নিউজ ডেস্ক, ২৮ জুন, ২০২৫ : প্ৰতি বছৰে ২৬ জুন তাৰিখে পালন কৰা মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস উপলক্ষে ভাৰতীয় ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) ৰে’লৱে নেটৱৰ্কৰ জৰিয়তে মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বৃদ্ধিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ বাবে ইয়াৰ দৃঢ় সংকল্পক পুনঃব্যক্ত কৰিছে। এই মাৰাত্মক মাদক দ্ৰব্যৰ ধ্বংসাত্মক হাঁতোৰাৰ পৰা ৰাষ্ট্ৰ আৰু ইয়াৰ যুৱক-যুৱতীসকলক সুৰক্ষা দিয়াৰ লক্ষ্যৰে ৰে’লৱে সুৰক্ষা বাহিনীয়ে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহৰ পৰা দেশৰ ৰে’লৱে প্ৰণালীৰ অপব্যৱহাৰৰ ৰোধ কৰাৰ দিশত এক কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে।
মাদক দ্ৰব্যৰ অপব্যৱহাৰ বিশ্বজুৰি এক সংকটৰূপে বিশালতা বাঢ়ি গৈ আছে। ৰাষ্ট্ৰসংঘ কাৰ্যালয়ৰ মাদক দ্ৰব্য আৰু অপৰাধ শাখাৰ (ইউএনঅ’ডিচি) মতে ২০২১ বৰ্ষত আনুমাণিক ২৯৬ নিযুত ব্যক্তিয়ে মাদক ব্যৱহাৰ কৰিছে যাৰ দ্বাৰা বিগত দশকটোত ইয়াৰ ২৩ শতাংশ বৃদ্ধি প্ৰতিফলিত কৰে। ভাৰতীয় ৰে’লৱেৰ বিশালতা আৰু সুগমতাৰ বাবে অবৈধ সৰবৰাহকাৰী সকলে বিভিন্ন ৰাজ্যৰ মাজেৰে মাদক দ্ৰব্যৰ সামগ্ৰীসমূহ প্ৰায়েই সৰবৰাহ কৰাৰ বাবে সুযোগ লাভ কৰি আহিছে। চোৰাংকাৰবাৰীসকলে প্ৰায়েই অসংৰক্ষিত কম্পাৰ্টমেন্ট শ্লীপাৰ ডবা, পাৰ্চেল ভেন আৰু আনকি ৰে’লযাত্ৰীসকলকো মানৱ পৰিবহনকাৰীৰূপে ব্যৱহাৰ কৰি আহিছে। ই এনফোৰ্চমেন্ট এজেন্সীসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰূপে থিয় দিছে।
আনহাতে, ভাৰতীয় ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে সজাগ আৰু সক্ৰিয় হৈ এনেধৰণৰ বাঢ়ি অহা আংশকাৰ বিৰূদ্ধে প্ৰত্যাহ্বানৰূপে নিজকে ব্যৱহাৰ কৰি আহিছে। “অপাৰেশন নাৰক’ছ”ৰ ৰাষ্ট্ৰব্যাপী পদক্ষেপৰ অধীনত, তাৎপৰ্যপূৰ্ণভাৱে ৰে’লৱে সুৰক্ষা বাহিনীয়ে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে ইয়াৰ তৎপৰতা ব্যাপক কৰি তুলিছে। ২০২৪ বৰ্ষৰ সময়ছোৱাত, ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২২০ কোটি টকাৰো অধিক মূল্যৰ অভিলেখ ভংগকাৰী মাদক দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় আৰু ১৩৮৮ জন অবৈধ সৰবৰাহকাৰীক আটক কৰে। চলিত ২০২৫ বৰ্ষৰ মাত্ৰ চাৰিমাহৰ সময়ছোৱাতে ইতিমধ্যে ৬৮ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্যৰ জব্দ কৰাটো প্ৰত্যক্ষ কৰিছে, যাৰ দ্বাৰা চোৰাংচোৱাৰ দ্বাৰা পৰিচালিত আৰু এনফোৰ্চমেন্টৰ সমন্বিত প্ৰয়াসৰ পৰিণামস্বৰূপে অবিৰতভাৱে প্ৰাপ্ত কৰা সফলতাকে প্ৰতিফলিত কৰিছে।
