নিউজ ডেস্ক, ২৬ এপ্ৰিল, ২০২৫ : ৰে’ল সুৰক্ষা (Rail Safety) আৰু পৰিচালন কাৰ্যক্ষমতা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ পাঁচোটা মণ্ডল ক্ৰমে কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়াত পেছেঞ্জাৰ ৰাণিং লাইনৰ উন্নীতকৰণ কৰাৰ দিশত এক বিস্তৃত পদক্ষেপ গ্ৰহণ কৰিছে। এই মিছন-মোড পদক্ষেপৰ উদ্দেশ্য হৈছে লুপ লাইনসমূহ মেইনলাইন মানদণ্ডৰে সমতুল্য কৰি ৰে’ল সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ট্ৰেন চলাচল নিশ্চিত কৰা। পুৰণি ট্ৰেকৰ আন্তঃগাঁথনিৰ সৈতে সম্পৰ্কিত সাম্ভাব্য সুৰক্ষা বিপদৰ আৰু লুপ লাইনসমূহত বৰ্ধিত ৰে’ল চলাচলৰ প্ৰেক্ষাপটত এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে।
গুৰুত্বপূৰ্ণ স্থানসমূহক অগ্ৰাধিকাৰভিত্তিত আধুনিক ট্ৰেক তত্বাৱধান পদ্ধতি গ্ৰহণ কৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেই আগতীয়াকৈ সংকট হ্ৰাস কৰাৰ অৰ্থে সামগ্ৰিক পৰিচালন পৰিৱেশ উন্নত কৰাৰ বাবে কাম কৰি আহিছে। ২০২৪-২৫ বৰ্ষত এই প্ৰচেষ্টাৰ অধীনত অভিলেখ ভংগকাৰী সাফলতা লাভ কৰা হৈছে। উন্নীতকৰণৰ পৰিসৰৰ ভিতৰত আছে বেলাষ্টৰ শক্তিশালীকৰণ, ট্ৰেক জ্যামিতিৰ উন্নতকৰণ, নিষ্কাশন প্ৰণালী অধিক কাৰ্যকৰী কৰা আৰু আধুনিক প্ৰফাইলিং ব্যৱহাৰ কৰি নিয়মীয়া ব্যৱধানত ট্ৰেকৰ মাপকাঠি মূল্যাঙ্কন কৰাৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহ অন্তৰ্ভূক্ত আছে। দৰাচলতে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বাবে এতিয়ালৈকে সৰ্বাধিক বাৰ্ষিক লক্ষ্য ৩৬.৫২ শতাংশ অৰ্থাৎ ৬.৬০ লাখ কাম অতিক্ৰম কৰি মুঠ ৯.০১ লাখ কাম বেলাষ্ট যোগান ধৰা হয় আৰু স্থাপন কৰা হয়। ইয়াৰ উপৰিও, ৰে’ল নৱীকৰণ (৩৪৮.৬৮ ট্ৰেক কিলোমিটাৰ) আৰু স্লিপাৰ নৱীকৰণ (৩৩৭.৪৮ ট্ৰেক কিলোমিটাৰ) ৰ জৰিয়তে ইয়াৰ লক্ষ্য অতিক্ৰম কৰা হৈছে, যাৰ ফলত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ইতিহাসত সৰ্বাধিক অগ্ৰগতি হৈছে।
ট্ৰেক টেম্পিং ১০,৬৭২ কিমিত উপনীত হৈছে (লক্ষ্যতকৈ ৩২ শতাংশ অধিক) আৰু ৪,৮২৬ পইণ্ট টেম্প কৰা হয় উভয়েই হৈছে এতিয়ালৈকে হোৱা সৰ্বাধিক সাফল্য অৰ্জিত হৈছে। অতিৰিক্তভাৱে, ২৫৪.৫০ টাৰ্ণআউট নৱীকৰণৰ সমতুল্য ছেট সম্পূৰ্ণ কৰা হয় আৰু পইণ্ট আৰু ক্ৰছিংসমূহত সুৰক্ষা বৃদ্ধি কৰাৰ বাবে ২১২ টা ডব্লিউচিএমএছ ক্ৰছিংৰ সৈতে ১৯৬ টা ঠিক ৱেব চুইচ স্থাপন কৰা হয়। এই প্ৰচেষ্টাসমূহ ১৪ টা পিএছআৰ (পাৰমানেন্ট স্পীড ৰেচষ্টিকছন) অপসাৰণ বা শিথিল কৰাৰ দ্বাৰা পৰিপূৰক কৰা হয়। যাৰ ফলস্বৰূপে ২৬.১০ মিনিট ৰাহি কৰা হয় আৰু যাত্ৰীৰ উন্নত সুবিধাৰ বাবে ৯ খন নতুন ফুট অভাৰ ব্ৰীজ স্থাপন কৰা হয়। ইয়াৰ উপৰিও, উন্নত ট্ৰেক সম্পদসমূহ দক্ষতাৰে নিৰীক্ষণ আৰু পৰিচালন কৰাৰ বাবে আপডেট কৰা ডিজিটেল ৰেজিষ্টাৰ আৰু এক একত্ৰিত সম্পদ ব্যৱস্থাপনা প্ৰণালী প্ৰৱৰ্তন কৰা হৈছে।
এই ঐতিহাসিক পদক্ষেপটোৱে ইতিমধ্যে গুৰুত্বপূৰ্ণ লাভালাভ প্ৰাপ্ত কৰিছে, যাৰ ভিতৰত আছে উন্নত সময়ানুৱৰ্তীতা, ৰক্ষণাবেক্ষণৰ বাবে ডাউনটাইম হ্ৰাস আৰু যাত্ৰীৰ সুৰক্ষা বৃদ্ধি। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে অভিযান্ত্ৰিক দলসমূহক তেওঁলোকৰ নিষ্ঠা আৰু কৌশলগত কাৰ্যকৰীকৰণৰ বাবে প্ৰশংসা কৰি কয় যে এই প্ৰকল্পটোৱে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণৰ দিশত এক সুৰক্ষিত, আধুনিক আৰু যাত্ৰী কেন্দ্ৰিক ৰে’লৱে নেটৱৰ্ক গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। সকলো মণ্ডলতে এই প্ৰকল্পটো সফলতাৰে সম্পন্ন কৰাৰ সৈতে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ভাৰতীয় ৰে’লৱেৰ ভিতৰতেই আন্তঃগাঁথনি আধুনিকীকৰণ আৰু ৰে’ল পৰিচালনাৰ উৎকৰ্ষতাত নিজৰ আগশাৰীৰ স্থান দাঙি ধৰিছে।