নিউজ ডেস্ক, ১১ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ছিনিয়ৰ চুপাৰভাইজাৰসকলৰ বাবে ৮ এপ্ৰিল তাৰিখে ছিক্কিমৰ (Sikkim) গেংটকৰ মনোৰম নাথুলা পাছ ৰে’লৱে অতিথিশালাত ৭০ তম মেনেজমেন্ট ডেভেলপমেন্ট প্ৰোগ্ৰামৰ উদ্বোধন কৰা হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ উপ মহাপ্ৰৱন্ধক (এছডিজিএম) আৰু মুখ্য সতৰ্কতা বিষয়া ৰাজীৱ মহাজনে এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
এই পদক্ষেপ হৈছে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত ইয়াৰ অগ্ৰগণী পৰ্যৱেক্ষক কৰ্মচাৰীসকলৰ বাবে নেতৃত্ব প্ৰদানৰ সামৰ্থ, ব্যৱস্থাপনাৰ দক্ষতা আৰু পৰিচালন উৎকর্ষতা বৃদ্ধি কৰাৰ দিশত অবিৰত প্ৰচেষ্টাৰ এক অংশ। উদ্বোধনী ভাষণত মহাজনে সমগ্ৰ ৰে’লৱে নেটৱৰ্কত সুৰক্ষা, অনুশাসন আৰু উৎপাদনশীলতা বজাই ৰখাত পৰ্যাবেক্ষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ ব্যক্তিগত আকাংক্ষাক সাংগঠনিক লক্ষ্যৰ সৈতে সংৰেখিত কৰাৰ লগতে ইতিবাচক আৰু সক্ৰিয় নেতৃত্বৰ সংস্কৃতি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই কাৰ্যসূচীৰ সময়ছোৱাত, অংশগ্ৰহণকাৰীসকলে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ দ্বাৰা প্ৰদান কৰা জ্ঞানসমৃদ্ধ বক্তৃতা আৰু মতবিনিয়মৰ এক বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকসমূহে ৰে’লৱে পেছাদাৰীসকলৰ বাবে ফলপ্ৰসূ সময় ব্যৱস্থাপনাৰ সৈতে এক ইতিবাচক মনোভাৱ বিকশিত কৰাৰ লগতে সেৱাৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেয়েহে, ই পেছাদাৰীসকলক ভাৰতীয় ৰে’লৱেৰ বাবে টীমৰ লক্ষ্য প্ৰাপ্ত কৰা, পাৰস্পৰিক যোগাযোগ, প্ৰেৰণাদায়ী কৌশল, সতৰ্কতা প্ৰণালীৰ বিষয়ে বুজি উঠা আৰু শক্তিশালী কৰাত সহায় কৰে।
উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা আয়োজিত, এই কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলক গেংটকৰ শান্ত পৰিৱেশত এক প্ৰাণৱন্ত আৰু কেন্দ্ৰীভূত শিক্ষণৰ অভিজ্ঞতা প্ৰদান কৰে। এক সুস্থিৰ পৰিৱেশে ব্যক্তিগত প্ৰতিফলন আৰু পেছাদাৰী বিকাশ সাধনৰ বাবে অনুকূল এক আৰামদায়ক বাতাৱৰণত অৰিহণা যোগাইছিল। এনে কাৰ্যসূচীসমূহে ভৱিষ্যতৰ অগ্ৰণীসকলক সু-সজ্জিত কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দৃঢ় প্ৰতিশ্ৰুতি আৰু সংগঠনটোৰ ভিতৰত নিৰন্তৰ শিক্ষা আৰু উত্তৰণৰ সংস্কৃতি শক্তিশালী কৰাকে প্ৰতিফলিত কৰে।