নিউজ ডেস্ক, ২৪ জানুৱাৰী, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে শিলিগুড়ীত (Siliguri) সাংসদসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় যিসকলৰ সমষ্টিসমূহে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ আৰু কাটিহাৰ মণ্ডলত সেৱা আগবঢ়াই আহিছে। এই বৈঠকত পশ্চিম বংগ, বিহাৰ, অসম আৰু ছিকিমৰ সাংসদসকল উপস্থিত আছিল।
উপস্থিত থকা সাংসদসকলৰ ভিতৰত আছিল লোকসভাৰ সাংসদ মহঃ তাৰিক আনোৱাৰ (কাটিহাৰ), ৰাজেশ ৰঞ্জন (পূৰ্ণিয়া), প্ৰদীপ কুমাৰ সিঙ (আৰাৰিয়া) আৰু ডাঃ জয়ন্ত কুমাৰ ৰায় (জলপাইগুড়ী, লগতে ৰাজ্যসভাৰ সাংসদ দৰ্জী শ্বেৰিং লেপচা (ছিকিম), নগেন্দ্ৰ ৰায় (পশ্চিম বংগ) আৰু লোকসভাৰ সাংসদ মহঃ ৰকিবুল হুছেইন (ধুবুৰী), মনোজ টিগ্গা (আলিপুৰদুৱাৰ), কাৰ্তিক চন্দ্ৰ পাল (ৰায়গঞ্জ) আৰু জয়ন্ত বসুমতাৰী (কোকৰাঝাৰ)। এই আলোচনাত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ, কাটিহাৰ মণ্ডল আৰু মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গও উপস্থিত আছিল।
উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকে সাংসদসকলক আদৰণি জনোৱাৰ সময়ত আলিপুৰদুৱাৰ আৰু কাটিহাৰ মণ্ডলৰ অধীনৰ নিৰ্দিষ্ট অঞ্চলসমূহত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা চলি থকা বিভিন্ন উন্নয়নমূলক, নতুন ৰে’লপথ আৰু জৰীপৰ কামকাজৰ ওপৰত অৱলোকন কৰে। সেৱা আৰু সা-সুবিধাসমূহৰ অধিক উন্নয়নৰ বাবে উপস্থিত থকা জনপ্ৰতিনিধিসকলে আগবঢ়োৱা পৰামৰ্শ আৰু মতামতক আদৰণি জনোৱা হয়। মহাপ্ৰৱন্ধকে গণ্যমান্য ব্যক্তিসকলক অঞ্চলটোৰ তীৰ্থযাত্ৰীৰ বাবে পৰিচালিত উৎসৱ বিশেষ ৰে’লৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে ৰে’লপথৰ ওচৰলৈ অহা বহুতো হাতীৰ জীৱন ৰক্ষা কৰাত যথেষ্ট সফল হোৱা ইন্ট্ৰুছন ডিটেকচন চিষ্টেমৰ বিষয়ে উপস্থিত থকা মাননীয় সদস্যসকলক অৱগত কৰে।
মহাপ্ৰৱন্ধকে ‘ডিজিটেল ইণ্ডিয়া’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি নগদবিহীন লেনদেন সক্ষম কৰি তোলাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত টিকট কাউণ্টাৰসমূহত কিউআৰ কোডৰ দৰে মেচিন প্ৰৱৰ্তন কৰাৰ বিষয়ে উল্লেখ কৰে। সাংসদসকলক উত্তৰ-পূৰ্ব্বাঞ্চলৰ নিৰ্মাণাধীন বৈদ্যুতিকৰণ, দ্বৈত ৰেলপথৰ আৰু নতুন ৰে’ল পথ প্ৰকল্পৰ স্থিতিৰ বিষয়েও অৱগত কৰা হয়। মহাপ্ৰৱন্ধকে অঞ্চলটোৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ্বিকশিত কৰা বিভিন্ন ষ্টেচনৰ বিষয়ে উল্লেখ কৰে। সকলো সাংসদে উচ্চ পদস্থ ৰে’লৱে বিষয়াবৰ্গৰ সৈতে এটা অতি ফলপ্ৰসূ মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। সাংসদসকলে ৰে’ল সংযোগ, যাত্ৰীৰ সা-সুবিধা আৰু ষ্টেচন উন্নীতকৰণ আদিৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ দিশত পৰামৰ্শ আগবঢ়ায়।
মহাপ্ৰৱন্ধকে কয় যে নতুন সেৱা/ ষ্টপেজ প্ৰৱৰ্তনৰ বাবে সাংসদসকলৰ সকলো পৰামৰ্শ যথাযথ গুৰুত্বসহকাৰে বিৱেচনা কৰা হ’ব। মহাপ্ৰৱন্ধকে লগতে কয় যে প্ৰস্তাৱসমূহ প্ৰস্তুত কৰোঁতে মাননীয় সদস্যসকলে আগবঢ়োৱা পৰামৰ্শ আৰু মতামতসমূহক সৰ্বাধিক গুৰুত্বসহকাৰে পৰ্যালোচনা কৰা হ’ব। এই বৈঠকৰ পৰ্যালোচনাই এই অঞ্চলৰ জনসাধাৰণৰ বাবে ৰে’লৰ উন্নয়নমূলক পৰিকল্পনা চূড়ান্ত কৰাত ৰে’লৱেক যথেষ্ট সহায় কৰিব।