নিউজ ডেস্ক, ৯ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই অসম, বিহাৰ আৰু পশ্চিম বংগত ৰে’ল সুৰক্ষাৰ (Rail Safety) শক্তিশালীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। এপ্ৰিল ২০২৪ আৰু মাৰ্চ ২০২৫ ৰ ভিতৰত, উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰোড অভাৰ ব্ৰীজ (আৰঅ’বি), ৰোড আণ্ডাৰ ব্ৰীজ (আৰইউবি), ল’ হাইট চাবৱে (এলএইচএছ), পোনপটিয়া বন্ধ আৰু পৰিকল্পিত ডাইভাৰ্চনৰ সংমিশ্ৰণৰ জৰিয়তে ২৮ খন মানৱ যুক্ত লেভেল ক্ৰছিং (এমএলচি) অপসাৰণ কৰে।
এই প্ৰচেষ্টাসমূহে সুৰক্ষা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিছে, বিলম্ব হ্ৰাস কৰিছে আৰু সামগ্ৰিকভাৱে মুঠ পৰিচালনাৰ কাৰ্যদক্ষতা উন্নত কৰিছে। ইয়াৰ উপৰিও, এই সময়ছোৱাত ১১ খন আৰওবি আৰু ২৬ খন আৰইউবিৰ নিৰ্মাণে সংযোগ ব্যৱস্থা উন্নত কৰিছে আৰু পথৰ লগতে ৰে’ল পৰিবহনৰ চলাচল সুশৃঙ্খল কৰি যানজটৰ পৰা ভিৰমুক্ত কৰিছে, যি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ আধুনিক আৰু নিৰ্ভৰযোগ্য পৰিবহন ব্যৱস্থাৰ প্ৰতি বৰ্তমানৰ প্ৰতিশ্ৰুতিক প্ৰমাণ কৰি আহিছে।
এই আন্তঃগাঁথনি উন্নীতকৰণসমূহে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইচএআই), ৰে’লৱে মণ্ডলসমূহ, নিৰ্মাণ শাখা আৰু জমা সংস্থাৰ দ্বাৰা ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয়েৰে সম্পন্ন কৰা হয়। এই যৌথ পদক্ষেপে ডিব্ৰুগড়, কামৰূপ মহানগৰ, যোৰহাট আৰু লখিমপুৰৰ দৰে মুখ্য স্থানসমূহত গুৰুত্বপূৰ্ণ ৰোড অ’ভাৰ ব্ৰিজ (আৰঅ’বি) আৰু আলিপুৰদুৱাৰ, কোকৰাঝাৰ আদিৰ দৰে অঞ্চলসমূহত ৰোড আণ্ডাৰ ব্ৰিজ (আৰইউবি) লগতে ল’ হাইট চাবৱে (এলএইচএছ) ধৰণৰ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰে।
প্ৰতিটো প্ৰকল্প যানবাহন চলাচলৰ পৰিমাণ আৰু স্থানীয় প্ৰয়োজনীয়তাৰ পুংখানুপুংখ মূল্যায়নৰ ওপৰত ভিত্তি কৰি পৰিকল্পনা কৰা হয়। উদাহৰণ স্বৰূপে যোৰহাটত এফএম-৫৭ আৰু লখিমপুৰত আৰএম-২৫৭ ত অধিক যানবাহন চলাচল থকা স্থানসমূহত উন্নত সুৰক্ষা আৰু অবিৰত সংযোগ নিশ্চিত কৰিবলৈ সু-সংগঠিত ৰোড অ’ভাৰ ব্ৰিজ (আৰঅ’বি) নিৰ্মাণ কৰা হৈছে। ইয়াৰ বিপৰীতে, কম যাতাযত থকা স্থানসমূহ সম্পদ উপযুক্ত ব্যৱহাৰৰ বাবে প্ৰত্যক্ষভাৱে বন্ধ কৰি দিয়া হয়। এই উন্নয়নসমূহে ইতিমধ্যে উত্তৰ-পূব ভাৰতৰ পৰিবহন ব্যৱস্থাৰ দৃশ্যপটত এক গুৰুত্বপূৰ্ণ পৰিৱর্তন অনা আৰম্ভ কৰিছে। এই প্ৰকল্পসমূহৰ উল্লেখযোগ্য লাভালাভসমূহৰ ভিতৰত আছে দুৰ্ঘটনা-সম্ভাৱনা থকা লেভেল ক্ৰছিংসমূহৰ অপসাৰণ, যান যঁট হ্ৰাস কৰা আৰু ভ্ৰমণ বিলম্ব হ্ৰাস, বাধাহীন ৰে’ল পৰিচালন আৰু লজিষ্টিক তথা যাত্ৰী পৰিবহন ব্যৱস্থাত সামগ্ৰিক উন্নয়ন।
তদুপৰি, বিশেষকৈ দূৰৱৰ্তী আৰু সীমান্তৱৰ্তী এলেকাসমূহত প্ৰৱেশযোগ্যতা উন্নত কৰি আৰু সুগম মালপৰিবহনৰ চলাচল সক্ষম কৰি এই প্ৰচেষ্টাই আঞ্চলিক অৰ্থনীতিসমূহক ইতিবাচকভাৱে প্ৰভাৱিত কৰিছে। বহন ক্ষমতাৰ দৃষ্টিকোণৰ পৰা, লেভেল ক্ৰছিঙত বাৰম্বাৰ ৰখাৰ প্ৰয়োজন শেষ হোৱাত ইন্ধনৰ খৰচ আৰু ধোঁৱাৰ নিৰ্গমন কমিছে, যিয়ে ভাৰতৰ পৰিৱেশ বান্ধৱ লক্ষ্যসমূহক বাস্তৱায়িত কৰাত সহায় কৰিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই উন্নত অভিযান্ত্ৰিক কৌশল, কৌশলগত পৰিকল্পনা আৰু ক্ৰছ এজেঞ্চী সহযোগিতাৰ জৰিয়তে গতিবেগ, সুৰক্ষা আৰু সেৱা প্ৰদানৰ অধিক উন্নতি সাধন কৰাৰ লক্ষ্যলৈ উন্নয়নক আগবঢ়াই লৈ যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।