নিউজ ডেস্ক, ২ ফেব্ৰুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ নেটৱৰ্কৰ সমগ্ৰতে ৰে’লৱে সুৰক্ষা বাহিনীৰ (RPF) সতৰ্ক অভিযানৰ জৰিয়তে যাত্ৰী সুৰক্ষা আৰু মানৱীয় সাহায্য নিশ্চিত কৰিবলৈ তেওঁলোকৰ সমৰ্পিত প্ৰয়াস অব্যাহত ৰাখিছে। ২৪ আৰু ২৮ জানুৱাৰী তাৰিখৰ মাজত, ৰে’লৱে সুৰক্ষা বাহিনীৰ দলসমূহে একাধিক ৰে’লৱে ষ্টেচনত এক ধাৰাবাহিক সমন্বিত উদ্ধাৰ অভিযান চলাই অকলে ভ্ৰমণ কৰা বা বিপদাপন্ন অৱস্থাত থকা অথবা সংকটাপন্ন যাত্ৰীসকলক সফলতাৰে উদ্ধাৰ কৰে।

এই অভিযানসমূহত, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনত থকা ষ্টেচন আৰু ৰে’লসমূহৰ পৰা ৮ জন নাবালক আৰু ৪ জন প্ৰাপ্তবয়স্কৰ সৈতে মুঠ ১২ জন ব্যক্তিক উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা এই ব্যক্তিসকলৰ মাজত ঘৰৰ পৰা পলায়ন কৰা নাবালক ছোৱালী আৰু ল’ৰা, বঞ্চিত শিশু, নিয়মীয়া ষ্টেচন নিৰীক্ষণ আৰু ৰে’লমদদ অভিযোগৰ জৰিয়তে চিনাক্ত কৰা অৱহেলিত ৰে’লযাত্ৰী অন্তৰ্ভুক্ত আছিল।

ফালাকাটা, লামডিং, কিষাণগঞ্জ, ৰঙিয়া, নিউ বঙাইগাঁও, কামাখ্যা, কাটিহাৰ (পূব) আৰু গুৱাহাটীকে ধৰি ষ্টেচনসমূহত গুৰুত্বপূৰ্ণ উদ্ধাৰ অভিযান সম্পন্ন কৰা হয়। উদ্ধাৰ হোৱা প্ৰাপ্তবয়স্কসকলক পৰৱৰ্তী প্ৰয়োজনীয় বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় আৰক্ষী কৰ্তৃপক্ষৰ আগত হাজিৰ কৰোৱা হয় আৰু তাৰ পিছত সকলো নাবালক শিশুক সম্পৰ্কীয় চাইল্ড লাইন ইউনিট আৰু স্বীকৃতিপ্ৰাপ্ত শিশু তত্বাৱধান সংস্থাসমূহৰ হাতত সুৰক্ষিতভাৱে অৰ্পন কৰা হয়।

এই তাৎক্ষণিক আৰু স্পৰ্শকাতৰ অভিযানসমূহে বিপদগ্ৰস্ত যাত্ৰীসকলক, বিশেষকৈ শিশুসকলক সুৰক্ষিত কৰাত আৰপিএফ জোৱানসকলৰ সতৰ্কতা, সহানুভূতি আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ শক্তিশালী সমন্বয়কে স্পষ্টভাৱে প্ৰতিফলিত কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই নিৰাপদ, সুৰক্ষিত আৰু জনকেন্দ্ৰিক ৰে’লৱে কামকাজৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিক পুনৰ দোহাৰি যাত্ৰীসকলক অৱহেলিত যিকোনো নাবালক বা সন্দেহজনক পৰিস্থিতি তৎকালীনভাৱে আৰপিএফ জোৱানসকললৈ বা ৰে’লমদদৰ জৰিয়তে খবৰ দিবলৈ আহ্বান জনায় যাতে তাৎক্ষণিক সঁহাৰি আৰু সাহায্য প্ৰদান কৰিব পৰা যায়।