গুৱাহাটী, ১১ আগষ্টঃ নিছান ইণ্ডিয়াই মুকলি কৰিলে নিছান কানেক্ট। নিছান কানেক্ট হৈছে তথ্য আৰু জনসংযোগৰ এক মঞ্চ যিয়ে উন্নত ড্রাইভিং অভিজ্ঞতাৰ বাবে গ্ৰাহকৰ স্মার্টফ’নক সংযুক্ত কৰে। ড্রাইভিঙক অধিক আত্মবিশ্বাসী, দক্ষ আৰু আনন্দময় কৰি তুলিবলৈ নিছনৰ ইণ্টেলিজেণ্ট মবিলিটীৰ উদ্দেশ্যৰ দ্বাৰা অনুপ্রাণিত হৈ আৰম্ভ কৰা নিছান কানেক্টে গাড়ীখনক পৰিৱর্তন কৰে অধিক দায়িত্বশীল সংগীলৈ৷ ই সুৰক্ষাৰ সমান্তৰালভাৱে আত্মবিশ্বাসো প্ৰদান কৰে৷ নিছানৰ বিভিন্ন ৰেঞ্জ- মাইক্রা, ছানী আৰু টেৰেন’ৰ সৈতে নিছান কানেক্টত আছে ৫০+ গাড়ীক সংযুক্ত সুবিধা যি তিনিবছৰৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰাৰ লগতে থাকিব এবছৰৰ বাবে নিছান ৱাৰেণ্ট প্ৰগ্ৰেম৷ নিছান কানেক্ট ডেভেলপ কৰিছে ৰেন’ নিছান টেকন’লজী বিজিনেছ চেণ্টাৰ ইণ্ডিয়া (আৰ এনটিবিচিআই)ই, ই হৈছে ফেক্টৰীতে সংযুক্ত হৈ অহা কাৰ টেকন’লজী সুবিধা য’ত টেলিমেটিকছ কন্ট্র’ল ইউনিটৰ লগতে প্ৰতিখন গাড়ীত হীম সংযুক্ত হৈ থাকে আৰু এটা ডেডিকেটেড ছাৰ্ভাৰাে থাকে। এণ্ডইড, আইঅ’এছ আৰু উইণ্ড’জ প্লেটফর্মত গ্ৰাহকসকলে সংশ্লিষ্ট এপ ষ্ট’ৰলৈ গৈ নিছান কানেক্ট এপ ডাউনলোড কৰিব পাৰিব। তাৰ পিছত তেওঁলোকে নতুন নিছান গাড়ী ক্রয় কৰাৰ সময়ত নিকটতম নিছােন ডিলাৰৰ সৈতে যোগাযোগ কৰিব লাগিব। নির্বাচিত গাড়ীৰ বাবে উপলব্ধ হ’ব নিছান কানেক্ট। নিছান কানেক্ট ব্যৱহাৰকাৰীসকলে নিৰীক্ষণ কৰাৰ সমান্তৰাভালে এপ ছেটিং সালসলনি কৰিব পাৰিব।