গুৱাহাটী, ১৮ ছেপ্টেম্বৰ, ২০২৫ : বৃহস্পতিবাৰে গুৱাহাটীৰ ৰেডিচন ব্লুত (Radisson Blu) অনুষ্ঠিত হৈ যায় উত্তৰ-পূব বেম্বু কনক্লেভ ২০২৫। এই অনুষ্ঠানত দেশৰ লগতে বিদেশৰ নীতি নিৰ্ধাৰক, উদ্যোগী নেতা, উদ্যোগী আৰু উদ্ভাৱকসকল একত্ৰিত হৈ উত্তৰ-পূব ভাৰতৰ বাঁহ উদ্যোগৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰে। উত্তৰ-পূৱ বেত আৰু বাঁহ উন্নয়ন পৰিষদ (এন ই চি বি ডি চি)ৰ উদ্যোগত আৰু উত্তৰ-পূব পৰিষদ (এন ই চি), উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় (এম ডি অ’ এন ই আৰ) আৰু ৰাষ্ট্ৰীয় বাঁহ মিছন (এন বি এম)ৰ সহযোগত অনুষ্ঠিত হয় এই সন্মিলনখন। উল্লেখ্য যে, এই সন্মিলন বহনক্ষম বাঁহভিত্তিক জৈৱ অৰ্থনীতি, বিনিয়োগ, কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ পদক্ষেপ আৰু অৰ্থনৈতিক বিকাশৰ পথত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হয়। সন্মিলনত উদ্ভাৱন সহযোগী হিচাপে চেলকো ফাউণ্ডেচন, উদ্যোগ সহযোগী হিচাপে এফ আই চি চি আই আৰু ৰাজ্যিক সহযোগী হিচাপে অসম ৰাজ্যিক বাঁহ মিছনে সহযোগিতা আগবঢ়ায়।
ইয়াৰোপৰি, এই পদক্ষেপৰ প্ৰতি সমৰ্থন আগবঢ়ায় নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন আৰ এল) আৰু ন’লেজ পাৰ্টনাৰ হিচাপে থাকে নাৰ্চাৰ এণ্ড ফষ্টাৰ। বিশ্ব বাঁহ দিৱস ২০২৫ অনুসৰি আয়োজন কৰা এই সন্মিলনৰ মূল বিষয়বস্তু আছিল বিনিয়োগ প্ৰসাৰ, চি এছ আৰ পদক্ষেপ আৰু জৈৱ অৰ্থনীতি। এই অনুষ্ঠানত উদ্বোধনী সমাৱেশ, কাৰিকৰী আলোচনা আৰু উচ্চ পৰ্যায়ৰ পেনেল অনুষ্ঠিত হয়, য’ত ২০৪৭ চনৰ ভিতৰত বিকশিত উত্তৰ-পূবৰ বাবে এক সমৃদ্ধিশালী বাঁহ খণ্ড গঢ়ি তোলাৰ বাবে উপস্থাপন কৰা হয় এক বিস্তৃত ৰোডমেপ। এন ই চি বি ডি চিৰ পৰিচালন সঞ্চালক, আই আৰ এছ, এম চি ওমি নিংচেনে কয়, “এই সন্মিলন কেৱল আলোচনাৰ মঞ্চ নহয়, উত্তৰ-পূব ভাৰতৰ সেউজ বৃদ্ধি আৰু জীৱিকা সৃষ্টিৰ বাবে বাঁহৰ অপাৰ সম্ভাৱনা বাস্তৱায়িত কৰাৰ এক আন্দোলন। ৰাষ্ট্ৰীয় বাঁহ মিছনৰ সৈতে সংগতি ৰাখি আমাৰ মূল উদ্দেশ্য হৈছে অংশীদাৰিত্ব গঢ়ি তোলা, বিনিয়োগ বৃদ্ধি কৰা আৰু এনে উদ্ভাৱনক উৎসাহিত কৰা যিয়ে বাঁহক ভাৰতৰ জৈৱ অৰ্থনীতিৰ অন্যতম স্তম্ভ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। আমাৰ লক্ষ্য