নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰী, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ইয়াৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ বাবে আৰু ব্যৱহাৰকাৰীসকলক অত্যাৱশ্যকীয় সামগ্ৰীসমূহ সময়মতে যোগান ধৰাতো নিশ্চিত কৰাৰ অৰ্থে দিনে নিশাই অবিৰতভাৱে কাম কৰি আহিছে। তিনিচুকীয়া আৰু কাটিহাৰ মণ্ডলে জানুৱাৰী ২০২৫ মাহৰ সময়ছোৱাত মালবাহী লোডিং আৰু আনলোডিঙত ক্ষেত্ৰত অবিৰতভাৱে অগ্ৰগতি বজাই ৰাখিছে।
জানুৱাৰী, ২০২৫ মাহৰ সময়ছোৱাত, তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বিভিন্ন সামগ্ৰীৰ ০.১২২৫ মিলিয়ন টন মালবস্তু লোড কৰা হয় যি বিগত বৰ্ষৰ এই একেই সময়ছোৱাৰ তুলনাত ১৫.৯ শতাংশ বৃদ্ধি হৈছে। ২৪ জানুৱাৰী, ২০২৫ তাৰিখে মাত্ৰ এটা দিনতেই মুঠ ২৭৩ খন ৱাগন লোড কৰা হয়। একেদৰে ডিচেম্বৰ, ২০২৪ মাহৰ সময়ছোৱাত ৩২০৪ টা ৱাগনৰ তুলনাত জানুৱাৰী, ২০২৫ মাহত মুঠ ৪১২৪ টা ৱাগন আনলোড কৰা হয়।
ইয়াৰ উপৰিও কাটিহাৰ মণ্ডলত, বিগত বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত ২১.১৯ শতাংশ বৃদ্ধিৰ সৈতে জানুৱাৰী, ২০২৫ মাহৰ সময়চোৱাত বিভিন্ন সামগ্ৰীৰ লোডিঙে ০.২৩২২ মিলিয়ন টন প্ৰাপ্ত কৰিছে। একেদৰে জানুৱাৰী, ২০২৫ ৰ সময়ছোৱাত মুঠ ১৫৯০৫ টা ৱাগন আনলোড কৰা হয় যিটো এই বিত্তীয় বৰ্ষত সৰ্বাধিক। অন্যান্য কাৰ্যকৰী পৰিমাপসমূহৰো উন্নতি হোৱা পৰিলক্ষিত হৈছে। ৫ জানুৱাৰী, ২০২৫ তাৰিখে সমীপৱৰ্তী ৰে’লৱে সংমণ্ডলত ১৫৮ খন ৰে’লৰ সৰ্বোচ্চ ইন্টাৰচেন্স হয়।
পূৰ্ব বছৰৰ একেই মাহৰ সময়ছোৱাৰ ৪০৮৮ খন ৰে’লৰ তুলনাত জানুৱাৰী মাহত মুঠ ৪২৩৫ খন ৰে’লে ইন্টাৰচেন্স প্ৰাপ্ত কৰিছে। মালবাহী লোডিঙৰ কাৰ্যকৰী প্ৰদৰ্শনৰ উন্নতিয়ে অঞ্চলটোত বৰ্ধিত অৰ্থনৈতিক কাৰ্যকলাপকেই প্ৰতিফলিত কৰিছে। মালবাহী পৰিচালনৰ এই উৰ্ধমুখী একেৰাহে কেৱল অঞ্চলটোৰ অৰ্থনৈতিক গতিশীলতা বৃদ্ধি কৰাই নহয় আনহাতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বাবে গুৰুত্বপূৰ্ণ ৰাজহো উপাৰ্জন কৰিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই মাল পৰিবহনৰ ক্ষেত্ৰত অগ্ৰগতি অব্যাহত ৰাখিছে, ইয়াৰ সেৱাসমূহে নিৰ্ভৰযোগ্যতা আৰু কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ বাবে কাৰিকৰী উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ লগতে ভৱিষ্যতে আৰু অধিক বিকাশৰ সম্ভাৱনাক নিশ্চিত কৰা হৈছে।