নিউজ ডেস্ক, ১২ অক্টোবৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই অলপতে আইআইটি স্কুল অৱ বিজনেছৰ বিশিষ্ট ফেকাল্টিৰ সহযোগত ৰঙিয়া মণ্ডলত ৰে’লৱে বিষয়াবৰ্গৰ বাবে এক প্ৰেৰণাদায়ক চেমিনাৰৰ (Seminar) আয়োজন কৰে। এই কাৰ্যসূচীৰ লক্ষ্য আছিল পেছাদাৰী বিকাশৰ সমৃদ্ধকৰণ, দক্ষতা বৃদ্ধি আৰু ৰে’লৱেৰ কৰ্মশক্তিৰ সামগ্ৰিক সামৰ্থ্য শক্তিশালী কৰা। এই পদক্ষেপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা প্ৰতিভাৰ প্ৰতিপালন, নিৰন্তৰ শিক্ষণৰ প্ৰসাৰ আৰু এক সহায়ক আৰু প্ৰগতিশীল কৰ্মপৰিৱেশ সৃষ্টিৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।
এই চেমিনাৰত দুখন অত্যন্ত আকৰ্ষণীয় আৰু অন্তৰ্দৃষ্টিসম্পন্ন বৈঠকৰ আয়োজন কৰা হৈছিল। প্ৰথমখন, “অন দ্য ৰাইট ট্ৰেক, ট্ৰান্সফৰ্মিং এটিটিউড, পাৰ্চনেলিটি এণ্ড পাৰ্চেপশ্যন ইন ৰেলৱে ষ্টাফ”, শীৰ্ষক বিষয়বস্তুৰ ওপৰত ইতিবাচক মানসিকতা গঢ়ি তোলা, আন্তঃব্যক্তিগত আৰু নেতৃত্বৰ দক্ষতা বৃদ্ধি আৰু পেছাদাৰী দৃষ্টিভংগী গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰা হয়। দ্বিতীয়খন বৈঠকত “ক্ৰছিং দ্য লাইনছ, পাৱাৰ, অৰ্গেনাইজেশ্যনেল পলিটিক্স এণ্ড নলেজ হাইডিং এমং দ্য ৱৰ্কফৰ্চ”, শীৰ্ষক বিষয়বস্তুৰ ওপৰত স্বচ্ছতা, ফলপ্ৰসূ যোগাযোগ আৰু সহযোগিতাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়, যাৰ ফলত অংশগ্ৰহণকাৰীসকলক এক সুসংগত আৰু অনুপ্ৰেৰিত কৰ্মপৰিৱেশ সৃষ্টিৰ কৌশলৰে সজ্জিত কৰা হয়।
চেমিনাৰখন অত্যন্ত সফল হয়, যি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কৰ্মীবৃন্দক শক্তিশালী কৰা, উদ্ভাৱনৰ প্ৰসাৰ আৰু এই সংগঠনজুৰি শ্ৰেষ্ঠত্ব, দলীয় কামকাজ আৰু অবিৰত প্ৰগতিৰ সংস্কৃতিক শক্তিশালী কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সমৰ্পনকে প্ৰতিফলিত কৰে।