নিউজ ডেস্ক, ১১ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) যাত্ৰীসকলৰ নিৰাপত্তা আৰু ৰে’লৱে সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ অৰ্থে ইয়াৰ সমগ্ৰ ৰে’লৱে ষ্টেচন আৰু ৰে’লসমূহত নিৰাপত্তা ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে। শেহতীয়া যাত্ৰী নিৰাপত্তাজনিত কাৰণত সকলো ৰে’লৱে সুৰক্ষা বাহিনী ইউনিটলৈ সতৰ্কতা জাৰি কৰা হৈছে আৰু সংমণ্ডলটোৰ সংবেদনশীল আৰু অসুৰক্ষিত স্থানসমূহত অতিৰিক্ত ৰে’লৱে সুৰক্ষা বাহিনীৰ কৰ্মী নিয়োগ কৰা হৈছে।
সুৰক্ষা কাৰ্যত সহায় কৰিবলৈ ডগ স্কোৱাড মোতায়েন কৰা হৈছে আৰু ষ্টেচন, ৰে’লৱে পৰিসৰ আৰু ৰে’লসমূহত কুটাঘাতমূলক কাৰ্যকলাপ বিৰোধী নিৰীক্ষণ তীব্ৰতৰ কৰি তোলা হৈছে। চিচিটিভি নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে নিৰীক্ষণ শক্তিশালী কৰা হৈছে, য’ত ষ্টেচন পৰিসৰ আৰু প্লেটফৰ্মৰ চৌবিশ ঘণ্টাই নিৰীক্ষণ চলাই থকা হৈছে। ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে যিকোনো সন্দেহজনক গতিবিধি অথবা গৰাকীবিহীন সামগ্ৰীৰ চিনাক্তকৰণ আৰু প্ৰতিৰোধৰ বাবে কঠোৰ সতৰ্কতা জাৰি ৰাখিছে।
ৰে’লৱে সুৰক্ষা বাহিনীয়ে চৰকাৰী ৰে’লৱে আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় সাধন কৰি তথ্যৰ নিৰৱচ্ছিন্ন তথ্য বিনিময় আৰু প্ৰয়োজন সাপেক্ষে ফলপ্ৰসূ যুটীয়া অভিযান নিশ্চিত কৰিছে।
যাত্ৰীসকলক নিৰাপত্তা তালাচীৰ সময়ত ৰে’লৱে কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰিবলৈ আৰু যিকোনো সন্দেহজনক বস্তু বা গতিবিধিৰ বিষয়ে তৎক্ষণাৎ নিকটৱৰ্তী ৰে’লৱে সুৰক্ষা বাহিনী বা ৰে’লৱে কৰ্মীক জনাবলৈ অনুৰোধ জনোৱা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ নেটৱৰ্কৰ ভিতৰত ভ্ৰমণ কৰা সকলো যাত্ৰীৰ সুৰক্ষা আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ।
