গুৱাহাটী, ৯ অক্টোবৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গই মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ হৈ ৮ অক্টোবৰ তাৰিখে গুৱাহাটীস্থিত কাহিলীপাৰাত থকা অসমৰ প্রখ্যাত গায়ক, সংগীতজ্ঞ আৰু সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ (Zubeen Garg) বাসগৃহলৈ উপস্থিত হৈ প্ৰয়াত কণ্ঠশিল্পীজনৰ প্ৰতি সন্মান জ্ঞাপন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াবৰ্গই সন্ধিয়া সময়ত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত শিল্পীগৰাকীক পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াবৰ্গই প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালৰ সদস্যসকলক আন্তৰিক সমবেদনা জনাই কিংবদন্তী সংগীতজ্ঞগৰাকীৰ আকষ্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে, যি অসমীয়া সংগীত আৰু সংস্কৃতিক জগতখনৰ লগতে ভাৰতীয় সংগীত আৰু সাংস্কৃতিক পৰম্পৰাতো অসামান্য অৱদান আগবঢ়াইছিল। বিষয়াসকলে প্ৰয়াত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে সাক্ষাৎ কৰি কিছু সময় অতিবাহিত কৰে আৰু এই কঠিন সময়ত তেওঁৰ পৰিয়ালৰ প্ৰতি তেওঁলোকৰ সহানুভূতি আৰু সমৰ্থন প্ৰকাশ কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পক্ষৰ পৰা সন্মান আৰু সোঁৱৰণিস্বৰূপে জুবিন গাৰ্গৰ পৰিয়ালক এখন স্মাৰক প্রদান কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক প্ৰেক্ষাপটত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে। তেওঁৰ শিল্পসৃষ্টিৰ ঐতিহ্যই তেওঁৰ অসমৰ সৃষ্টিসমূহ আৰু অঞ্চলটোৰ সংগীতৰ লগতে সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ জৰিয়তে আগন্তুক প্ৰজন্মসমূহক সদায় অনুপ্ৰাণিত কৰি থাকিব।