নিউজ ডেস্ক, ১ জুন, ২০২৫ : ৰে’লযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল (Special Rail) সেৱাৰ চলাচলৰ সময়সীমা সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, অৰ্থাৎ ৰে’ল নং. ০৭৩২৫/০৭৩২৬ (এছএছএছ হুব্বালি জংচন-কাটিহাৰ-এছএছএছ হুব্বালি জংচন) আৰু ৰে’ল নং. ০৬৫৫৯/০৬৫৬০ (এছএমভিটি বেঙ্গালুৰু-নাৰেংঙ্গী-এছএমভিটি বেঙ্গালুৰু) উভয় দিশত যথাক্ৰমে ৪ টা আৰু ৫ টাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব।
এই ৰে’লসমূহ বিদ্যমান সময়সূচী, গঠন আৰু ষ্টপেজৰ সৈতে চলাচল কৰিব। ৰে’ল নং ০৭৩২৫ (এছএছএছ হুব্বাল্লি জংচন-কাটিহাৰ) গ্ৰীষ্মকালীন বিশেষ ২৮ মে’, ২০২৫ তাৰিখৰ পৰা ১৮ জুন ২০২৫ তাৰিখ পৰ্যন্ত প্ৰতি বুধবাৰে ১৫:১৫ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ১৪:০০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৭৩২৬ (কাটিহাৰ-এছএছএছ হুব্বাল্লি জংচন) গ্ৰীষ্মকালীন বিশেষ ৩১ মে’ ২০২৫ তাৰিখৰ পৰা ২১ জুন ২০২৫ তাৰিখ পৰ্যন্ত প্ৰতি শনিবাৰে ১৪:৩০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ১০:৫০ বজাত এছএছএছ হুব্বালিত গৈ উপস্থিত হ’ব।
ৰে’ল নং. ০৬৫৫৯ (এছএমভিটি বেঙ্গালুৰু-নাৰেঙ্গী) গ্ৰীষ্মকালীন বিশেষ ২৭ মে’ ২০২৫ তাৰিখৰ পৰা ২৪ জুন ২০২৫ তাৰিখ পৰ্যন্ত প্ৰতি মঙলবাৰে ২৩:৪০ বজাত এছএমভিটি বেঙ্গালুৰুৰ পৰা প্ৰস্থান কৰি যাত্ৰাৰ চাৰিদিন পিছত ৫:০০ বজাত গন্তব্যস্থান নাৰেঙ্গীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৬৫৬০ (নাৰেঙ্গী-এছএমভিটি বেঙ্গালুৰু) গ্ৰীষ্মকালীন বিশেষ ৩১ মে’ ২০২৫ তাৰিখৰ পৰা ২৮ জুন ২০২৫ তাৰিখ পৰ্যন্ত প্ৰতি শনিবাৰে ৫:৩০ বজাত নাৰেঙ্গীৰ পৰা প্ৰস্থান কৰি যাত্ৰাৰ তিনিদিন পিছত ০৯:৪৫ বজাত গন্তব্য স্থান এছএমভিটি বেঙ্গালুৰুত গৈ উপস্থিত হ’ব।
এই ৰে’লসমূহৰ চলাচলৰ পথ, ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত বিৱৰণ অৱলোকন কৰিবলৈ ৰে’ল বিভাগৰ ফলৰ পৰা অনুৰোধ জনোৱা হৈছে।