নিউজ ডেস্ক, ৭ মাৰ্চ, ২০২৫ : ৰে’ল আৰু ষ্টেচনত নিষিদ্ধ/চোৰাং সামগ্ৰী (Illegal Goods) পৰিবহনৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২০২৫ চনৰ মাৰ্চ মাহত ৭৫ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰিছে। ৰে’লৱে সুৰক্ষা বাহিনীয়ে এই সময়ছোৱাত নিষিদ্ধ/চোৰাং সামগ্ৰী পৰিবহনত জড়িত থকাৰ অভিযোগত ১৮ জন লোকক আটক কৰে। তদুপৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিয়মীয়াকৈ দালালৰ বিভীষিকা নিয়ন্ত্ৰণত ৰখাৰ বাবে অভিযান চলাই আহিছে।

শেহতীয়াকৈ চলিত বৰ্ষৰ মাৰ্চ মাহত অঞ্চলটোৰ ওপৰত অনুসন্ধান আৰু অভিযান চলাই, ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৭ জন দালালক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ৯৯,০০০ টকাৰো অধিক মূল্যৰ ৩২ খন ৰে’ল টিকট উদ্ধাৰ কৰে। ২৪ মাৰ্চত ডিমাপুৰৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ডিমাপুৰ ৰে’ল ষ্টেচনত নিয়মীয়া অনুসন্ধান চলায়। অনুসন্ধানৰ সময়ত ৰে’লৱে সুৰক্ষা বাহিনীয়ে এজন লোকক আটক কৰে আৰু প্ৰায় ২.১৭ লাখ টকা মূল্যৰ ১০.৮৫ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। পিছত, উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰৰ সৈতে ধৰা পৰা ব্যক্তিজনক প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে অ’চি/জিআৰপি/ডিমাপুৰৰ হাতত অৰ্পন কৰা হয়।

তদুপৰি, ১৯ মাৰ্চত নিউ জলপাইগুড়ীৰ ৰে’লৱে সুৰক্ষা বাহিনী, চিপিডিএছ আৰু চিআইবি দলে যুটীয়াভাৱে পিআৰএছ কাঙ্কিত অভিযান চলায়। অভিযানৰ সময়ত, দলটোৱে প্ৰায় ২৪,৩৬৫ টকা মূল্যৰ ৬ খন পিআৰএছ টিকট উদ্ধাৰ কৰে আৰু এই সন্দৰ্ভত এজন দালালক আটক কৰে। পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰে’ল আইনৰ ১৪৩ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়। ইয়াতেই উল্লেখ কৰিব পাৰি যে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’ল ষ্টেচন আৰু ৰে’ল আৰু ৰে’লৱে টিকটৰ অকৰ্তৃত্বশীল আৰু অবৈধ ক্ৰয়ৰ সৈতে সম্পৰ্কিত গতিবিধিৰ প্ৰতি অবিৰত সতৰ্ক হৈ থাকে।