Not In My Name

Photo of author

|

অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৯ জুনঃ”Not In My Name’ ছ’চিয়েল মিডিয়াৰ এক আহ্বানত হাজাৰ হাজাৰ লোক গোট খালে ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰত। প্ৰতিবাদী জনতাই Not In My Name কে ধৰি বিভিন্ন ধৰণৰ শ্ল’গান লিখা হাতত বেনাৰ আৰু পোষ্টাৰ লৈ বিক্ষোভ প্ৰদৰ্শন কৰে। এই বিক্ষোভ কাৰ্যত সকলো ধৰ্মৰ মানুহে অংশগ্ৰহণ কৰে। যন্তৰ-মন্তৰত এই হাজাৰ হাজাৰ মানুহ কোনো ৰাজনৈতিক দল বা ৰাজনৈতিন নেতাৰ আহ্বানত  অহা নাছিল। এই জনসমূদ্ৰৰ আঁৰত আছিল ছ’চিয়েল মিডিয়াৰ এক আহ্বান। বৰ্তমান ভাৰতবৰ্ষত বৃদ্ধি পাবলৈ ধৰা গণপ্ৰহাৰৰ  বিৰুদ্ধে ছ’চিয়েল মিডিয়াত দেশবাসীক একগোট কৰাৰ উদ্দেশে Not In My Name নামৰ এক অভিযান চলোৱা হৈছিল। এই অভিযানক সফল কৰাৰ উদ্দেশে বিভিন্ন ধৰ্ম, জাতি আৰু ভাষাৰ লোক দিল্লীৰ যন্তৰ-মন্তৰত একত্ৰিত হয়। কিছুদিন পূৰ্বে হাৰিয়ানাৰ জোনেদ খান নামৰ এজন ১৫ বছৰীয়া যুৱক ৰেলত গনপ্ৰহাৰৰ বলি হৈ মৃত্যুৰ মুখত পৰাৰ পিছতে ছ’চিয়েল মিডিয়াত কিছুমান লোকে ইয়াৰ বিৰুদ্ধে Not In My Name নামৰ অভিযান আৰম্ভ কৰিছিল। ৰাজধানী দিল্লীৰ উপৰিও মুম্বাই, কলকাতাৰ লগতে দেশৰ বিভিন্ন ঠাইত জনসাধাৰণ একগোট হৈ বিৰোধ প্ৰদৰ্শন কৰে। এই অভিযানত সাংবাদিক, শিক্ষাবিদ, ডাক্তৰ, অৱসৰপ্ৰাপ্ত সৈনিক, কলা আৰু ছবি জগতৰ বহুকেইজন লোকে অংশগ্ৰহণ কৰে। যন্তৰ-মন্তৰত চুফী গায়ক ৰব্বী শেৰগীল উপস্থিত থাকি গণপ্ৰহাৰৰ বিৰুদ্ধে সংগীত পৰিবেশন কৰে। বাঙ্গালুৰুৰ হিন্দী ছবিজগতৰ অতি চিনাকি নাম গিৰিশ কৰ্ণাদ এই অভিযানত ভাগ লোৱাৰ উপৰি মুম্বাইত অভিনেত্ৰী চাবানা আজমী, কংকণা সেন শৰ্মাই হাতত Not In My Nameৰ পোষ্টাৰ লৈ বিক্ষোভ প্ৰদৰ্শন কৰে।