নিউজ ডেস্ক, ২০ ডিচেম্বৰ, ২০২৪ : ২০২৫ বৰ্ষৰ মহা কুম্ভ মেলাৰ (Maha Kumbh Mela) সময়ত তীৰ্থযাত্ৰীসকলৰ প্ৰত্যাশিত অধিক ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ, উত্তৰ পূব সীমান্ত ৰে’লৱেই কামাখ্যাৰ লগতে নাহৰলগুন ষ্টেচনৰ পৰা দুযোৰ বিশেষ ৰে’ল টুণ্ডলা ষ্টেচনলৈ চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ ৰে’লসমূহে উভয় দিশত চাৰিটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব। এই শীতকালৰ সময়ত এই ৰে’লখনে অনাগত বছৰৰ মহা কুম্ভত যাবলৈ ইচ্ছুক ভক্ত আৰু দৰ্শনাৰ্থীসকলক আৰামেৰে ভ্ৰমণ কৰাৰ বাবে সুবিধা প্ৰদান কৰিব।

বিশেষ ৰে’ল নং ০৫৬১১ (কামাখ্যা-টুণ্ডলা) ৯ আৰু ২৫ জানুৱাৰী, ২০২৫ তাৰিখে আৰু ৮ আৰু ২২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ৫:৩০ বজাত কামাখ্যাৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ১৯:২০ বজাত টুণ্ডলাত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল ০৫৬১২ (টুণ্ডলা-কামাখ্যা) ১১ আৰু ২৭ জানুৱাৰী, ২০২৫ তাৰিখে আৰু ১০ আৰু ২৪ ফেব্ৰুৱাৰী, ২০২৫  তাৰিখে ৩:০০ বজাত টুণ্ডলাৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ১৭:৪৫ বজাত কামাখ্যাত গৈ উপস্থিত হ’ব। উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, কিষাণগঞ্জ, মালদা টাউন, ভাগলপুৰ, পাটনা, প্ৰয়াগৰাজ আদি ৰেল ষ্টেচন হৈ চলাচল কৰিব।

একেদৰে, বিশেষ ৰে’ল নং ০৫৮১১ (নাহৰলগুন-টুণ্ডলা) ৯ আৰু ২৫ জানুৱাৰী, ২০২৫ তাৰিখে আৰু ৮ আৰু ২২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে নাহৰলগুনৰ পৰা ১৪:৩০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ৬:৩০ বজাত টুণ্ডলাত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং. ০৫৮১২ (টুণ্ডলা-নাহৰলগুন) ১১ আৰু ২৭ জানুৱাৰী, ২০২৫ তাৰিখে আৰু ১০ আৰু ২৪ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ১১:২০ বজাত টুণ্ডলাৰ পৰা প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ৫:৫০ বজাত কামাখ্যাত গৈ উপস্থিত হ’ব। উভয় দিশৰ যাত্ৰাৰ সময়ত বিশেষ ৰে’লখন ৰঙাপাৰা নৰ্থ, ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, কাটিহাৰ, বাৰাউনি, দানাপুৰ, প্ৰয়াগৰাজ আদি ৰে’ল ষ্টেচন হৈ চলাচল কৰিব।

বিশেষ ৰে’লসমূহত যাত্ৰীসকলৰ সুবিধাৰ বাবে ক্ৰমান্বয়ে ২২ আৰু ২১ টা ডবা থাকিব, যাৰ ভিতৰত আছে এচি শ্ৰেণী, শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ বহা আসনৰ ডবা থাকিব। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এই পদক্ষেপে মহা কুম্ভ মেলা ভ্ৰমণৰ পৰিকল্পনা কৰা যাত্ৰীসকলক সকাহ প্ৰদান কৰিব। বিশেষ ৰে’লসমূহে বিভিন্ন স্থানৰ পৰা তীৰ্থযাত্ৰীসকলক তেওঁলোকৰ নিজ নিজ গন্তব্যস্থানলৈ উভতনি যাত্ৰাতো সহায় কৰিব।