নিউজ ডেস্ক, ৫ মাৰ্চ, ২০২৫ : উত্তৰ পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক অৰুণ কুমাৰ চৌধুৰীয়ে ২ মাৰ্চ ২০২৫ তাৰিখে নিৰ্মাণাধীন ভৈৰৱী-ছাইৰাং নতুন ৰে’ল পথ (Railway Track) প্ৰকল্প পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ সময়ত মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গ মহাপ্ৰৱন্ধকৰ লগত আছিল। তেওঁৰ পৰিদৰ্শনৰ সময়ত, মহাপ্ৰৱন্ধকে নিৰ্মাণাধীন নতুন ৰে’লপথ প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰে যাৰ ভিতৰত প্ৰকল্পটোৰ কাৱনপুই আৰু মুয়ালখাং ষ্টেচন, ছাইৰাং ষ্টেচন য়াৰ্ডৰ নিৰ্মাণ, সেঁতু নিৰ্মাণ আৰু সুৰঙ্গ নিৰ্মাণৰ কাম আদি অন্তৰ্ভূক্ত আছিল।

তেওঁৰ পৰিদৰ্শনৰ অংশ হিচাপে, মহাপ্ৰৱন্ধকে ৩ মাৰ্চ, ২০২৫ তাৰিখে ছাব্ৰুমৰ পৰা আগৰতলা ষ্টেচনলৈ এক ইউণ্ডো ট্ৰেইলিং পৰিদৰ্শন সম্পন্ন কৰে। মহাপ্ৰৱন্ধকে দক্ষিণ প্ৰান্তৰ তথা বাংলাদেশৰ সীমামূৰীয়া ছাব্ৰুম ষ্টেচন পৰিদৰ্শন কৰে। তেওঁ ছাব্ৰুমৰ লেণ্ড পোৰ্ট পৰিদৰ্শন কৰে যিয়ে লজিষ্টিক, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি আৰু দুয়োখন দেশৰ বাবে অৰ্থনৈতিক সুযোগ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মহাপ্ৰৱন্ধকে (নিৰ্মাণ) ত্ৰিপুৰাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৈতেও সাক্ষাৎ কৰি ৰাজ্যখনত ৰে’লৱেৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে।

উল্লেখ্য যে মিজোৰামৰ আইজলক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভৈৰৱী-ছাইৰাং নতুন ৰে’ল পথ প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ অগ্ৰগতিৰ পৰ্যায়ত আছে। এই নতুন ৰে’লপথ প্ৰকল্পটো চাৰিটা খণ্ডত বিভক্ত অৰ্থাৎ ভৈৰৱী-হৰতকী, হৰতকী-কাৱনপুই, কাৱনপুই-মুয়ালখাং আৰু মুয়ালখাং-ছাইৰাং। ভৈৰৱী-হৰতকী নতুন ৰে’লপথ খণ্ড জুলাই, ২০২৪ ত কমিছনিং কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰকল্পটো অতি সোনকালে কমিছনিং কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে।