গুৱাহাটী, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ : অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে ষ্টাৰ্টআপ অসমৰ সহযোগিতাত ১ম উত্তৰপূৰ্বাঞ্চল হেকাথন্ ২০১৯ আয়োজন কৰিছে। অনুষ্ঠানটো ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ টি.ই.কিউ.আই.পি- III যোজনাৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্যপ্ৰাপ্ত।

উত্তৰ পূৰ্বাঞ্চল হেকাথন্ ২০১৯ প্ৰতিযোগিতাখন সমগ্ৰ উত্তৰ-পূৱ শিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰা হৈছে আৰু বস্ত্ৰ আৰু হস্তশিল্প, পৰ্য্যটন ,জল ব্যৱস্থাপনা, শক্তি,পৰিৱেশ আৰু বহনক্ষমতা,খাদ্য প্ৰযুক্তিবিদ্যা উদ্যোগৰ ওপৰত মূখ্য গুৰত্ব আৰোপ কৰা হৈছে। প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলে যিকোনো এক বহনক্ষম সামগ্ৰী বা সেৱাৰ বাবে ভিন ভিন নব্য প্ৰযুক্তিবিদ্যাৰ বিষয়ে তেওঁলোকৰ ব্যৱসায়িক ধাৰণা বা প্ৰকল্পৰ উপস্থাপন ব্যৱসায়িক পৰিকল্পনাৰ ৰূপত জমা দিয়ে।

হেকাথন্ প্ৰতিযোগিতাখনিত বিভিন্ন মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৯০ টা প্ৰতিযোগীৰ দল আৰু ৫০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এম টি ইউ কাংলেইট্ৰনিক শীৰ্ষক মনিপুৰ প্ৰযুক্তিবিদ্যা বিশ্ৱবিদ্যালয়ৰ ৫ জন শিক্ষাৰ্থীৰে গঠিত দলটো প্ৰতিযোগিতাখনিৰ বিজয়ী ঘোষিত হয়।

দলটোৱে“ সৌৰশক্তি চালিত শীতল ভাণ্ডাৰ তথা খাদ্য শুষ্ককৰণৰ” ওপৰত ব্যৱসায়িক পৰিকল্পনা উপস্থাপন কৰে। গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, আৰু গিৰিজানন্দ ব্যবস্থাপনা আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে।

সংশ্লিষ্ট পুৰস্কাৰৰ শাখাসমূহৰ ভিতৰত, প্ৰথম পুৰস্কাৰ প্ৰাপ্ত এম টি ইউ কাংলেইট্ৰনিক শ্ৰেষ্ঠ অনুশাসিত দল ৰূপে ঘোষিত হয়। গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ থ্ৰিনেৰ্জী গেং আৰু হৰ্বিঞ্জেৰ্স শীৰ্ষক দল দুটি ক্ৰমান্বয়ে শ্ৰেষ্ঠ উপস্থাপক আৰু শ্ৰেষ্ঠ মহিলা দল শাখাত পুৰস্কাৰ লাভ কৰে। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শ্ৰীমতী অংকিতা কুমাৰীয়ে সৰ্বকণিষ্ঠ উপস্থাপকৰ পুৰস্কাৰ লাভ কৰে।

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ৱবিদ্যালয়খনৰ সন্মানীয় উপাচাৰ্য শ্ৰীযুত ধীৰাজ বৰাই সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ প্ৰতিযোগী দল সমূহলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। এক উদ্ধৃতিত তেখেতে কয়, “সমগ্ৰ উত্তৰ-পূৱৰ দল সমূহৰ উৎসাহজনক সঁহাৰিৰ দেখি আমি অভিভূত। প্ৰতিযোগিতা খনত আশাব্যঞ্জক অংশগ্ৰহণ দেখি আমি উৎসাহী আৰু ভৱিষ্যতে এই হেকাথন্ খন দক্ষিণ এছীয় দেশ সমূহক সাঙুৰিআন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰ্চেষ্টা চলোৱা হ’ব।”

প্ৰতিযোগিতাখন বিভিন্ন বিভাগসমূহ নামজ্বলা বিশেষজ্ঞসকলেৰে গঠিত বিচাৰকমণ্ডলীয়ে বিচাৰ কৰিছিল । অংশগ্ৰহণকাৰীসকলক সমস্যাৰ বিৱৰণ,প্ৰকাশভংগীৰ থৈলী আৰু মূল উপস্থাপনৰ ওপৰত ভিত্তি কৰি নিৰীক্ষণ কৰা হৈছিল।