গুৱাহাটী, ৪ জানুৱাৰী, ২০২৫ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ (ISL)ৰ শুকুৰবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত খেলা নতুন বছৰৰ প্ৰথমখন মেচত মহমেদান এছ চিৰ বিৰুদ্ধে গ’লশূণ্য ড্ৰ খেলি পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উত্তৰণ কৰিছে৷ অৱশ্যে ঘৰত খেলাৰ পাছতো কলকাতাৰ দলটোৰ বিৰুদ্ধে প্ৰত্যাশিত তিনি পইণ্ট অৰ্জন নকৰাটো নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে কাৰ্যতঃ হতাশাজনক প্ৰদৰ্শন হিচাপে অনুৰাগীয়ে বিবেচনা কৰিব৷
যোৱা দুখন মেচত হায়দৰাবাদ এফ চি আৰু মুম্বাই চিটীক পৰাস্ত কৰি ঘৰলৈ অহা নৰ্থ ইষ্ট ইউনাইটেডে অনুৰাগীৰ সন্মুখত আত্মবিশ্বাসৰে খেলপথাৰত নামিছিল যদিও প্ৰথমাৰ্ধত দলে গ’ল কৰিবলৈ সক্ষম নহ’ল৷ মেচৰ ২৪ ঘণ্টা পূৰ্বে নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক বেনালীয়ে কৈছিল, ‘আমি শান্ত হোৱাটো প্ৰয়োজন৷’ সৰুসজাইৰ প্ৰথম ৪৫ মিনিটৰ খেলত ঘৰুৱা দলটোৰ খেলত শান্ত স্বভাৱে প্ৰতিফলিত হয়৷ ইফালে, আগ্ৰাসী নৰ্থ ইষ্ট ইউনাইটেডৰ আক্ৰমণ ৰুধিবৰ বাবে মহমেদান দলে যি ৰণনীতি লৈছিল সেয়া খেলৰ মাজ ভাগলৈ এশ শতাংশ ৰূপায়নত সফল হয়৷
দলে ৰক্ষণ বিভাগত অধিক মনোনিবেশ কৰি বিপক্ষৰ ষ্ট্ৰাইকাৰক এবাৰো মুকলিকৈ বল আগুৱাই নিব নিদিলে৷ প্ৰশিক্ষক আন্দ্ৰে চেৰ্নিশ্বভৰ ৰণনীতিক সফলৰূপত খেলপথাৰত দৃঢ়তাৰে প্ৰতিষ্ঠা কৰে কলকাতাৰ দলটোৰ এঘাৰজন খেলুৱৈয়ে৷ দ্বিতীয়াৰ্ধত নেষ্টৰ আৰু পাৰ্থিৱক আক্ৰমণৰ পৰা নমাই আনি বেনালীয়ে নতুন ৰণনীতিৰে চাপ সৃষ্টিৰ চেষ্টা কৰে৷ কিন্তু ভাগ্যৰ সহায় নথকাৰ বাবে গুইলেৰ্মোৰ শ্বট পষ্টত লগাৰ লগতে তাৰকা আজাৰায়ো সফল শ্বট ল’ব নোৱাৰি হতাশ হৈ পৰে৷ মেচৰ অন্তিম দহ মিনিটত উভয় দলে গ’ল কৰাৰ চেষ্টা কৰে যদিও আক্ৰমণ-প্ৰত্যাক্ৰনৰ উত্তেজনাৰ মাজেৰে খেলখন সমাপ্ত হয়৷
১৪ খন খেলত ২২ পইণ্ট সংগ্ৰহ কৰি নৰ্থ ইষ্ট ইউনাইটেডে মোহন বাগান (৩২ পইণ্ট) আৰু বাংগালুৰু এফ চি (২৭ পইণ্ট) ৰ পাছতে তৃতীয় স্থানত থাকিল৷ এফ চি গোৱাৰো ২২ পইণ্ট৷ ইফালে, প্ৰথমবাৰৰ বাবে আই এছ এলত খেলা মহমেদান দলে ১৪ খন মেচৰ পৰা মাত্ৰ সাত পইণ্ট সংগ্ৰহ কৰি অন্তিম স্থানতে আছে৷ ক্ৰমাগত চাৰিখন মেচত পৰাস্ত হোৱাৰ পাছত দলে শুকুৰবাৰে ড্ৰ খেলিলে৷ উল্লেখ্য যে যোৱা বছৰ কলকাতাত মহমেদানকে হৰুৱাই চলিত আই এছ এলত ছিজনৰ আৰম্ভনি কৰিছিল নৰ্থ ইষ্ট ইউনাইটেডে৷ কিন্তু শুকুৰবাৰে গুৱাহাটীৰ পৰা এক পইণ্ট লৈ গল কলকাতাৰ দলটোৱে৷
নৰ্থ ইষ্ট ইউনাইটেডে পৰবৰ্তী মেচখনো গুৱাহাটীত খেলিব৷ অহা দহ জানুৱাৰীত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’বলগা মেচত দলৰ প্ৰতিদ্বন্দ্বী পঞ্জাৱ এফ চি৷ ইফালে, মহমেদান এছ চিয়ে পৰবৰ্তী মেচখন এঘাৰ জানুৱাৰীত কান্তিৰাভা ষ্টেডিয়ামত বাংগালুৰু এফ চিৰ বিৰুদ্ধে খেলিব৷