নিউজ ডেস্ক, ৩১ আগষ্ট, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে৷ আজি কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে টাইব্ৰেকাৰত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে বিগতবৰ্ষৰ চেম্পিয়ন তথা আই এছ এলৰ লীগৰ খিতাপ দখল কৰা শক্তিশালী মোহন বাগান ছুপাৰ জায়েণ্টক৷ নিৰ্ধাৰিত সময়ত খেলখন ২-২ গলত সমাপ্ত হৈছিল তথা খেলৰ প্ৰথমাৰ্ধত মোহন বাগান ২-০ ত আগুৱাই আছিল৷

কিন্তু ইতিহাস গঢ়ি উত্তৰ-পূবৰ প্ৰথম দলৰূপে ঐতিহাসিক ডুৰাণ্ড কাপৰ ফাইনেল খেলা নৰ্থ ইষ্ট ইউনাইটেডে দৃঢ়তা অক্ষুন্ন ৰাখি চমকপ্ৰদ খেলেৰে প্ৰত্যাৱৰ্তন কৰে আৰু মোহন বাগানক নিজৰ ঘৰতে অনুৰাগীৰ সন্মুখত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ জয়ৰ অনন্য গৌৰৱ অৰ্জন কৰে৷ উল্লেখ্য যে দলে আটাইকেইখন মেচতে জয়লাভ কৰি খিতাপ দখল কৰাৰ অনবদ্য সফলতা অৰ্জন কৰিছে৷ ২-২ গলত ৯০ মিনিটৰ খেল সমাপ্ত হোৱাৰ পাছত টাইব্ৰেকাৰ আৰম্ভ হয়৷ প্ৰথম দুটা পেনাল্টিত ব্যৱধান হয় ২-২৷ কিন্তু মোহন বাগানৰ (লিষ্টন) তৃতীয়টো শ্বট প্ৰতিৰোধ কৰে নৰ্থ ইষ্ট গলৰক্ষক গুৰমীট সিঙে৷ আনহাতে, অসমৰ পাৰ্থিৱ গগৈয়ে দলৰ হৈ তৃতীয়টো শ্বট গল কৰি নৰ্থ ইষ্টক ৩-২ ৰ অগ্ৰগতি দিয়ে৷

ইয়াৰ পৰাই আৰম্ভ হয় নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি, জয়ৰ পথ আৰু খিতাপৰ গৌৰৱ৷ চতুৰ্থ শ্বট উভয় দলে গলৰ ৰূপ দিয়াত ব্যৱধান হয় ৪-৩৷ কিন্তু মোহন বাগানৰ (শুভাশিষ) পঞ্চম শ্বট পুনৰ ৰক্ষা কৰে গুৰমীটে৷ লগে লগে ইতিহাস গঢ়ে ছল্টলেক ষ্টেডিয়ামত৷ ১৭ বাৰ ডুৰাণ্ড কাপ জয়ৰে অভিলেখ গঢ়া মোহন বাগানক পৰাস্ত কৰি খিতাপ জয় কৰে নৰ্থ ইষ্ট ইউনাইটেডে৷ অৱশ্যে আজিৰ মেচতো চেম্পিয়নৰ দৰেই খেলত প্ৰত্যাশিত আৰম্ভনি কৰিছিল মোহন বাগানে৷ দলে আক্ৰমনৰ ৰণনীতি আৰম্ভনিৰ পৰাই লৈ খেলৰ এঘাৰ মিনিটত পেনাল্টি লাভ কৰি মেচত ১-০ ৰ অগ্ৰগতি লয়৷ ঘৰুৱা দলটোৰ হৈ প্ৰথমটো গল কৰে কামিংছে৷ এই গ’লে মোহন বাগানৰ আত্মবিশ্বাস বৃদ্ধি কৰে৷ বিৰতিৰ পূৰ্বেই দলে অগ্ৰগতি ২-০ কৰিবলৈ সক্ষম হয়৷ ৪৫ মিনিটত দলৰ হৈ গল কৰে ছাহালে৷

কিন্তু প্ৰথমাৰ্ধত চাপৰ সন্মুখীন হোৱা নৰ্থ ইষ্ট ইউনাইটেডে দ্বিতীয়াৰ্ধত সম্পূৰ্ণৰূপে বিপৰীত শৈলীৰ খেল খেলে৷ বিপক্ষৰ গলবক্সত আৰম্ভনিৰ পৰাই চাপ সৃষ্টি কৰে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ ফাইনেল খেল গুৱাহাটীৰ আই এছ এল দলটোৱে৷ ৫৫ মিনিটত আজাৰাই গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক খেললৈ প্ৰত্যাৱৰ্তন কৰায়৷ ব্যৱধান ২-১ হোৱাৰ তিনি মিনিট পাছতে নৰ্থ ইষ্ট দলৰ হৈ দ্বিতীয়টো গল কৰে ৫৮ মিনিটত গুইলেৰ্মোই৷ ইয়াৰ পাছতে মেচত উত্তেজনা বৃদ্ধি পাই যদিও ২-২ ব্যৱধানত ৯০ মিনিটৰ খেল সমাপ্ত হয়৷