নিউজ ডেস্ক, ৪ মাৰ্চ, ২০২৫ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) প্লে-অফত স্থান নিশ্চিত কৰিছে৷ চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা এখন গুৰুত্বপূৰ্ণ মেচত দলে পূৰ্ব চেম্পিয়ন চেন্নাইয়ান এফ চিক ৩-০ গ’লত পৰাস্ত কৰি লীগৰ অন্তিমখন মেচ খেলিবলৈ বাকী থাকোতেই প্লে-অফত স্থান নিশ্চিত কৰে৷ উল্লেখ্য যে ২৩ খন মেচ খেলি ৩৫ পইণ্ট লাভ কৰা নৰ্থ ইষ্ট ইউনাইটেডে অহা আঠ মাৰ্চত শ্বিলংত ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে নিজৰ অন্তিম লীগৰ মেচখন খেলিব যদিও সেয়া দলৰ বাবে গুৰুত্বহীন মেচ হৈ পৰিল৷
নৰ্থ ইষ্ট ইউনাইটেডৰ যোগ্যতাৰ লগে লগে পাঁচটা দলে চলিত আই এছ এলৰ প্লে-অফত প্ৰৱেশ কৰিলে৷ ইতিমধ্যে মোহন বাগান, এফ চি গোৱা, বেংগালুৰু এফ চি আৰু জামছেদপুৰ এফ চিয়ে প্লে-অফত স্থান নিশ্চিত কৰিছিল৷ অন্তিম তথা ষষ্ঠটো দলৰূপে যোগ্যতা অৰ্জনৰ সুযোগ আছে মুম্বাই চিটী এফ চি আৰু উৰিষ্যা এফ চিৰ৷ অৱশ্যে এই দল দুটা বাকী থকা মেচত পৰাস্ত হ’লে ক্ষীন আশা ইষ্ট বেংগল এফ চিৰো আছে৷ কিন্তু মেৰিনাৰ পাৰত চমকপ্ৰদ খেলেৰে চেন্নাইয়ান দলক বিধ্বস্ত কৰি লক্ষ্যত উপনিত হয় নৰ্থ ইষ্ট ইউনাইটেড৷ খেলৰ প্ৰথমাৰ্ধতে দলে তিনিটাকৈ গ’ল কৰি অনুৰাগীক চাপ-উৎকণ্ঠাৰ পৰা মুক্ত কৰি আনন্দ কৰাৰ সুযোগ দিয়ে৷
খেলৰ সাত মিনিটতে আজাৰাইৰ সহায়ত নেষ্টৰে গ’ল কৰি নৰ্থ ইষ্টক ইউনাইটেডক প্ৰথমে অগ্ৰগতি দিয়ে৷ ২৬ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি ২-০ কৰে যিতিনে৷ এই গ’লটো সহযোগ কৰে আজাৰায়ে৷ আনহাতে, মৰক্কোৰ ষ্ট্ৰাইকাৰজনে খেলৰ ৩৮ মিনিটত নিজে গ’ল কৰি নৰ্থ ইষ্ট ইউনাইটেডক ৩-০ ৰ অগ্ৰগতি দি অনুৰাগীৰ আশা পূৰ্ণ কৰে৷ এয়া আজাৰাইৰ চলিত আই এছ এলত ২১ নম্বৰ গ’ল৷ প্ৰথমাৰ্ধৰ নৰ্থ ইষ্ট ধুমুহাত বিধ্বস্ত হোৱা চেন্নাইয়ান দলে দ্বিতীয়াৰ্ধত ৰক্ষণ বিভাগত অধিক খেলুৱৈ নিয়োগ কৰি বিপক্ষৰ আক্ৰমণ ৰক্ষাৰ চেষ্টা কৰে৷ ৮১ মিনিটত দলৰ ৰিয়ান এডোৱাৰ্ডে দ্বিতীয়খন হালধীয়া কাৰ্ড পোৱাত দলে দহজনৰে খেলিব লগা হয়৷
বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডেও আশা কৰা ফলাফল প্ৰথমাৰ্ধতে লাভ কৰাৰ পাছত দ্বিতীয়াৰ্ধত স্বাভাৱিক খেল খেলে৷ উল্লেখ্য যে চেন্নাইয়ান এফ চি ইতিমধ্যে প্লে-অফৰ দৌৰৰ পৰা আঁতৰি অহাত মেচখন দলৰ বাবে গুৰুত্বহীন আছিল৷ তথাপি অনুৰাগীৰ সন্মুখত গৃহভূমিত দলে জয়ৰ আশা কৰিছিল৷ কিন্তু সুসংগঠিত বিপক্ষৰ আক্ৰমণৰ সন্মুখত লজ্জাজনক আত্মসমৰ্পন কৰে চেন্নাইয়ান দলে৷ অহা ন মাৰ্চত দলে এই ষ্টেডিয়ামতে জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অন্তিম মেচ খেলিব৷