গুৱাহাটী, ৯ জানুৱাৰী, ২০২৪ : ক্ৰমাগত তিনিখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে একাদশ ইণ্ডিয়ান ছুপাৰ লীগ (ISL) ৰ শুকুৰবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত পঞ্জাৱ এফ চিৰ বিৰুদ্ধে নিজৰ ১৫ নম্বৰ মেচখন খেলিব৷ ইয়াৰপূৰ্বে চলিত ছিজনত নতুন দিল্লীত খেলা মেচত নৰ্থ ইষ্ট ইউনাইটেডে ৪৫ মিনিট দহ জনৰে খেলিও ২-১ গ’লত পঞ্জাৱ দলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷
উল্লেখ্য যে পঞ্জাৱ এফ চিয়ে একেৰাহে চাৰিখন মেচত পৰাস্ত হৈ গুৱাহাটীলৈ আহিছে৷ স্বাভাৱিকতে কাইলৈ আত্মবিশ্বসী ঘৰুৱা দলটোৰ বিৰুদ্ধে চাপত থাকিব পঞ্জাৱ৷ যোৱা মেচত গুৱাহাটীতে ড্ৰ খেলা নৰ্থ ইষ্ট ইউনাইটেডে ১৪ খন খেলত ২২ পইণ্ট লাভ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে৷ ইফালে, ছিজনত সুন্দৰ আৰম্ভনি কৰা পঞ্জাৱ দলে ১৩ খন খেলত ১৮ পইণ্ট লাভ কৰি অষ্টম স্থানত আছে৷ কিন্তু উভয় দলে ছখনকৈ মেচত জয়ী হৈছে৷ ড্ৰ নেখেলা পঞ্জাৱে সাতখনত তথা চাৰিখনত মেচত পইণ্ট ভগাই লোৱা নৰ্থ ইষ্ট ইউনাইটেড চাৰিখনত পৰাস্ত হৈছে৷
হাইলেণ্ডাৰ্ছ হৈছে চলিত লীগত সৰ্বাধিক গ’ল কৰা দল৷ মৰক্কোৰ তাৰকা আাজাৰায়ে অভিলেখ গঢ়ি সৰ্বাধিক ১৪ টা গ’ল দিয়াৰ গৌৰৱৰ বাবেই গুৱাহাটীৰ ক্লাবটোৱে ইতিমধ্যে লীগত ২৯ টা গ’ল দিবলৈ সক্ষম হৈছে৷ কিন্তু গ’ল কৰাৰ ক্ষেত্ৰত পঞ্জাব সপ্তম স্থানত আছে৷ নৰ্থইষ্ট ইউনাইটেড আৰু পঞ্জাব এফ চি এতিয়ালৈকে তিনিবাৰকৈ মুখামুখি হৈছে৷ ইয়াৰে এখন খেল ড্ৰ’ হোৱাৰ বিপৰীতে উভয় দলে এখনকৈ মেচত জয়লাভ কৰিছে৷ কাইলৈ ক্লীন শ্বীট ৰাখিব পাৰিলে আই এছ এলত ক্ৰমাগত তিনিখনত এই ফলাফল প্ৰথমবাৰৰ বাবে পাব নৰ্থ ইষ্ট ইউনাইটেডে৷
ইফালে, লুকা মাজেচেনৰ ওপৰতে নিৰ্ভৰ পঞ্জাৱ দল৷ ইতিমধ্যে মাজেচেনে গ’ল দিয়া যোৱা পাঁচখন মেচৰ প্ৰতিখনতে পঞ্জাব জয়ী হৈছে৷ কিন্তু শেহতীয়াকৈ মেজেচেনে তিনিখন মেচত গ’ল কৰিব পৰা নাই৷ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডৰ আজাৰায়ে ২০১৭-১৮ চনত ফেৰাণ ক’ৰ’মিনাছে স্থাপন কৰা ২৩ টা আই এছ এলৰ অভিষেক ছিজনৰ অভিলেখৰ সমান কৰিবলৈ পাঁচটা গ’লৰ অৱদানৰ দূৰত্বত আছে৷ কাইলৈৰ মেচক লৈ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে কয় ‘আমি আগতীয়াকৈ শক্তিশালী ফিনিচিং প্ৰবৃত্তি গ্ৰহণ কৰাটো প্ৰয়োজন৷ আমাৰ সমস্যাটো হ’ল কেতিয়াবা আমি আগুৱাই যাবলৈ পাহৰি যাওঁ৷ এয়া মূল সমস্যা৷ আমি আগবাঢ়ি যাবলৈ শিকিব লাগিব৷ অৱশ্যে আমি বহুত ভাল খেলি আছো৷’
ইফালে, পঞ্জাবৰ মুখ্য প্ৰশিক্ষক পানাজিঅ’টিছ ডিলম্পেৰিছে স্বীকাৰ কৰে যে দলৰ শেহতীয়া ফলাফলৰ পিছত এতিয়া উন্নতিৰ প্ৰয়োজন৷ ‘যেতিয়া এটা দলে ফলাফল নাপায়, তেতিয়া ইয়াৰ কাৰণ হ’ল আমি আমাৰ গেমপ্লেনৰ কিছু অংশ বিকশিত কৰিব লাগিব৷ অজুহাতৰ পৰিৱৰ্তে নিজকে উন্নত কৰিব লাগিব৷’ ডিলম্পেৰিছে কয়৷