নিউজ ডেস্ক, ৬ এপ্ৰিল, ২০২৬ : ২০২৫-২৬ বিত্তীয় বৰ্ষত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) যান্ত্ৰিক বিভাগে সুৰক্ষা, আধুনিকীকৰণ আৰু ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি উল্লেখযোগ্য সাফল্য প্ৰদৰ্শন কৰিছে। কাৰ্যকৰীভাৱে, উত্তৰ পূৱ সীমান্ত ৰে’লৱেই ইয়াৰ তত্বাৱধান ক্ষমতা শক্তিশালীকৰণ, ৰে’ল সেৱা সম্প্ৰসাৰণ আৰু ডবাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে সামগ্ৰিক দক্ষতা বৃদ্ধি, সুৰক্ষিত, অধিক নিৰ্ভৰযোগ্য আৰু যাত্ৰী-কেন্দ্ৰিক ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰিছে। অনবৰ্ড সুৰক্ষা ব্যৱস্থাৰ উন্নতিয়ে অগ্নি সুৰক্ষাৰ মানদণ্ড যথেষ্ট উন্নত কৰিছে, আনহাতে ৰক্ষণাবেক্ষণ প্ৰণালী আৰু আন্তঃগাঁথনিৰ অগ্ৰগতিয়ে অধিক নিৰ্ভৰযোগ্যতা আৰু উন্নত মানৰ সেৱা প্ৰদানত অৰিহণা যোগাইছে।
বিশেষ সম্পদসমূহৰ মেৰামতি আৰু কোচিং ষ্টকৰ আধুনিকীকৰণৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপে কাৰ্যকৰী প্ৰস্তুতি, যাত্ৰীৰ আৰাম আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অধিক উন্নত কৰিছে; যিয়ে নিৰাপদ, দক্ষ আৰু গ্ৰাহক-কেন্দ্ৰিক ৰে’ল সেৱাৰ প্ৰতি উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰবাৰ প্ৰতিফলিত কৰিছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱেই পৰিচালনগত সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ ৰক্ষণাবেক্ষণৰ কাম কামাখ্যা কোচিং ডিপোত আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰিও, সংমণ্ডলটোত আঠখন অমৃত ভাৰত ৰে’লৰ ৰক্ষণাবেক্ষণ আৰম্ভ হৈছে। আন্তঃগাঁথনি বৃদ্ধিত নিউ বঙাইগাঁও আৰু নিউ গুৱাহাটীত দুটা নতুন স্বয়ংচালিত দুৰ্ঘটনা সাহায্য চিকিৎসা সঁজুলি (এছ পি এ আৰ এম ই) মুকলি কৰা হৈছে। বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ, ২১ খন ৰে’লত ২২ টা ডবা বৃদ্ধি কৰা হয়।
ৰঙিয়া মণ্ডলত ইলেক্ট্ৰনিক ইন-মোচন ৱেইজ ব্ৰীজ (ইআইএমডব্লিউবি)ত ওজনৰ সঠিকতা বৃদ্ধি কৰাৰ বাবে এটা টেষ্ট ৰেকো স্থাপন কৰা হৈছে, যিয়ে পৰিচালনগত দক্ষতা আৰু অধিক শক্তিশালী কৰিব। ডবাসমূহৰ বৈদ্যুতিক পেনেলত ৩৪১৬ টা এৰোচ’ল-আধাৰিত অগ্নি নিৰ্বাপন প্ৰণালী স্থাপন কৰা হৈছে যিয়ে এক গুৰুত্বপূৰ্ণ সুৰক্ষাৰ পথ প্ৰশস্ত কৰিব, আনহাতে সকলো পেণ্ট্ৰি আৰু পাৱাৰ কাৰত মেনুৱেল ফায়াৰ ডিটেকচন এণ্ড ছাপ্ৰেচন চিষ্টেম সফলতাৰে স্বয়ংক্ৰিয় প্ৰণালীলৈ উন্নীত কৰা হৈছে, যিয়ে অনবোৰ্ড সুৰক্ষাৰ মানদণ্ড যথেষ্ট উন্নত কৰিব। ২০২৫ চনৰ নৱেম্বৰ মাহত নিউ বঙাইগাঁও কাৰখানাত টাৱাৰ কাৰৰ প্ৰথমটো পিঅ’এইচ সফলতাৰে সম্পূৰ্ণ কৰি এক ঐতিহাসিক সাফল্য চিহ্নিত কৰিছে।
ৰক্ষণাবেক্ষণৰ ক্ষমতা অধিক শক্তিশালী কৰি, নিউ বঙাইগাঁও কাৰখানাত এল.এইচ.বি কোচসমূহৰ ‘মিড-লাইফ ৰিহেবিলিটেচন’ আৰম্ভ কৰা হৈছে আৰু প্ৰথমটো উন্নত মানৰ কোচ ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত ওলোৱাৰ সম্ভাৱনা আছে। ৪৯ টা ৰাজধানী এক্সপ্ৰেছ ডবাৰ নৱীকৰণৰ জৰিয়তে যাত্ৰী সা-সুবিধা বৃদ্ধি কৰাৰ লগতে অৱধ অসম এক্সপ্ৰেছৰ সাতখন ৰেক ডিব্ৰুগড় কাৰখানাত স্বাস্থ্যসন্মত আৰু আৰামদায়ক মান উন্নত কৰাৰ বাবে নৱীকৰণ কৰা হৈছে। এই সাফল্যসমূহে উদ্ভাৱন, সুৰক্ষা আৰু উন্নত যাত্ৰী অভিজ্ঞতাৰ প্ৰতি উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ নিৰন্তৰ সেৱাক প্ৰতিফলিত কৰিছে যিয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষটোক এক উল্লেখনীয় প্ৰগতিৰ বৰ্ষ হিচাপে চিহ্নিত কৰিছে।
