নিউজ ডেস্ক, ২৮ আগষ্ট, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেই (NFR) দুটা দ্বৈত ৰে’লপথ প্ৰকল্প যেনে ৰঙিয়া হৈ নিউ বঙাইগাঁও-আগিয়াঠুৰী প্ৰকল্প আৰু গোৱালপাৰা হৈ নিউ বঙাইগাঁও-কামাখ্যা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত উল্লেখযোগ্যভাৱে অগ্ৰগতি লাভ কৰিছে। সম্পূৰ্ণ হোৱাৰ পিছত, এই দ্বৈত ৰে’লপথ প্ৰকল্পসমূহে সংমণ্ডলটোৰ বাবে ৰে’ল নেটৱৰ্কৰ ক্ষমতা আৰু কাৰ্য দক্ষতা বৃদ্ধি, যাঁনজট বহু পৰিমাণে হ্ৰাস আৰু দ্ৰুত আৰু অধিক নিৰ্ভৰযোগ্য ৰে’ল সেৱা নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

ৰঙিয়া হৈ নিউ।বঙাইগাঁও-আগিয়াঠুৰী প্ৰকল্পটো মুঠ ১৪২.৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৈতে বিস্তৃত হৈ আছে। নিউ বঙাইগাঁও-সৰভোগ, বৰপেটা ৰোড-নলবাৰী আৰু বাইহাটা-আগিয়াঠুৰী খণ্ডৰ মুঠ ১০২.৭৭ কিলোমিটাৰৰ খণ্ড সফলতাৰে সম্পূৰ্ণ কৰা হৈছে আৰু ৰে’ল সেৱাৰ বাবে কাৰ্যকৰী কৰা হৈছে। সৰভোগ-বৰপেটা ৰোড আৰু নলবাৰী-বাইহাটাৰ মাজত বাকী থকা খণ্ডসমূহৰ, মুঠ ৪০.২০ কিলোমিটাৰ, বৰ্তমানে সম্পূৰ্ণ হোৱাৰ অগ্ৰিম পৰ্যায়ত আছে। সৰভোগ-বৰপেটা ৰোড খণ্ডৰ চিআৰএছ পৰিদৰ্শন শীঘ্ৰেই সম্পন্ন হ’ব বুলি আশা কৰা হৈছে। এই খণ্ডসমূহ চলিত বিত্তীয় বৰ্ষৰ ভিতৰত কমিছনিং হোৱাৰ পৰ্যায়ত আছে, যি সংমণ্ডলৰ ভিতৰত ৰে’ল সংযোগ উন্নত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুটিৰ কৃতিত্ব-স্বৰূপ।

ইয়াৰ উপৰিও মুঠ ১৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গোৱালপাৰা হৈ নিউ বঙাইগাঁও-কামাখ্যা দ্বৈত ৰে’লপথ প্ৰকল্পৰ ক্ষেত্ৰতো উত্তৰ পূব সীমান্ত ৰে’লৱেই ক্ৰমাগতভাৱে অগ্ৰগতি লাভ কৰিছে। ১৬২.৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৈতে বিস্তৃত নিউ বঙাইগাঁও-আজাৰা খণ্ডটো সম্পূৰ্ণ হৈছে আৰু এই খণ্ডত ৰে’ল সেৱা আৰম্ভ হৈছে। আজাৰা-কামাখ্যাৰ মাজত ১৩.২০ কিলোমিটাৰতকৈ অধিক অন্তিম খণ্ডৰ পৰিকল্পনা আৰু সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হোৱাৰ অগ্ৰিম পৰ্যায়ত আছে আৰু ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটোৰ লক্ষ্য হৈছে কামাখ্যা জংচনলৈ ৰে’ল সেৱাৰ কাৰ্যদক্ষতা আৰু ক্ষমতা বৃদ্ধি কৰি এই অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনি অধিক শক্তিশালী কৰি তুলিব।

উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ ভিতৰত ৰে’লৱে নেটৱৰ্কৰ সংযোগ বৃদ্ধি, উন্নত সংযোগ নিশ্চিত কৰাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ। সেয়েহে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্প হাতত লৈ আহিছে, যাৰ উদ্দেশ্য হৈছে সংযোগ ব্যৱস্থা বৃদ্ধি কৰা আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ অৰ্থনৈতিক বিকাশত সহায় কৰা।