নিউজ ডেস্ক, ৫ জানুৱাৰী, ২০২৬ : ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহত নিউ বঙাইগাঁও ৱৰ্কশ্বপত উত্তৰ-পূব সীমান্ত ৰে’লৱেই এক উল্লেখযোগ্য আন্তঃগাথনি আৰু পৰিচালনগত সফলতা অৰ্জন কৰে। ই ভাৰতীয় ৰে’লৱেৰ বিস্তৃত সংস্কাৰ আৰু উন্নয়নৰ পদক্ষেপৰ সৈতে সংগতি ৰাখি, আধুনিকীকৰণ, পৰিচালন কাৰ্যদক্ষতা বৃদ্ধি আৰু ৰোলিং ষ্টকৰ ৰক্ষণাবেক্ষণৰ উৎকৃষ্টতাৰ প্ৰতি ৰে’লৱেৰ অবিৰত গুৰুত্বকে পুনৰ দৃঢ়ভাৱে প্ৰতিফলিত কৰিছে।

এই সফলতাত আৰু অধিক সংযোজনেৰে ২০২৪ বৰ্ষত ৰাজভাষাৰ ব্যতিক্ৰমী কাৰ্যকৰীকৰণৰ বাবে ৰে’লৱে ব’ৰ্ডৰ দ্বাৰা নিউ বঙাইগাঁওস্থিত কেৰিয়েজ আৰু ৱাগন কাৰখানাক ৰে’ল মন্ত্ৰালয়ৰ ৰাজভাষা শ্বিল্ড আৰু ১৪,০০০ টকাৰ নগদ পুৰস্কাৰেৰে সন্মানিত কৰা হয়, যিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেলৈ গৌৰৱ কঢ়িয়াই আনিছে। উক্ত মাহটোত, নিউ বঙাইগাঁও ৱৰ্কশ্বপে একত্ৰিত ডেমু ডিপিচি বগীসমূহৰ বাবে এক স্বদেশী পৰীক্ষণ বেঞ্চ বিকশিত কৰিছে। এই পদক্ষেপটোৱে ট্ৰেকচন মটৰসমূহৰ পূৰ্ব-সংস্থাপন পৰীক্ষণ আৰু ত্ৰুটিসমূহ আগতীয়াকৈ চিনাক্ত কৰাটো সম্ভৱ কৰি তুলিছে।

এই পদ্ধতিত বাধ্যতামূলক এঘন্টাৰ পৰিচালন পৰীক্ষণ, কম্পন আৰু বিয়াৰিং তাপমাত্ৰাৰ ৰিয়েল টাইম মণিটৰিং আৰু হাই-একুৰেচি ডায়েল গেজ ব্যৱহাৰ কৰি সঠিক বেকলেশ পৰিমাপৰ অন্তৰ্ভুক্তিৰে, সময় আৰু মানৱশক্তিৰ যথেষ্ট ৰাহি কৰিছে। নিউ বঙাইগাঁও ৱৰ্কশ্বপত ২৫ টা এলএইচবি ডবাৰ বাবে ৰোলিং ষ্টক প্ৰোগ্ৰাম অনুমোদিত হোৱাৰ পিছত মিড-লাইফ ৰিহেবিলিটেচন (এমএলআৰ) কাৰ্য সফলতাৰে আৰম্ভ কৰা হৈছে। ফলপ্ৰসূ পৰিকল্পনা আৰু উপলব্ধ সম্পদৰ অনুকূল ব্যৱহাৰৰ জৰিয়তে, আইচিএফ পিৰিয়ডিক ওভাৰহলিং (পিঅ’এইচ) পৰিচালনসমূহক নিউ লাইট কোচ ৰিপেয়াৰ শ্বপ (এলচিআৰএছ)লৈ স্থানান্তৰণ কৰাৰ পিছত পুৰণি কোচ লিফটিং শ্বপ (চিএলএছ) ব্যৱহাৰ কৰি অন্তৰ্বৰ্তী ব্যৱস্থা গঢ়ি তোলা হয়।

এই সক্ৰিয় পদ্ধতিসমূহে এমএলআৰ কাৰ্যকলাপৰ সুগম প্ৰাৰম্ভ সম্ভৱ কৰিছে। দীৰ্ঘম্যাদী ৰক্ষণাবেক্ষণ আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যে এক সমৰ্পিত এমএলআৰ শ্বেডৰ প্ৰস্তাৱো বৰ্তমানে অগ্ৰগতিৰ পথত আছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে নিউ বঙাইগাঁও ৱৰ্কশ্বপত পুৰণি ৱাগন পেইণ্ট শ্বপৰ পৰা নৱনিৰ্মিত ডেমু শ্বেডলৈ ডেমু ৰেকসমূহৰ সকলো পিঅ’এইচ কামকাজ সফলতাৰে স্থানান্তৰ কৰিছে।

২০২১-২২ ৰ আন্তঃগাঁথনি বিকাশ পদক্ষেপৰ অধীনত পৰিকল্পিত, এই আধুনিক কাভাৰ্ড সুবিধাই পৰিচালন দক্ষতা বৃদ্ধি, কামকাজৰ ধাৰা সুগম কৰি সুৰক্ষা আৰু উৎপাদনশীলতা উন্নত কৰি, ৰোলিং ষ্টক ৰক্ষণাবেক্ষণৰ ক্ষমতা মজবুত কৰিছে। এই সফলতাসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আন্তঃগাঁথনি, উদ্ভাৱন আৰু পৰিচালনগত কাৰ্যদক্ষতাৰ প্ৰতি অবিৰত গুৰুত্বকে প্ৰতিফলিত কৰে আৰু সুৰক্ষিত নিৰ্ভৰযোগ্য ৰেল পৰিচালন অধিক দৃঢ়ভাৱে নিশ্চিত হৈছে।