নিউজ ডেস্ক, ১৭ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) ৰে’ল যাত্ৰী আৰু সম্পত্তিৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰতি তাৰ দায়বদ্ধতা প্ৰদৰ্শন অব্যাহত ৰাখিছে। চলিত বৰ্ষৰ অক্টোবৰ মাহত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে প্ৰায় ৯,৪০,৭৯,৯৩৩.০০ টকা মূল্যৰ মাদকদ্ৰৱ্য আৰু নিষিদ্ধ সামগ্ৰীৰ চোৰাং সৰবৰাহত জড়িত ৩৭ জন লোকক আটক কৰিছে।
১৩ নৱেম্বৰ তাৰিখে নিউ কোচবিহাৰৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিউ কোচবিহাৰ ৰে’ল ষ্টেচনত ৩৭.১ কেজি গৰাকীবিহীন গাঁজা উদ্ধাৰ কৰিছে, যাৰ মূল্য ৩.৭১ লাখ টকা। উদ্ধাৰ হোৱা সামগ্ৰীসমূহ প্ৰয়োজনীয় বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অ’চি/জিআৰপি/নিউ কোচবিহাৰৰ হাতত অৰ্পণ কৰা হয়। একেদিনাই আগৰতলা আৰু লামডিঙৰ ৰে’লৱে সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে’লৱে আৰক্ষীৰ যৌথ প্ৰচেষ্টাৰে আগৰতলা আৰু লামডিং ৰে’ল ষ্টেচনত ২৩.৬১ কেজি গাঁজা উদ্ধাৰ কৰা হয়, যাৰ মূল্য ২.৩৬ লাখ টকা। উদ্ধাৰ হোৱা সামগ্ৰীসমূহ প্ৰয়োজনীয় বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট অ’চি/জিআৰপিৰ হাতত অৰ্পণ কৰা হয়।
একেদৰে, ১২ নৱেম্বৰ তাৰিখে ধৰ্মনগৰ, আগৰতলা আৰু ৰঙাপাৰা নৰ্থৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ধৰ্মনগৰ, আগৰতলা আৰু ৰঙাপাৰা নৰ্থ ষ্টেচনত ৫০.৫১ কেজি গাঁজা উদ্ধাৰ কৰে, যাৰ মূল্য ৫.০৫ লাখ টকা। উদ্ধাৰ হোৱা সামগ্ৰীসমূহ প্ৰয়োজনীয় বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট অ’চি/জিআৰপিলৈ হাতত অৰ্পণ কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিভিন্ন পোষ্টত থকা আৰপিএফ জোৱানসকলৰ সমৰ্পিত প্ৰয়াস আৰু জিআৰপি আৰু কাষ্টমছ কৰ্তৃপক্ষৰ সৈতে তেওঁলোকৰ ফলপ্ৰসূ সমন্বয়ক প্ৰশংসা কৰে, যি ৰে’ল পৰিসৰৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ইয়াৰ অধিক্ষেত্ৰৰ অধীনত অবৈধ কাম-কাজ নিয়ন্ত্ৰণ কৰাত সহায় কৰি আহিছে।
