নিউজ ডেস্ক, ৬ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিগত বিত্তীয় বৰ্ষত মালবাহী ৰে’লৰ (Goods Train) আনলোডিঙত নিৰৱচ্ছিন্ন প্ৰগতি প্ৰদৰ্শন কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত, উত্তৰ পূব সীমান্ত ৰে’লৱেই ১৩,০৯১ খন মালবাহী ৰে’লৰ ৰেক সফলতাৰে আনলোড কৰে, যাৰ ভিতৰত কেৱল ২০২৫ ৰ মাৰ্চ মাহৰ সময়ছোৱাতেই ১২৮৮ খন মালবাহী ৰে’লৰ ৰেক আনলোড কৰা হয়।
২০২৫ বৰ্ষৰ মাৰ্চ মাহত, অসমত মুঠ ৬৮৮ খন মালবাহী ৰে’লৰ ৰেক আনলোড কৰা হয় যাৰ ভিতৰত ৩১৩ খন অত্যাৱশ্যকীয় সামগ্ৰীৰে লোড কৰা হৈছিল। ত্ৰিপুৰাত ১৩১ খন, নাগালেণ্ডত ২৪ খন, অৰুণাচল প্ৰদেশত ৮ খন, মণিপুৰ আৰু মিজোৰামত ৬ খনকৈ ৰেক উক্ত মাহটোত আনলোড কৰা হয়। তদুপৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ ভিতৰত পশ্চিম বংগত ২৩৪ খন মালবাহী ৰে’লৰ ৰেক আৰু বিহাৰত ১৯১ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰা হয়।
কেৱল সাধাৰণ লোকৰ অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবেই নহয়, অঞ্চলটোৰ স্থানীয় অৰ্থনৈতিক কামকাজ গতিশীল আৰু বৃদ্ধি বাহাল ৰখাৰ বাবেও অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰী নিয়মীয়াকৈ পৰিবহন কৰি থকা হৈছে। উন্নত টাৰ্মিনেল হেণ্ডলিং সুবিধা আৰু অধিক গুডচ শ্বেডচ ৰখাৰ প্ৰৱৰ্তনৰ ফলত গ্ৰাহক আৰু অন্যান্য অংশীদাৰসকলৰ বাবে সীমিত সময়সীমাৰ ভিতৰত আভ্যন্তৰীণ ৰেকসমূহৰ আনলোড আৰু পৰিষ্কাৰ কৰাৰ কাম অধিক সুবিধাজনক হৈ পৰিছে। সকলো স্তৰত অবিৰত নিৰীক্ষণৰ ফলত টাৰ্ণ এৰাউণ্ডৰ সময় হ্ৰাস পাইছে আৰু আনলোডিঙৰ দক্ষতাও বৃদ্ধি হৈছে।