নিউজ ডেস্ক, ২০ আগষ্ট, ২০২৫ : ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে (North East United FC) ক্ৰমাগত দ্বিতীয়বাৰলৈ ভাৰতীয় সেনাই আয়োজন কৰা ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত নৰ্থ ইষ্ট ইউনাইটেডে একমাত্ৰ গ’লত পৰাস্ত কৰে শ্বিলং লাজং এফ চিক৷ খেলৰ ৩৬ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ বিজয়সুচক গ’লটো কৰে লাজং দলৰে প্ৰাক্তন খেলুৱৈ ৰেডিম টলাঙে৷
উভয় দলে শ্বিলঙত খেলা পূৰ্বৰ দুখন মেচৰ দৰেই ফুটবলপ্ৰেমীয়ে আই এছ এলৰ গুৱাহাটীৰ দলটোৱে মেঘালয়ৰ আই লীগৰ দলটোক চাপত ৰাখিব বুলি পূৰ্বনুমান কৰিছিল যদিও সেয়া লাজং দলে মেচৰ আৰম্ভণিৰ পৰাই ভুল প্ৰমানিত কৰে৷ পেড্ৰ’ বেনালীৰ আক্ৰমণৰ ৰণনীতিক লাজং বাহিনীয়ে সংঘবদ্ধৰূপত খেলি প্ৰতিহত কৰিবলৈ সক্ষম হয়৷ প্ৰথমাৰ্ধত বল নিয়ন্ত্ৰণৰ দিশত শ্বিলং লাজঙে ৫৩ শতাংশ সফল হোৱাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে ৪৭ শতাংশহে বল নিজৰ আয়ত্বত ৰাখিবলৈ সক্ষম হয়৷
কিন্তু সুন্দৰ খেল খেলাৰ পাছতো বিৰতিলৈ লাজং এগ’লত পিছ পৰি থাকে৷ ইয়াৰ মুল কাৰণ আছিল ষ্ট্ৰাইকাৰৰ ব্যৰ্থতা তথা বিপক্ষৰ গ’ললৈ মৰা দুৰ্বল শ্বট৷ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডৰ আক্ৰমণপন্থীয়েও লাজঙৰ ৰক্ষণ বিভাগৰ চক্ৰবেহু ভেদ কৰিব পৰা নাছিল৷ খেলৰ বয়স তেতিয়া ৩৬ মিনিট আৰু এটা অপ্ৰত্যাশিত ঘটনাই নৰ্থ ইষ্ট ইউনাইটেডক মেচত অগ্ৰগতি দিয়ে৷ মিডফিল্ডাৰ ৰেডিম টলাঙে চেণ্টাৰৰ পৰা বল লাজঙৰ হাফলৈ লৈ যোৱাৰ সময়তে আজাৰাই, এণ্ডি, যিতিন গৈ বিপক্ষৰ বক্সত উপস্থিত হয়৷ কিন্তু ৰেডিমে এইবাৰ বল সতীৰ্থলৈ আগবঢ়াই নিদি পোনে পোনে মাৰি পঠাই গ’লপষ্টলৈ৷ তীব্ৰ শ্বটৰ বল সকলোৰে চকুত ভেল্কি লগাই লাজঙৰ দুৰ্গত প্ৰৱেশ কৰে৷
দ্বিতীয়াৰ্ধৰ খেলত উভয় দলে গ’ল কৰাৰ সুযোগ লাভ কৰিলেও মেচৰ ফলাফলত কোনো প্ৰভাৱ নপৰিল৷ নৰ্থ ইষ্ট ইউনাইডেৰ হৈ এণ্ডিয়ে মৰা শ্বট গ’লপষ্টত স্পৰ্শ কৰাৰ পৰিবৰ্তে লাজঙৰ ষ্ট্ৰাইকাৰ ফিগো, ছানা কোনোৱে ছন্দত খেলিব নোৱাৰিলে৷ ইফালে, সদায়ে ফুটবপ্ৰেমীৰ কলাহলে উদ্ভাসিত কৰি ৰখা শ্বিলঙৰ ষ্টেডিয়ামত নাছিল কোনো উৎসাহ৷ স্থানীয় দলটোৰ অবাঞ্চিত ভুল আৰু ব্যৰ্থতাই সমৰ্থকক হতাশ কৰে৷ নৰ্থ ইষ্ট ইউনাইটেডে অহা ২৩ আগষ্টত কলকাতাত হ’বলগা ফাইনেলত ডাইমণ্ড হাৰবাৰ আৰু ইষ্ট বেংগল এফ চি¸ মাজত দ্বিতীয় ছেমিফাইনেলৰ বিজয়ী দলটোৰ মুখামুখি হ’ব৷