নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ জুন : দেওবাৰে ঝাৰখণ্ডত মাওবাদীৰ সংঘৰ্ষত ছহিদ হোৱা নীৰজ ছেত্ৰীৰ মৃতদেহ অৱশেষত বিলীন হ’ল পঞ্চভূতত। মঙ্গলবাৰে পুৱা স্বগৃহলৈ নিয়া হয় নীৰজৰ নশ্বৰদেহ। নিশা নীৰজৰ মৃতদেহটো ৰখা হৈছিল বিশ্বনাথ অসামৰিক চিকিৎসালয় । চিকিৎসালয়তে জিলা প্ৰশাসনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

উল্লেখযোগ্য যে দেওবাৰে ঝাৰখণ্ডত মাওবাদীৰ সংঘৰ্ষত ছহিদ হৈছিল নীৰজ। যোৱা ২৮ মে’ত অৰ্থাৎ মঙ্গলবাৰে ঝাৰখণ্ডৰ ছেৰাইকেলাত মাওবাদীৰ বিস্ফোৰণ পাছতেই পুনৰ দেওবাৰে ঝাৰখণ্ডৰ ডুমকাত মাওবাদীয়ে এছ এছ বি আৰু আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলক আক্ৰমণ কৰে।

প্ৰাপ্ত খবৰ অনুসৰি এছএছবি আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলৰ ওপৰত আক্ৰমণ চলায় মাওবাদীয়ে । দেওবাৰে পুৱতি নিশা প্ৰায় ৪ মান বজাত সংঘটিত হৈছিল এই আক্ৰমণ ।