নিউজ ডেস্ক, ১০ আগষ্ট, ২০২৫ : ২০২৫ চনৰ স্বাধীনতা দিৱস উদযাপন উপলক্ষে, ভাৰতীয় ৰে’লৱেৰ (Indian Railway) ৰাষ্ট্ৰজোৰা স্বচ্ছতা অভিযানৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ সমগ্ৰ মণ্ডল, ৱৰ্কশ্বপ আৰু প্ৰতিষ্ঠানত ধাৰাবাহিকভাৱে স্বচ্ছতা অভিযান আৰু সজাগতাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই অভিযানটো ১ আগষ্টৰ পৰা আৰম্ভ হৈ ৩১ অক্টোবৰ ২০২৫ লৈ চলিব, যাৰ মূল উদ্দেশ্য হৈছে , অধিক স্বচ্ছ আৰু সেউজ পৰিৱেশ গঢ়ি তোলাৰ বাবে সচেতনতা আৰু জনসাধাৰণৰ অংশগ্ৰহণক অধিক উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা।
এই অভিযানৰ শুভাৰম্ভ চিহ্নিত কৰিবলৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে নেটৱৰ্কৰ বিভিন্ন স্থানত সকলো বিভাগৰ ৰে’লৱে বিষয়াবৰ্গ, কৰ্মচাৰী আৰু স্বেচ্ছাসেৱকসকলে স্বচ্ছতাৰ শপত গ্ৰহণ কৰে। এই উপলক্ষে বিশেষকৈ তিনিচুকীয়া মণ্ডলত এক উল্লেখযোগ্য কাৰ্যসূচী অনুষ্ঠিত হয়, য’ত ‘প্ৰভাত ফেৰী’ৰ আয়োজন কৰা হয় আৰু তাৰ পিছত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰত স্কাউটছ এণ্ড গাইডছে এই উদ্যোগত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত “নুক্কড় নাটক” আৰু ষ্টেচন পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান অনুষ্ঠিত কৰি জনসাধাৰণক স্বচ্ছতাৰ বাৰ্তা প্ৰেৰণ কৰা হয়।
গুৱাহাটী ৰে’লৱে ষ্টেচনতো এক বিশেষ স্বচ্ছতা আৰু সজাগতা অভিযান আৰম্ভ কৰা হয়। এই অভিযানৰ অংশ হিচাপে যাত্ৰীসকলৰ মাজত “প্লাষ্টিক প্ৰদূষণক অস্বীকাৰ কৰক” শীৰ্ষক প্ৰচাৰপত্ৰ যাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয়, যাতে একক-ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰ কৰিবলৈ উৎসাহিত কৰা যায়। স্বচ্ছতা অভিযানৰ অধীনত ৰে’লৱে ট্ৰেকৰ, বিশেষকৈ প্লেটফৰ্মৰ বাহিৰৰ অঞ্চলসমূহত এক বিস্তৃত পৰিচ্ছন্নতা অভিযান চলোৱা হয়। সঠিকভাৱে আৱৰ্জনা নিৰ্মূলৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে “ডাষ্টবিন ব্যৱহাৰ কৰক” শীৰ্ষক এক কেন্দ্ৰীভূত অভিযান চলোৱা হয় যাৰ জৰিয়তে জনসাধাৰণৰ বাবে ঘোষণা পত্ৰ, আৱৰ্জনা নিক্ষেপ নিষিদ্ধকৰণৰ চিহ্ন আৰু কাউন্সেলিং বৈঠকৰ জৰিয়তে সচেতনতা বৃদ্ধি কৰা হয়।
ইয়াৰ উপৰিও, এই স্বচ্ছতাৰ পদক্ষেপে কেৱল ষ্টেচন পৰিসৰৰ ভিতৰতেই সীমাবদ্ধ নাথাকি ৰে’লৱে কলনীসমূহলৈকে বিস্তাৰিত কৰা হয়, য’ত ৰে’লৱে পৰিয়ালসমূহৰ মাজত নাগৰিকৰ দায়িত্ববোধ জাগ্ৰত কৰাৰ উদ্দেশ্যে সামুহিক নেতৃত্বত শ্ৰমদান কাৰ্যসূচী আয়োজন কৰা হয়। এই অভিযানটোৰ অংশস্বৰূপে গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত স্বচ্ছতাৰ বিষয়ভিত্তিক ছেলফি বুথ স্থাপন, তথ্যসমৃদ্ধ প্ৰচাৰপত্ৰ বিতৰণ আৰু প্লেটফৰ্ম, ফুটব্ৰীজ আৰু প্ৰতীক্ষালয়ত আৱৰ্জনা নিক্ষেপ নিষিদ্ধকৰণৰ পোষ্টাৰ প্ৰদৰ্শন কৰা হয়। ষ্টেচন আৰু ৰে’লসমূহত নিয়মীয়া ঘোষণাৰ জৰিয়তে যাত্ৰীসকলক স্বাস্থ্যসন্মত নীতি-নিয়ম গ্ৰহণ কৰিবলৈ আৰু বায়’টয়লেটৰ সঠিক ব্যৱহাৰৰ বাবে উৎসাহিত কৰা হৈছে।
অভিযানৰ অগ্ৰগতিৰ লগে লগে, উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই এক স্বচ্ছ আৰু আৰোগ্যদায়ক ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেৰ দৃষ্টিভংগীক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিত দৃঢ় প্ৰতিজ্ঞ। স্বচ্ছতা অভিযানৰ প্ৰচাৰ আৰু জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ আনুষ্ঠানিক ছ’চিয়েল মিডিয়া হেণ্ডেলসমূহৰ জৰিয়তে বিভিন্ন মণ্ডল আৰু ষ্টেচনত চলি থকা কাম-কাজসমূহ প্ৰচাৰ কৰা হয়। ইয়াৰ জৰিয়তে, ৰে’ল ব্যৱহাৰকাৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰি ৰে’লৱে নেটৱৰ্কত স্বচ্ছতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ উৎসাহিত কৰা হৈছে।