নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২৬ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত সময়সূচীৰ সৈতে দুখন ৰে’লৰ গতিবেগ (Rail Speed) বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে’ল নং ১৫৬৫৮ (কামাখ্যা-দিল্লী) ব্ৰহ্মপুত্ৰ মেইলৰ গতিবেগ বৃদ্ধি কৰি এক ঘণ্টা ত্বৰান্বিত কৰা হ’ব। আনহাতে ৰে’ল নং ১৫৮১৫ (গুৱাহাটী-ডেকাৰগাঁও) ইণ্টাৰচিটি এক্সপ্ৰেছৰ দহ মিনিটৰ বাবে সময়সূচীৰ সংশোধন কৰা হৈছে।
গতিবেগ আৰু যাত্ৰীৰ সুবিধা বৃদ্ধি কৰাৰ অৰ্থে উন্নত সময়সূচী যাত্ৰা পথৰ ষ্টপেজত স্থায়ীভাৱে কাৰ্যকৰী কৰা হ’ব। সেই অনুসৰি, ৰে’ল নং. ১৫৬৫৮ (কামাখ্যা-দিল্লী) ব্ৰহ্মপুত্ৰ মেইল কামাখ্যা ষ্টেচনৰ পৰা ১৬:৫৫ বজাত প্ৰস্থান কৰিব। ৰে’লখন ১৭:৩০ বজাত ৰঙিয়া জংচনত আহি উপস্থিত হ’ব আৰু ১৭:৩৫ বজাত প্ৰস্থান কৰিব। একেদৰে, ৰে’লখন ১৯:২৫ বজাত নিউ বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ১৯:৩০ বজাত প্ৰস্থান কৰিব; ২১:১৫ বজাত নতুন আলিপুৰদুৱাৰ ষ্টেচনত আহি উপস্থিত হ’ব আৰু ২১:২০ বজাত প্ৰস্থান কৰিব; ০০:০৫ বজাত নিউ জলপাইগুড়ী ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০০:১৫ বজাত প্ৰস্থান কৰিব; ০৪:২৫ বজাত মালদা টাউনত গৈ উপস্থিত হ’ব আৰু ০৪:৩৫ বজাত প্ৰস্থান কৰিব; ভাগলপুৰত ০৮:১৬ বজাত গৈ উপস্থিত হ’ব আৰু ০৮:২৬ বজাত প্ৰস্থান কৰিব; অভইপুৰত ০৯:৫৬ বজাত আহি উপস্থিত হ’ব আৰু ০৯:৫৮ বজাত প্ৰস্থান কৰি ইয়াৰ অন্তিম গন্তব্য স্থান দিল্লীত গৈ উপস্থিত হ’ব।
ৰে’লখনৰ সময়সূচী ইয়াৰ নিৰ্ধাৰিত সকলো ষ্টপেজত সংশোধন কৰা হৈছে। তদুপৰি ৰে’ল নং. ১৫৮১৫ (গুৱাহাটী-ডেকাৰগাঁও) ইন্টাৰচিটি এক্সপ্ৰেছ গুৱাহাটী ষ্টেচনৰ পৰা ১৬:৫৫ বজাত সংশোধিত সময়সূচীৰ সৈতে চলিব। এই ৰে’লখন ১৭:১০ বজাত কামাখ্যা ষ্টেচনত গৈ উপস্থিত হব আৰু ১৭:১০ বজাত প্ৰস্থান কৰিব। আন্তঃগাঁথনিৰ অবিৰত উন্নতকৰণৰ লগতে, উত্তৰ-পূব সীমান্ত ৰে’লৱে ৰে’ল পৰিচালনৰ গতিবেগ আৰু কাৰ্যদক্ষতা যথেষ্ট উন্নততৰ কৰি তুলিছে। ফলস্বৰূপে, ৰে’লসমূহ এতিয়া দ্ৰুতগতিত চলাচল কৰি থকাৰ লগতে, যাত্ৰীসকলক এক সুগম আৰু অধিক আৰামদায়কৰ লগতে সুৰক্ষিত ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিছে।
এই উন্নতকৰণসমূহে কেৱল ভ্ৰমণৰ সময় হ্ৰাস কৰাই নহয়, আনহাতে সময়ানুৱৰ্তীতা উন্নত কৰি যাত্ৰীসকলৰ বাবে আৰু অধিক নিৰ্ভৰযোগ্য আৰু সুবিধাজনক যাত্ৰা নিশ্চিত কৰিছে। আশা কৰা হৈছে যে নতুন সময়সূচীসমূহে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ উন্নীত ৰে’ল পৰিচালনৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি আশা কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰে’ল অনুসন্ধান প্ৰণালীত (এনটিইএছ) প্ৰকৃত সময়ৰ ভিত্তিত ৰে’ল চলাচলৰ অৱস্থান আৰু সময়সূচীৰ বিৱৰণ নিৰীক্ষণ কৰিবলৈ অনুৰোধ কৰা হৈছে।