সম্পূৰ্ণ স্পষ্ট- আধুনিক প্ৰযুক্তিৰ সৈতে প্ৰাচীন জ্ঞানৰ সংমিশ্ৰণেৰে বজাৰমুখী ব্যৱস্থা গ্ৰহণ কৰি আৰু সৰ্বাংগীন বৃদ্ধি নিশ্চিত কৰি আমি এটা শক্তিশালী আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক বাঁহ উদ্যোগ গঢ়ি তুলিব বিচাৰো, যিয়ে বহনক্ষম উন্নয়ন আৰু অৰ্থনৈতিক সমৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগাব। এই লক্ষ্যত উপনীত হ’বলৈ এক সংহত আৰু সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন। চৰকাৰী সমৰ্থন আৰু নীতিগত পদক্ষেপ এই যাত্ৰাৰ প্ৰাৰম্ভিক অনুঘটক হ’ব, কিন্তু ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ (পি এছ ইউ) সক্ৰিয় অংশগ্ৰহণ বিনিয়োগৰ দুৱাৰ মুকলি কৰা, আধুনিক প্ৰযুক্তি অনা, আৰু বৃহৎ পৰিসৰত বজাৰৰ সংযোগ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ হ’ব।”
উল্লেখ্য যে, এই সন্মিলনৰ উদ্বোধনী সমাৱেশৰ পৰাই সৃষ্টি হয় সহযোগিতা আৰু উদ্ভাৱনৰ পৰিৱেশ। উপস্থাপনসমূহত ভাৰতৰ বাঁহ মূল্য শৃংখলৰ সম্ভাৱনা, ৰাষ্ট্ৰীয় বাঁহ মিছনৰ পৰিসৰ আৰু বিশ্ব বজাৰত বাঁহৰ সামগ্ৰীৰ বিশাল সম্ভাৱনাৰ ওপৰত আলোকপাত কৰা হয়। একে সময়তে, সৃজনশীল চিন্তা আৰু কঠোৰ পৰিশ্ৰমে কেনেদৰে বহনক্ষম বৃদ্ধি আৰু আঞ্চলিক উন্নয়নৰ বাট মুকলি কৰিব পাৰে সেয়া প্ৰদৰ্শন কৰি উত্তৰ-পূব ভাৰতৰ উদ্ভাৱনী উদ্যোগীসকলৰ সফলতাৰ কাহিনী বাস্তৱ জীৱনৰ উদাহৰণ হিচাপে উপস্থাপন কৰা হয়। ইফালে, দিনটোৰ অন্যতম আকৰ্ষণ আছিল বুজাবুজিৰ চুক্তি স্বাক্ষৰ আৰু বিনিময়, যিয়ে বাঁহৰ পৰিৱেশ তন্ত্ৰক আগুৱাই নিয়াৰ নৱীকৃত প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। নুমলীগড় শোধনাগাৰ আৰু চেলকো ফাউণ্ডেশ্যনৰ সৈতে চি এছ আৰ কেন্দ্ৰিক উন্নয়নমূলক পদক্ষেপৰ ওপৰত বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। আই আই টি গুৱাহাটী আৰু এন আই ডি আহমেদাবাদৰ সৈতেও গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়, যিয়ে ভৱিষ্যতৰ বাবে গৱেষণা, উদ্ভাৱন আৰু বহনক্ষম উন্নয়নৰ নতুন দিগন্ত মুকলি কৰিব।
