নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী, ২০২৫ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ (ISL)ত নিজৰ অপৰাজয়ৰ যাত্ৰা আঠখন মেচলৈ নিবলৈ সক্ষম হৈছে৷ সোমবাৰে ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত হোৱা খেলত দলে উৰিষ্যা এফ চিৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ খেলে৷ অৱশ্যে নৰ্থ ইষ্ট ইউনাইটেডে মেচত দুবাৰকৈ অগ্ৰগতি লৈছিল৷ ইঞ্জুৰী টাইমত গ’ল কৰি ঘৰত পৰাজয় ৰক্ষা কৰে উৰিষ্যাই৷
গুৱাহাটীত খেলা অন্তিম মেচত জয়লাভ কৰি তথা সাতখন খেলত অপৰাজয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডে সোমবাৰেও আত্মবিশ্বাসৰে খেলি প্ৰথমে গ’ল কৰিবলৈ সক্ষম হয়৷ অৱশ্যে খেলৰ প্ৰথমাৰ্ধত উভয় দলে আক্ৰমণ কৰাৰ পৰিবৰ্তে অধিক সময় বল নিজৰ নিয়ন্ত্ৰত ৰখাৰ চেষ্টা কৰাত গ’ল হোৱা নাছিল৷ দ্বিতীয়াৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে ৰণনীতি সলনি কৰি আক্ৰমণ কৰে৷ ৬৭ মিনিটত আলাউদ্দিন আজাৰায়ে গুৱাহাটীৰ দলটোক প্ৰথমে অগ্ৰগতি দিয়ে৷
ছামটেৰ সহযোগত গ’ল কৰে মৰক্কোৰ ষ্টাইকাৰজনে৷ কিন্তু থৈবা সিঙে ৭৮ মিনিটত উৰিষ্যা দলৰ হৈ গ’ল কৰি মেচত সমতা স্থাপন কৰে৷ খেলৰ ৮৩ মিনিটত আজাৰায়ে পুনৰ গ’ল কৰি নৰ্থ ইষ্ট ইউনাইটেডক ২-১ অগ্ৰগতি দিয়ে৷ এয়া আজাৰাইৰ লীগত ১৮ সংখ্যক গ’ল৷ কিন্তু অগ্ৰগতিৰ পাছতো তিনি পইণ্ট নাপালে নৰ্থ ইষ্ট ইউনাইটেডে৷ ইঞ্জৰী টাইমত ভানলালৰুৱাটফেলাই গ’ল কৰি মেচ ড্ৰ কৰে৷
উল্লেখ্য যে ইয়াৰপূৰ্বে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডে ৩-২ গ’লত উৰিষ্যা দলক পৰাস্ত কৰিছিল৷ নৰ্থ ইষ্ট ইউনাইটেডে ১৯ খন মেচত ২৯ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানত থাকিল৷ ইফালে, উৰিষ্যা দলে ১৮ মেচত ২৫ পইণ্টৰে তালিকাৰ সপ্তম স্থানত থাকিল৷ উল্লেখ্য যে অগ্ৰগতি লৈ মেচ জয় কৰিব নোৱাৰাটো নৰ্থ ইষ্ট ইউনাইটেডৰ এইবাৰ সমাধান নহোৱা সমস্যা হৈ পৰিছে৷ দলৰ বাকী থকা লীগ মেচত প্ৰতিটো পইণ্ট গুৰুত্বপূৰ্ণ হ’ব৷
নৰ্থ ইষ্ট ইউনাইটেডে পৰবৰ্তী মেচখন মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে খেলিব৷ এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ ঘৰুৱা খেল যদিও দলে গুৱাহাটীৰ পৰিবৰ্তে খেলখন শ্বিলঙত খেলিব৷ অহা সাত ফেব্ৰুৱাৰীত উত্তৰ-পূৱৰ দ্বিতীয় ৰাজ্য হিচাপে মেঘালয়ত অনুষ্ঠিত হ’ব আই এছ এলৰ খেল৷ ইফালে, উৰিষ্যা এফ চিয়ে পৰবৰ্তী খেলখন অহা ছয় ফেব্ৰুৱাৰীত খেলিব এফ চি গোৱাৰ বিৰুদ্ধে৷ গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব৷