নিউজ ডেস্ক, ২০ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই কাটিহাৰ মণ্ডলৰ অধীনত আৰাৰিয়া গ্ৰীড চাবষ্টেচনৰ (GSS) পৰা আৰাৰিয়া ট্ৰেকচন চাবষ্টেচন (TSS)পৰ্যন্ত ১৩২ কেভি ট্ৰেন্সমিচন লাইন সফলতাৰে উদ্বোধন কৰি বিদ্যমান ৰে’লৱে বৈদ্যুতিকৰণ আন্তঃগাথনি শক্তিশালী কৰাৰ দিশত আন এটা গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। নতুনকৈ উদ্বোধন কৰা এই ট্ৰেন্সমিচন লাইনটোত ৫.৯ কিলোমিটাৰ ওভাৰহেড লাইন অন্তৰ্ভুক্ত আছে আৰু ১৭ ডিচেম্বৰ ২০২৫ তাৰিখে ইয়াক উদ্বোধন কৰা হয়।

এই গুৰুত্বপূৰ্ণ বৈদ্যুতিক ট্ৰেকচন যোগান আন্তঃগাঁথনিৰ উদ্বোধনে বিদ্যুতৰ উপলব্ধতা আৰু পৰিবহনৰ নিৰ্ভৰযোগ্যতা যথেষ্ট বৃদ্ধি কৰিব, যাৰ ফলত সুগম আৰু বৰ্ধিত ক্ষমতাৰ বৈদ্যুতিক ৰে’ল চলাচল সম্ভৱ হৈ উঠিব। ই কাটিহাৰ-যোগবানী খণ্ডত আৰু নৱনিৰ্মিত আৰাৰিয়া-ঠাকুৰগঞ্জ ৰে’লপথত বৰ্তমানৰ প্ৰয়োজনীয়তাৰ লগতে ভৱিষ্যতৰ ৰে’ল চলাচল বৃদ্ধিৰ বাবেও যথেষ্টভাৱে সহায়ক হ’ব, যাৰ ফলত উত্তৰ বিহাৰৰ এই অঞ্চলত শক্তি দক্ষ, সুৰক্ষিত আৰু অবিৰতভাৱে বৈদ্যুতিক ৰেল সেৱাৰ পৰিচালন সম্ভৱ হৈ উঠিব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তাই (প্ৰিন্চিপেল চীফ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ) ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ৩০ অক্টোবৰ, তাৰিখে মুঠ ৬৭.১৮৬ ৰুট কিল’মিটাৰ (আৰকেএম) আৰু ৮২.৬৯৮ ট্ৰেক কিল’মিটাৰ (টিকেএম) সামৰি লোৱা কাটিহাৰ মণ্ডলৰ অধীনৰ আৰাৰিয়া আৰু আৰাৰিয়া কোৰ্ট-বিবিগঞ্জ খণ্ড পৰিদৰ্শন কৰি উদ্বোধন কৰিছিল, যি এই খণ্ডত বৈদ্যুতিকৰণ প্ৰক্ৰিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত হৈছে। ১৩২ কেভি ট্ৰেন্সমিচন লাইনৰ প্ৰৱৰ্তনে আৰু ওএইচই (ওভাৰহেড ইকুইপমেণ্ট)ৰ সফল চাৰ্জিঙে বৈদ্যুতিক ট্ৰেকচনৰ বাবে বিদ্যুতৰ নিৰ্ভৰযোগ্যতা আৰু আন্তঃগাথনি শক্তিশালীকৰণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অবিৰত প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।

এই উন্নয়নে সংলগ্ন খণ্ডসমূহত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা বৈদ্যুতিকৰণ কাৰ্যৰ সৈতেও অঞ্চলটোত নিৰৱচ্ছিন্ন বৈদ্যুতিক ৰে’লৰ পৰিচালন আৰু উন্নত যোগাযোগৰ পথ প্ৰশস্ত কৰিছে। ইয়াৰ উপৰিও ই ভাৰতীয় ৰেলৱেৰ ২০৩০ বৰ্ষৰ ভিতৰত নেট জিৰ’ কাৰ্বন নিৰ্গমন লাভ কৰাৰ মিচনৰ সৈতেও সংগতি ৰাখিছে, যিয়ে আধুনিক, শক্তিদক্ষ আৰু পৰিৱেশ-অনুকূল ৰে’ল পৰিবহণৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দায়বদ্ধতাকে পুনৰ নিশ্চিত কৰি তুলিছে।