নিউজ ডেস্ক, ১৫ ডিচেম্বৰ, ২০২৩ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত সামচি ৰে’লৱে ষ্টেচনৰ ‘ইট ৰাইট ষ্টেচন’ প্ৰমাণপত্ৰ অৰ্জন। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ (Katihar) মণ্ডলৰ অধীনৰ সামচি ৰে’লৱে ষ্টেচনটোক যাত্ৰীসকলক উচ্চ মানদণ্ডৰ, পুষ্টিকৰ খাদ্য প্ৰদান কৰাৰ স্বীকৃতিস্বৰূপে এফএছএছএআইৰ (ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ) দ্বাৰা ‘ইট ৰাইট ষ্টেচন’ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।
ষ্টেচনটোৱে এফএছএছএআইৰ দ্বাৰা প্ৰতিষ্ঠিত নিৰ্দেশনাৱলীৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু ষ্টেচনটো এই মৰ্যাদা লাভ কৰা উত্তৰ পূব সীমান্ত ৰেলৱেৰ ষষ্ঠ ষ্টেচন ৰূপে পৰিগণিত হৈছে। এই প্ৰমাণপত্ৰখন ২১ নৱেম্বৰ, ২০২৩ ৰ পৰা ২০ নৱেম্বৰ, ২০২৫ লৈকে প্ৰদান কৰা হৈছে।
লগতে, যাত্ৰীসকলক সুৰক্ষিত আৰু স্বাস্থ্যসন্মত খাদ্য নিশ্চিত কৰাৰ প্ৰয়াসত, উত্তৰ পূব সীমান্ত ৰে’লৱেই ভৱিষ্যতে এফএছএছএআইৰ দ্বাৰা ‘ইট ৰাইট ষ্টেচন’ হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ অধিক ষ্টেচন লোৱাৰ পৰিকল্পনা কৰিছে যাৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ পূৰ্বে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী, হৰিশ্চন্দ্ৰপুৰ, লামডিং, ৰঙিয়া আৰু মৰিয়নি ৰে’ল ষ্টেচনসমূহক এফএছএছএআইৰ দ্বাৰা ‘ইট ৰাইট ষ্টেচন’ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।
ইয়াত উল্লেখ কৰিব লাগিব যে, এফএছএছএআইয়ে মানসম্পন্ন খাদ্য সংৰক্ষণ আৰু স্বাস্থ্যবিধি পালন কৰা ৰে’লৱে ষ্টেচনসমূহক ‘ইট ৰাইট ষ্টেচন’ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই প্ৰমাণপত্ৰ এফএছএছএআইৰ দ্বাৰা ৰে’ল ষ্টেচনসমূহক প্ৰদান কৰা হয় যিসমূহে যাত্ৰীসকলক সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্য প্ৰদান কৰাৰ মানদণ্ড নিৰ্ধাৰণ কৰে। এফএছএছএআই তালিকাভুক্ত তৃতীয়-পক্ষৰ অডিট এজেন্সি এটাৰ সিদ্ধান্তৰ পিছত ষ্টেচনটোক এখন প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
এই প্ৰমাণপত্ৰ ‘ইট ৰাইট ইণ্ডিয়া’ আন্দোলনৰ অংশ, সকলো ভাৰতীয়ৰ বাবে সুৰক্ষিত, স্বাস্থ্যকৰ আৰু বহনক্ষম খাদ্য নিশ্চিত কৰাৰ বাবে দেশৰ খাদ্য প্ৰণালীৰ পৰিৱৰ্তনৰ বাবে এফএছএছএআইৰ দ্বাৰা এক বৃহৎ পদক্ষেপ।