নিউজ ডেস্ক, ৮ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱ, মালদা-নিউ জলপাইগুড়ী খণ্ডৰ ব্যাপক নিৰীক্ষণ সম্পন্ন কৰে। এই নিৰীক্ষণত ৰে’লপথ, চিগনেল, ষ্টেচন, লোকো শ্বেড আৰু অন্যান্য আন্তঃগাঁথনি অন্তৰ্ভুক্ত আছিল। তেওঁৰ লগত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ লগতে সংশ্লিষ্ট মাণ্ডলিক বিষয়াসকলো উপস্থিত আছিল।

মহাপ্ৰৱন্ধকগৰাকীয়ে মালদা টাউনত উপস্থিত হৈ মালদা টাউন লোকো শ্বেডৰ বিস্তৃত নিৰীক্ষণ সম্পন্ন কৰে। তেওঁ ৰক্ষণাবেক্ষণ পদ্ধতি, সুৰক্ষা মানদণ্ড আৰু সামগ্ৰিক পৰিচালন প্ৰস্তুতিও নিৰীক্ষণ কৰে। নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত লোকোম’টিভ পৰিচালন নিশ্চিত কৰাৰ দিশত ৰে’লৱে কৰ্মীসকলৰ নিষ্ঠা আৰু উৎসৰ্গিত প্ৰচেষ্টাৰ তেওঁ প্ৰশংসা কৰে লগতে সমগ্ৰ সংমণ্ডলত বজাই ৰখা শক্তিশালী সুৰক্ষা সংস্কৃতিৰ কথাও উল্লেখ কৰে। তেওঁ মালদা টাউনৰ পৰা নিউ জলপাইগুড়ী সম্পূৰ্ণ উইণ্ড’ ট্ৰেইলিং নিৰীক্ষণ সম্পন্ন কৰে।

এই সময়ত তেওঁ ৰে’লপথৰ স্থিতি, চিগনেলিং সম্পদ, যাত্ৰীৰসুবিধা আৰু পথৰ কাষে কাষে থকা আন্তঃগাঁথনিৰ প্ৰস্তুতি মূল্যায়ন কৰে। সুগম আৰু সুৰক্ষিত ৰে’ল পৰিচালনৰ বাবে সুৰক্ষা নিয়ম মানি চলি আধুনিক পৰিচালন পদ্ধতিৰ গুৰুত্বৰ ওপৰত তেওঁ জোৰ দিয়ে। এই ভ্ৰমণৰ সময়ত শ্ৰীৱাস্তৱে অমৃত ভাৰত ষ্টেচন আঁচনি (এবিএছএছ)ৰ অধীনত সামচি (এছএম) আৰু ডালখোলা (ডিএলকে) ষ্টেচনত চলি থকা কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। সামচিত মহাপ্ৰৱন্ধকগৰাকীয়ে লেভেল ক্ৰচিং গেটসমূহ নিৰীক্ষণ কৰি সেইসমূহৰ সুৰক্ষিত আৰু কাৰ্যক্ষম পৰিচালন নিশ্চিত কৰে।

ডালখোলাত তেওঁ ষ্টেচনৰ সা-সুবিধাসমূহৰ আধুনিকীকৰণ, যাত্ৰী চলাচলৰ উন্নয়ন আৰু সামগ্ৰিক ভ্ৰমণৰ সুবিধা বৃদ্ধিৰ লক্ষ্যৰে নিৰ্মাণাধীন পুনৰ্বিকাশৰ কামো পৰিদৰ্শন কৰে। নিউ জলপাইগুড়ীত মহাপ্ৰৱন্ধকগৰাকীয়ে নিৰ্মাণাধীন ষ্টেচন উন্নয়নৰ কাম পৰিদৰ্শন কৰে। নিউ জলপাইগুড়ীক বিশ্বমানৰ ষ্টেচন আৰু আন্তৰ্জাতিক টাৰ্মিনাছলৈ ৰূপান্তৰিত কৰা হৈছে আৰু ইয়াত আধুনিক সুবিধা, অত্যাধুনিক প্লেটফৰ্ম, বৰ্ধিত যাত্ৰী সুবিধা আৰু উন্নত চলাচলৰ এলেকা অন্তৰ্ভূক্ত থাকিব।

তেওঁ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অন্যান্য পুনৰ্বিকাশৰ কামকাজসমূহ পৰ্যালোচনা কৰে, যিসমূহে অধিক কাৰ্যক্ষম আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত ভ্ৰমণ কেন্দ্ৰ সৃষ্টি কৰিব আৰু সকলো যাত্ৰীৰ বাবে অসাধাৰণ অভিজ্ঞতা প্ৰদান কৰিব। শ্ৰীৱাস্তৱে সৰ্বোচ্চ সুৰক্ষা আৰু পৰিচালন মানদণ্ড বজাই ৰখাত ৰে’লকৰ্মীসকলৰ দায়বদ্ধতা আৰু পেছাদাৰিত্বৰ প্ৰশংসা কৰে। ধাৰাবাহিক আন্তঃগাথনিৰ বিকাশ, প্ৰযুক্তিগত উন্নয়ন আৰু সমগ্ৰ সংমণ্ডলত সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু যাত্ৰী-হিতৈষী ৰেল সেৱা প্ৰদানৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দায়বদ্ধতাক তেওঁ পুনৰ নিশ্চিত কৰে।