নিউজ ডেস্ক, ৩ ডিচেম্বৰ, ২০২৪ : ভাৰতীয় ৰে’লৱেই বহুতো খালী হৈ থকা পদ পূৰণৰ বাবে এক ব্যাপক নিযুক্তি (Requirement) পদক্ষেপ গ্ৰহণ কৰিছে। ২ কোটিতকৈও অধিক প্ৰাৰ্থীয়ে এই নিযুক্তি অভিযানত আবেদন কৰিছে। সকলো যোগ্য প্ৰাৰ্থীয়ে কম্পিউটাৰ ভিত্তিক পৰীক্ষাত বহিব লাগিব যিটো দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’ব।
নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায় ইতিমধ্যে ২৫ নৱেম্বৰ, ২০২৪ তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ২৯ ডিচেম্বৰ, ২০২৪ লৈকে চলিব। বাকী পৰ্যায়সমূহ মাৰ্চ, ২০২৫-ৰ পৰা আৰম্ভ হ’ব। নিযুক্তি পৰীক্ষা স্বচ্ছভাৱে অনুষ্ঠিত কৰিবলৈ, সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ পৰা সহযোগ বিচৰা হৈছে। কম্পিউটাৰ-আধাৰিত পৰীক্ষা (চিবিটি) সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ সহযোগিতাত অনুষ্ঠিত কৰা হৈ আছে।
এই বিশাল নিযুক্তি অভিযান সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষৰ সৈতে সমন্বয়ৰ বাবে ৰাজ্য চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াক নোডেল বিষয়া হিচাপে মনোনীত কৰা হৈছে। প্ৰাৰ্থীসকলৰ প্ৰমাণীকৰণ নিশ্চিত কৰিবলৈ, সকলো যোগ্য প্ৰাৰ্থীৰ বাবে আধাৰ ভিত্তিক চিনাক্তকৰণ পৰীক্ষণ সম্পন্ন কৰা হয়।
মন কৰিবলগীয়া যে, ২০১৪-২০২৪ সময়ছোৱাত ভাৰতীয় ৰে’লৱেই প্ৰায় ৫ লাখ কৰ্মচাৰী নিয়োগ কৰিছিল। যদিও পূৰ্বৰ দশকত (২০০৪-২০১৪) মাত্ৰ ৪ লাখ কৰ্মচাৰীকহে নিয়োজিত কৰা হয়। ই পূৰ্ব দশকৰ তুলনাত ভাৰতীয় ৰে’লৱেৰ দ্বাৰা প্ৰদান কৰা নিযুক্তিৰ ২৫ শতাংশ বৃদ্ধি চিহ্নিত কৰিছে। ভাৰতীয় ৰে’লৱেৰ ইতিহাসত প্ৰথমবাৰৰ বাবে, এক নিযুক্তি কেলেণ্ডাৰো প্ৰকাশ কৰা হৈছে। সময়সূচী অনুসৰি সকলো খালী হৈ থকা পদৰ অধিসূচনা জাৰী কৰা হৈছে।
এই কেলেণ্ডাৰৰ পৰিকল্পনা অনুসৰি, সহকাৰী লোকো পাইলট, আৰপিএফ/উপ-পৰিদৰ্শক, টেকনিচিয়ান, কনিষ্ঠ অভিযন্তা আৰু অন্যান্য পদৰ বাবে কম্পিউটাৰ ভিত্তিক পৰীক্ষাৰ তাৰিখ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰা হৈছে। সহকাৰী লোকো পাইলটসকলৰ বাবে নিযুক্তি পৰীক্ষা সমগ্ৰ দেশতে পাঁচ দিনধৰি অনুষ্ঠিত হয়। ৰে’ল প্ৰশাসনে যোগ্য প্ৰাৰ্থীসকলক চাকৰিৰ ৰেকেট, দালাল আৰু মধ্যস্থতাকাৰীৰ পৰা সতৰ্ক হ’বলৈ আৰু কোনো ধৰণৰ জালত নপৰিবলৈ আহ্বান জনাইছে।