নিউজ ডেস্ক, ৮ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) বাৰিষা বতৰৰ সময়ছোৱাত সুৰক্ষিত আৰু বাধাহীন ৰে’ল পৰিচালন নিশ্চিত কৰাৰ দিশত এক ধাৰাবাহিক কৌশলগত প্ৰস্তুতিমূলক ব্যৱস্থাৱলী ৰূপায়ন কৰিছে। ধাৰাষাৰ বৰষুণ, ভূমিস্খলন আৰু বানপানীৰ বাবে এই অঞ্চলটোৰ সংবেদনশীলতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সংবেদনশীল স্থানসমূহত ট্ৰেকৰ স্থিতি অবিৰতভাৱে নিৰীক্ষণ কৰাৰ বাবে আৰু চিনাক্ত কৰা যিকোনো বিপদৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে সতৰ্কবাণী দিবলৈ কৌশলগতভাৱে স্থায়ী পহৰাদাৰ নিযুক্ত কৰা হৈছে।

ভূমিস্খলন আৰু বানপানী প্ৰৱন এলেকাসমূহত বান্ধৰ শক্তিশালীকৰণেৰে, নৰ্দমা ব্যৱস্থাৰ উন্নতকৰণ আৰু প্ৰাকৃতিকভাৱে থকা জলপথসমূহৰ পৰিস্কাৰকৰণৰ জৰিয়তে পুনৰ মজবুত কৰি তোলা হৈছে, ইয়াৰ লগতে পানীৰ স্তৰ পৰিমাপক যন্ত্ৰ সংবেদনশীল স্থানসমূহত, বিশেষকৈ পাহাৰীয়া এলেকাত, প্ৰকৃত সময়ৰ ভিত্তিত পানীৰ বৰ্ধিত স্তৰ নিৰীক্ষণ কৰাৰ বাবে স্থাপন কৰা হৈছে। জৰুৰীকালীন অৱস্থাত দ্ৰুত সঁহাৰিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই উদ্ধাৰ সামগ্ৰী যেনে বোল্ডাৰ, বালিৰ বেগ আৰু তাঁৰৰ জাল গুৰুত্বপূৰ্ণ স্থানসমূহত মজুত কৰি ৰাখিছে।

যিকোনো পৰিস্থিতিত তাৎক্ষণিকভাৱে সঁহাৰি দিয়াৰ অৰ্থে আৱশ্যকীয় সা-সৰঞ্জাম আৰু কাৰিকৰী ষ্টাফৰ সৈতে ‘ইমাৰ্জেঞ্চী অন হুইল’ ৰে’লসমূহ সম্পূৰ্ণৰূপে সু-সজ্জিত কৰি ৰখা হৈছে। ৰেপিড ৰেচপেন্স টীম ভূমিস্খলন, ট্ৰেক উটুৱাই লৈ যোৱা আৰু পানী জমা হোৱাৰ দৰে সমস্যাসমূহৰ সমাধান কৰাৰ অৰ্থে সমগ্ৰ মণ্ডলসমূহত গঠন কৰা হৈছে। এই টীমসমূহক তাৎক্ষণিকভাৱে স্বাভাৱিক ৰে’ল পৰিচালন পুনৰুদ্ধাৰ কৰিবলৈ প্ৰশিক্ষিত কৰা হৈছে, যাতে যাত্ৰীবাহী আৰু মালবাহী ৰেলসেৱাৰ চলাচলত ব্যাঘাত ন্যূনতম কৰিব পৰা যায়।

কেৱল লামডিং মণ্ডলতে বোল্ডাৰ আৰু কোৱেৰি/ডাষ্ট/শ্বিংঙ্গলৰ সৈতে মুঠ ১৯৭ খন বাগন যথাস্থানত ৰখা হৈছে, আনহাতে ১৪৪ ৱাগন বোল্ডাৰ আৰু ৫৩ ৱাগন কোৱেৰি/ডাষ্ট/শ্বিংঙ্গল সু-পৰিকল্পিতভাৱে জাগীৰোড, খটখটি, শোখুভি, মাইবং আৰু বদৰপুৰত যথাস্থানত ৰখা হৈছে। অন্যান্য মণ্ডলসমূহ যেনে-তিনিচুকীয়া (৫২ খন ৱাগন), ৰঙিয়া (৩৬ খন ৱাগন), আলিপুৰদুৱাৰ (২০ খন ৱাগন) আৰু কাটিহাৰ (৪০ খন ৱাগন) কো বাৰিষাৰ প্ৰস্তুতিপৰ্বৰ বাবে যোগান ধৰা হৈছে। ইয়াৰ লগতে পুনৰুদ্ধাৰ কামকাজৰ তৎপৰতা নিশ্চিত কৰাৰ বাবে বিভিন্ন ক্ষমতাৰ উইঞ্চ ক্ৰেব, জেক, টিৰফৰ, আৰু ট্ৰাইপড সমগ্ৰ মণ্ডলসমূহত উপলব্ধ কৰা হৈছে।

ইয়াৰ উপৰিও উত্তৰ-পূব সীমান্ত ৰে’লৱেই ভাৰতীয় বতৰ বিজ্ঞানৰ বিভাগৰ (আইএমডি) সৈতে প্ৰকৃত সময়ৰ ভিত্তিত বতৰৰ সতৰ্কতা আৰু পূৰ্বানুমান প্ৰাপ্ত কৰাৰ বাবে অতি ঘনিষ্ঠভাৱে কাম কৰি আহিছে। এই সহযোগিতাই ৰে’লৱে নিয়ন্ত্ৰণ কক্ষক যথেষ্ট সহায় কৰিছে যি ৰে’লৰ চলাচল আৰু ক্ষেত্ৰগত পৰিচালনৰ দিশত এক সক্ৰিয় সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ২৪x৭ সময়তেই কৰ্মৰত হৈ থাকে, ৰে’লযাত্ৰীসকলক চৰকাৰী যোগাযোগ চেনেলসমূহ আৰু লগতে ৰে’লৱে কৰ্তৃপক্ষৰ জৰিয়তে আপডেট হৈ থকাৰ বাবে পৰামৰ্শ দিয়া হৈছে। এনেধৰণৰ বিস্তৃত ব্যৱস্থাৱলীৰ গ্ৰহণেৰে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই বাৰিষাৰ বতৰৰ সময়ছোৱাত সুৰক্ষা, পৰিচালন দক্ষতা আৰু যাত্ৰীৰ সুবিধা নিশ্চিত কৰাৰ দিশত সম্পূ্ৰ্ণৰূপে দায়বদ্ধ হৈ আছে।