নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী, ২০২৫ : আই এছ এলত আৰু এটা অভিলেখ গঢ়ি নৰ্থ ইষ্ট ইউনাইটেডক চমকপ্ৰদ বিজয় দিলে আলাউদ্দিন আজাৰায়ে৷ বৃহস্পতিবাৰে জামছেদপুৰত অনুষ্ঠিত প্লে-অফৰ সমিকৰণৰে এখন গুৰুত্বপূৰ্ণ মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে (North East United FC) ২-০ গ’লত পৰাস্ত কৰে জামছেদপুৰ এফ চিক৷ গুৱাহাটীৰ দলটোৰ হৈ দূয়োটা গল’ দিয়ে মৰক্কোৰ ষ্ট্ৰাইকাৰ আজাৰায়ে৷ অৱশ্যে পেনাল্টি গ’ল কৰিব নোৱাৰি হেট্ৰিক অৰ্জনৰ পৰা বঞ্চিত হয় আজাৰাই৷
বৃহস্পতিবাৰে আই এছ এলত এটা ছিজনত সৰ্বাধিক গ’ল কৰাৰ অ’গবেচে আৰু ক’ৰোমিনাছৰ অভিলেখ ভংগ কৰে আজাৰায়ে৷ ক্ৰমাগত আঠখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডৰ এই সাফল্যৰ যাত্ৰা শ্বিলংত খেলা অন্তিম মেচত মুম্বাই চিটীৰ বিৰুদ্ধে পৰাজয়ৰ লগে লগে সমাপ্ত হৈছিল৷ বৃহস্পতিবাৰে দলে নতুন আশাৰে খেলপথাৰত নামি ছয় মিনিটতে গ’ল কৰিবলৈ সক্ষম হয়৷ আজাৰায়ে সতীৰ্থ থৈ সিঙৰ সহায়ত প্ৰথমটো গ’ল কৰি দলক অগ্ৰগতি দিয়াৰ লগতে নতুন অভিলেখ গঢ়ে৷ উল্লেখ্য যে আই এছ এলত এটা ছিজনত ১৮ টা গ’ল কৰি সৰ্বাধিক গ’ল কৰাৰ অভিলেখ গঢ়িছিল অ’গবেচে আৰু ক’ৰোমিনাছে৷ বৃহস্পতিবাৰে আজাৰায়ে প্ৰথমটো গ’ল কৰি সেই অভিলেখ ভংগ কৰে৷
আনহাতে, খেলৰ ৮১ মিনিটত আজাৰয়ে লীগত ২০ নম্বৰ গ’লটো কৰি দলৰ বিজয় নিশ্চিত কৰি দিয়ে৷ এই জয়ৰে নৰ্থ ইষ্ট ইউনাইটেডে ২১ খন মেচত ৩২ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানলৈ উত্তৰণ কৰিছে৷ ইয়াৰপূৰ্বে গুৱাহাটীতো দলে জামছেদপুৰৰ বিৰুদ্ধে জয়লাভ কৰিছিল৷ লীগ ডাবল সম্পূৰ্ণ কৰিলে নৰ্থ ইষ্ট ইউনাইটেডে৷ ইফালে, জামছেদপুৰ দলে লীগত ২০ খন খেলৰ পৰা ৩৪ পইণ্ট লাভ কৰি বৰ্তমানৰ তৃতীয় স্থানতে আছে৷ গৃহভূমিত জামছেদপুৰৰ এয়া তৃতীয় পৰাজয়৷ পূৰ্বে ঘৰত দলে ১০ খন খেলৰ ভিতৰত আঠখন খেলতে জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছিল৷
কিন্তু আজাৰাইৰ আক্ৰমণৰ সন্মুখত জামছেদপুৰৰ ৰক্ষণ বিভাগে আত্মসমৰ্পন কৰে৷ বৃহস্পতিবাৰৰ জয়ৰে নৰ্থ ইষ্ট ইউনাইটেডে প্লে-অফৰ যোগ্যতাৰ দিশে আগবাঢ়িছে৷ নৰ্থ ইষ্ট ইউনাইটেডে পৰবৰ্তী মেচখন পুনৰ শ্বিলংত খেলিব৷ অহা ২১ ফেব্ৰুৱাৰীত দলে বেংগালুৰু এফ চিৰ মুখামুখি হ’ব৷ ইফালে, জামছেদপুৰ দলে মহমেদান স্প’ৰ্টিঙৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অংশ ল’ব৷ এই মেচখন কলকাতাত অহা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব৷