নিউজ ডেস্ক, ২৩ মাৰ্চ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ইয়াৰ অধিক্ষেত্ৰৰ অধীনত অপৰাধৰ বিৰুদ্ধে কঠোৰ সতৰ্কতা বজাই ৰাখি যাত্ৰীসকলৰ সুৰক্ষা (Passengers Safety) আৰু নিৰাপত্তা নিশ্চিত কৰি আহিছে। এক ধাৰাবাহিক সফল অভিযানত ৰে’লৱে সুৰক্ষা বাহিনীৰ টীমসমূহে মূল ষ্টেচনসমূহত যাত্ৰীৰ সামগ্ৰী চুৰিৰ সৈতে জড়িত একাধিক ব্যক্তিক আটক কৰে।
৭ মাৰ্চ তাৰিখে গুৱাহাটী ৰে’লৱে ষ্টেচনত প্ৰায় ১০,০০০ টকা মূল্যৰ এটা চুৰি হোৱা মোবাইল ফোনৰ সৈতে দুজন ব্যক্তিক আটক কৰা হয় আৰু ব্যক্তিকেইজনক বিহিত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে জিআৰপি/গুৱাহাটীৰ হাতত অৰ্পন কৰা হয়। ইয়াৰ পিছত ১৩ আৰু ১৫ মাৰ্চত লামডিং ৰে’লৱে ষ্টেচনত ক্ৰমে ৫,০০০ আৰু ৬,০০০ টকা মূল্যৰ দুটা চুৰি হোৱা মোবাইল ফোনৰ সৈতে দুজন অপৰাধীক আটক কৰা হয় আৰু তেওঁলোকক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিআৰপি/লামডিঙৰ হাতত অৰ্পন কৰা হয়।
তদুপৰি ১৪ মাৰ্চ তাৰিখে গুৱাহাটী ৰে’লৱে ষ্টেচনত প্ৰায় ১৫,০০০ টকা মূল্যৰ এটা চুৰি হোৱা মোবাইল ফোনৰ সৈতে এজন ব্যক্তিক আটক কৰা হয় লগতে ব্যক্তিজনক জিআৰপি/গুৱাহাটীৰ হাতত অৰ্পন কৰা হয়। উপৰোক্ত সকলো ঘটনাৰ ক্ষেত্ৰত প্ৰযোজ্য আইনৰ ধাৰাসমূহৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অপৰাধ প্ৰতিৰোধৰ উপৰিও ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে বিপদাপন্ন যাত্ৰীসকলক তৎকালীনভাৱে চিকিৎসা সাহায্য প্ৰদান কৰি আহিছে। ৯ মাৰ্চ তাৰিখে নিউ জলপাইগুড়ী ৰে’লৱে ষ্টেচনত এজন যাত্ৰীক অসুস্থ অৱস্থাত পোৱা যায় যিজন খোজ কাঢ়িব নোৱাৰা অৱস্থাত আছিল লগে লগে তেওঁক শিলিগুড়ীৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হয়।
ইয়াৰ পিছত ১৪ মাৰ্চ তাৰিখে নিউ জলপাইগুড়ীৰ য়াৰ্ড এলেকাত অজ্ঞাত এজন ব্যক্তিক অসুস্থ/আঘাতপ্ৰাপ্ত অৱস্থাত পোৱা যায় আৰু লগে লগে তেওঁক উদ্ধাৰ কৰি শিলিগুড়ীৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। একেদিনাই ৰে’ল নং ১৫৯৬১ আপত শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি থকা আন এজন যাত্ৰীক তৎকালীন সহায়তা প্ৰদান কৰি নিউ জলপাইগুড়ীৰ ৰে’লৱে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
তদুপৰি ১৭ মাৰ্চ তাৰিখে নিউ জলপাইগুড়ী ৰে’লৱে ষ্টেচনত অৰ্ধচেতন অৱস্থাত থকা এগৰাকী অজ্ঞাত মহিলা যাত্ৰীক উদ্ধাৰ কৰি প্ৰয়োজনীয় চিকিৎসাৰ বাবে ৰেলৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱে যাত্ৰীৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰাৰ প্ৰতি ইয়াৰ দায়বদ্ধতাক পুনৰবাৰ প্ৰতিফলিত কৰিছে। ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’লৱে সম্পত্তিৰ সুৰক্ষাৰ লগতে প্ৰয়োজন অনুসৰি সময়মতে মানৱীয় সহায়তা প্ৰদান কৰি সতৰ্ক আৰু সক্ৰিয়ভাৱে সেৱা আগবঢ়াই গৈছে।