উল্লেখযোগ্য যে শেহতীয়াকৈ এন ই চি বি ডি চিয়ে কেন্দ্ৰীয় উৎপাদন প্ৰযুক্তি প্ৰতিষ্ঠান (চিএমটিআই)ৰ সৈতে বাঁহ প্ৰক্ৰিয়াকৰণ যন্ত্ৰৰ বাবে থলুৱা প্ৰযুক্তি যৌথভাৱে বিকশিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এই পদক্ষেপে খণ্ডটোক আত্মনিৰ্ভৰশীল আৰু খৰচ-বহনক্ষম উদ্ভাৱনৰ দিশত আৰু অধিক আগুৱাই নিব বুলি আশা কৰা হৈছে। কাৰিকৰী সমাৱেশত এম এছ এম ই প্ৰসাৰ, ৰপ্তানি সংযোগ আৰু বহনক্ষম মূল্য শৃংখল উন্নয়নৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়। এই অনুষ্ঠানত আমাজন, বামবুস্তান আৰু অসম ৰাজ্যিক বাঁহ মিছনৰ দৰে সংস্থাৰ বিশেষজ্ঞসকলে তেওঁলোকৰ অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টি ভাগ-বতৰা কৰে।
অন্যহাতে, সামৰণি পেনেল আলোচনাত ভৱিষ্যতমুখী দৃষ্টিভংগী দাঙি ধৰা হয়। এই অনুষ্ঠানত এন ই চি, এন ই এইচ এইচ ডি চি, এফ আই চি চি আই, চি ডি বি আই, এন আই ডি আৰু অন্যান্য সংস্থাসমূহৰ নেতৃত্ববাহক আৰু বিশেষজ্ঞসকল সন্মিলিত হৈ বিনিয়োগ, উদ্ভাৱন আৰু সহযোগিতাৰ সুযোগসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। এই আলোচনাৰ উদ্দেশ্য আছিল উত্তৰ-পূব ভাৰতৰ বাঁহৰ অৰ্থনীতিক এক সজীৱ, বহনক্ষম আৰু স্বাৱলম্বী খণ্ডলৈ ৰূপান্তৰিত কৰা। মন কৰিবলগীয়া যে, বাঁহৰ জৈৱবস্তুৰ পৰা ইন্ধনমূলক ইথানল উৎপাদন কৰা প্ৰথমটো জৈৱ শোধনাগাৰ অসম বায়’ ইথানল প্ৰাইভেট লিমিটেড (এ বি ই পি এল) অঞ্চলটোৰ বাবে সেউজ শক্তিৰ সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বায়’ ইথালন প্লাণ্টটো উদ্বোধন কৰে।
শেহতীয়াকৈ অঞ্চলটোত ইঞ্জিনিয়াৰ্ড বাঁহ কাঠৰ উৎপাদন কাৰখানা স্থাপনৰ ক্ষেত্ৰত কৌশলগত বিনিয়োগৰ আগ্ৰহ দেখা গৈছে। বাঁহ ভিত্তিক কাঠৰ বিকল্প আৰু বহনক্ষম পেকেজিং সমাধান সৃষ্টিৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ হ’ব। এই পদক্ষেপ গ্ৰহণ কৰিছে আই কে ই এৰ অংশীদাৰ অল টাইম প্লাষ্টিকছে। লক্ষ্যণীয়ভাৱে এই পদক্ষেপৰ লক্ষ্য হৈছে বাঁহৰ যোগান শৃংখল শক্তিশালী কৰা। ভাৰতৰ বাঁহ নীতিত উত্তৰ-পূব ভাৰতৰ এক উল্লেখযোগ্য ভূমিকা আছে বুলি পুনৰ নিশ্চিত কৰে এই সন্মিলনে। এই আলোচনাত নীতি সমন্বয়, উদ্যোগ সহযোগিতা আৰু ভৱিষ্যতৰ পদক্ষেপৰ ভেটি স্থাপন কৰা হয়। অংশগ্ৰহণকাৰীসকলে এনে এক বাঁহৰ অৰ্থনীতিৰ কল্পনা কৰে, যিয়ে পৰিৱেশ সুৰক্ষিত কৰিব, নতুন সংস্থাপনৰ সৃষ্টি কৰিব আৰু আঞ্চলিক উন্নয়নত সহায় কৰিব। একে সময়তে ইয়ে বিকশিত বাঁহৰ জৰিয়তে বিকশিত ভাৰতৰ পথ প্ৰশস্ত কৰিব।