গুৱাহাটী, ৩০ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) লামডিং মণ্ডলৰ অধীনৰ মালিগাঁও আৰু পাণ্ডু ৰে’লৱে কল’নীসমূহত পাৰিপাৰ্শ্বিক বহনক্ষমতা বৃদ্ধি আৰু বিজ্ঞানসন্মত আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতিৰ প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, এক সমন্বিত আৱৰ্জনা নিষ্কাষণ পদ্ধতিৰ ৰূপায়নৰ বাবে এক বিস্তৃত জৰীপ আৰম্ভ কৰিছে।

এই জৰীপটো গুৱাহাটীস্থ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনোলোজিয়ে (আইআইটিজি) উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সৈতে স্বাক্ষৰিত বুজাবুজি চুক্তি (এমওইউ) অনুসৰি সম্পাদন কৰিছে। এই সহযোগিতাৰ অংশ হিচাপে, আইআইটি গুৱাহাটীয়ে প্ৰস্তাৱিত ব্যৱস্থাটোৰ সম্ভাৱনীয়, ডিজাইন আৰু পৰিকল্পিত কৌশলৰ কাৰ্যকৰীকৰণৰ মূল্যায়নৰ বাবে প্ৰযুক্তিগত পৰামৰ্শ প্ৰদান কৰাৰ লগতে বিস্তৃত ক্ষেত্ৰ সমীক্ষা সম্পন্ন কৰিব।

এই পদক্ষেপে ৰে’লৱে সংস্থাসমূহৰ মাজত এক বুদ্ধিমতাপূৰ্ণ আৰু স্থায়ী আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত এক মানদণ্ড স্থাপন কৰিব বুলি আশা কৰা হৈছে। ক্ষেত্ৰীয় জৰীপ সম্পূৰ্ণ হোৱাৰ পিছত, প্ৰস্তাৱিত পদ্ধতিৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি, আনুমানিক ব্যয়, প্ৰক্ৰিয়াকৰণ পদ্ধতি আৰু সম্পাদনৰ সময়সীমাৰ ৰূপৰেখা আদি বিষয় সন্নিবিষ্ট কৰি এখন বিস্তৃত প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) প্ৰস্তুত কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেলৈ দাখিল কৰা হ’ব। 

প্ৰস্তাৱিত সমন্বিত আৱৰ্জনা নিষ্কাষণ পদ্ধতিয়ে স্বচ্ছ ভাৰত মিছনৰ নিৰ্দেশাৱলী আৰু ৰাষ্ট্ৰীয় আৱৰ্জনা ব্যৱস্থাপনা প্ৰট’কলৰ সৈতে সংগতি ৰাখি উৎসৰ পৰা পৃথকীকৰণ, জৈৱ-পচনশীল আৰু অজৈৱ-পচনশীল আৱৰ্জনাৰ বৈজ্ঞানিক নিষ্কাশন, পচন সাৰ প্ৰস্তুতকৰণ আৰু পুনঃচক্ৰীকৰণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। এই পদক্ষেপৰ লক্ষ্য হৈছে ৰে’ল কল’নীসমূহত বসবাস কৰা কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ বাবে পৰিস্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যবিধি আৰু জীৱন-যাপনৰ মানদণ্ড সামগ্ৰিকভাৱে উন্নত কৰা।

ইয়াৰ উপৰিও ৰে’লৱে পৰিচালনৰ দিশত পাৰিপাৰ্শ্বিক ফুট প্ৰিন্ট হ্ৰাস কৰাত সহায় কৰাৰ লগতে শূন্য-আৱৰ্জনাৰ কল’নী মডেল গঢ়ি তোলাৰ ক্ষেত্ৰত এক আদৰ্শ প্ৰতিষ্ঠা কৰিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেই বহনক্ষম পদ্ধতি, আন্তঃগাঁথনিগত উদ্ভাৱন আৰু কৰ্মচাৰী ও আশে পাশে থকা সামূহিক জীৱনৰ মানদণ্ড উন্নত কৰাৰ দিশত অবিৰতভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।