ভাৰতীয় ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ অৰ্থে ভিন্ন স্তৰীয় কৌশল অৱলম্বন কৰিছে। ৰে’ল, প্লেটফৰ্ম আৰু পাৰ্চেল কাৰ্যালয়সমূহত নিয়মিত আৰু আকস্মিক অনুসন্ধান চলাই থকা হৈছে। বিশেষ নিৰীক্ষণ টীম, স্নাইফাৰ ডগ স্কোৱাড আৰু গুপ্ত অভিযানৰ বিষয়াবৰ্গক অতি সংকটপূৰ্ণ স্থানসমূহত নিয়োজিত কৰা হৈছে। ৰে’লৱে সুৰক্ষা বাহিনীয়ে নাৰ্ক’টিক্স কণ্ট্ৰোল বুৰো (এনচিবি), চৰকাৰী ৰে’লৱে আৰক্ষী (জিআৰপি), ৰাজ্যৰ পুলিচ বিভাগ আৰু অন্যান্য এনফোৰ্চমেন্ট এজেন্সীসমূহৰ সৈতে যুটীয়া অভিযান আৰু চোৰাংচোৱাৰ তথ্য আদান প্ৰদানৰ বাবে অতি ঘনিষ্ঠভাৱে সহযোগিতা কৰি আহিছে। আধুনিক সা-সৰঞ্জাম যেনে চিচিটিভি নিৰীক্ষণ, হস্তচালিত স্কেনাৰ আৰু শৰীৰত পৰিধান কৰা কেমেৰাসমূহ ফলপ্ৰসূ নিৰীক্ষণৰ বাবে অতি ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰেলযাত্ৰী আৰু ৰে’লৱে কৰ্মচাৰীসকলৰ বাবে সজাগতা অভিযানৰো আয়োজন কৰি তেওঁলোকক মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ ভয়বহতাৰ বিষয়ে প্ৰশিক্ষিত কৰি অহাৰ লগতে এনেধৰণৰ সন্দেহজনক গতিবিধিৰ তথ্য প্ৰদান কৰিবলৈ সাধাৰণ ৰাইজৰ সহযোগিতাক উৎসাহিত কৰি আহিছে।
ভাৰতীয় ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে অবিৰত প্রয়াসৰ পৰিণামস্বৰূপে ৰে’লৱে নেটৱৰ্কৰ সমগ্ৰতে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ তাৎপৰ্যপূৰ্ণভাৱে হ্ৰাস কৰিবলৈ সক্ষম হৈছে যাৰদ্বাৰা লাখ লাখ ৰে’লযাত্ৰীৰ বাবে এক সুৰক্ষিত ৰে’লভ্ৰমণৰ পৰিৱেশ নিশ্চিত কৰিব পৰা গৈছে, কিন্তু কেৱল এনফোৰ্চমেন্টেই যথেষ্ট নহয়-ৰাইজৰ সজাগতা, সতৰ্কতা আৰু সক্ৰিয় অংশগ্ৰহণো এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। ৰে’লৱে সুৰক্ষা বাহিনীয়ে এনেধৰণৰ যিকোনো সন্দেহজনক গতিবিধিৰ বাবে জনাবলৈ নাগৰিকসকলক আহ্বান জনাইছে, যাৰদ্বাৰা মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ যে কেৱল এক বিধিগত সমস্যাই নহয়, বৰঞ্চ সমাজৰ কল্যাণৰ বাবে ই এক গুৰুতৰ বিপদ তাৰেই ওপৰত জোৰ দি আহিছে। ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াতো হৈছে এক যৌথ দায়িত্ব যি তথ্য প্ৰদান আৰু দায়িত্বশীল বিকল্পৰ সৈতে আৰম্ভ হয়।