান কৰা হৈছে। ২৫ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৬৬৫/১৫৬৬৬ গুৱাহাটী-মৰিয়নী-গুৱাহাটী এক্সপ্ৰেছ, ৰে’ল নং ১৫৯২৮ নিউ তিনিচুকীয়া-ৰঙিয়া এক্সপ্ৰেছ আৰু ৰে’ল নং ১৫৬১৫/১৫৬১৬ গুৱাহাটী-শিলচৰ-গুৱাহাটী এক্সপ্ৰেছৰ যমুনামুখত ষ্টপেজ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও, ৰে’ল নং ১৫৬১৫/১৫৬১৬ গুৱাহাটী-শিলচৰ-গুৱাহাটী এক্সপ্ৰেছক চাপৰমুখ আৰু কামপুৰত অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে। ৰে’ল নং ১৫৬১১ ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ আৰু ৰে’ল নং ১৫৯০৯ ডিব্ৰুগড়-লালগড় অৱধ অসম এক্সপ্ৰেছ লংকাত ষ্টপেজ প্ৰদান কৰা হৈছে।

২৬ ফেব্ৰুৱাৰী ২০২৬ ৰ পৰা বা পৰৱৰ্তী সময়ত কাৰ্যকৰী হোৱাকৈ কেইখনমান অতিৰিক্ত ৰে’লৰ যেনে-ৰে’ল নং ১৫৬১২ শিলচৰ-ৰঙিয়া এক্সপ্ৰেছ আৰু ৰে’ল নং ১৫৯১০ লালগড়-ডিব্ৰুগড় অৱধ অসম এক্সপ্ৰেছৰ লংকাত আৰু ৰে’ল নং ১৫৯২৭ ৰঙিয়া-নিউ তিনিচুকীয়া এক্সপ্ৰেছ ৰে’লখনৰ যমুনামুখত ষ্টপেজ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও, আগৰতলা-দেওঘৰ এক্সপ্ৰেছৰ হোজাইত অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে। এই অতিৰিক্ত ষ্টপেজসমূহে দৈনিক ভ্ৰমণকাৰী, দীৰ্ঘদূৰত্বৰ যাত্ৰী আৰু অঞ্চলটোৰ বাসিন্দাসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত অঞ্চলটোত সুবিধা আৰু সংযোগ উন্নত হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰী সুবিধাৰ বৃদ্ধি আৰু ক্ৰমবৰ্ধমান পৰিবহণৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি প্ৰদানৰ দিশত সদায় দায়বদ্ধ।