গুৱাহাটী, ১১ জানুৱাৰী ২০২৬ : নভোটেল গুৱাহাটীত মাঘ বিহু উদযাপন। ‘ফ্লেভাৰ্ছ অব আছাম’ৰ জৰিয়তে অসমীয়া খাদ্যৰ (Authentic Assamese dinner) সৈতে বিশেষ আপ্যায়নৰ ব্যৱস্থা। ১৪ আৰু ১৫ জানুৱাৰীত ‘দ্য স্কোৱাৰ’ত প্ৰামাণিক অসমীয়া নৈশ আহাৰৰ সোৱাদ ল’ব পাৰিব গ্ৰাহকে।
ভোগালীৰ উছাহৰ মাজতে অসমৰ চহকী পৰম্পৰা আৰু থলুৱা সোৱাদৰ সৈতে একাত্ম হ’বলৈ নভোটেল গুৱাহাটী জি এছ ৰোডৰ ‘দ্য স্কোৱাৰ’ত আয়োজন কৰা হৈছে ‘ফ্লেভাৰ্ছ অব আছাম’ শীৰ্ষক এক বিশেষ মাঘ বিহু থীমযুক্ত নৈশ আহাৰ। ২০২৬ চনৰ ১৪ আৰু ১৫ জানুৱাৰীত সন্ধিয়া ৭:০০ বজাৰ পৰা নিশা ১১:০০ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই উদযাপনৰ জৰিয়তে অসমীয়া খাদ্য আৰু সংস্কৃতিৰ প্ৰাণকেন্দ্ৰক প্ৰদৰ্শন কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে নভোটেল গুৱাহাটীয়ে।
উল্লেখ্য যে, মাঘ বিহু বা ভোগালী বিহু হৈছে শস্য চপোৱাৰ উৎসৱ, প্ৰাচুৰ্য আৰু একতাৰ প্ৰতীক, যি খাদ্যৰ জৰিয়তে সৰ্বোত্তমভাৱে উদযাপন কৰা হয়। এই ভাৱধাৰাক সজীৱ কৰি ৰাখিবলৈ নভোটেল গুৱাহাটীয়ে আগবঢ়াইছে এক প্ৰামাণিক অসমীয়া খাদ্যৰ সম্ভাৰ। য’ত তিল পিঠা, ঘিলা পিঠা, বিভিন্ন ধৰণৰ লাৰু, তিল দি ৰন্ধা হাঁহৰ মাংস, আৰি মাছৰ টেঙা, লাই শাকেৰে গাহৰিৰ মাংস, অমিতাৰ খাৰ, ক’লা চাউলৰ পায়স আৰু অসমীয়া খাদ্যশৈলীৰ আন বহুতো ঋতুগত তথা পৰম্পৰাগত ব্যঞ্জন উপলব্ধ হ’ব।
সতেজ স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰা প্ৰতিটো ব্যঞ্জনেই অসমৰ পাকঘৰৰ চহকী ঐতিহ্যক প্ৰতিফলিত কৰিছে। বিহু উদযাপনৰ উষ্মতা আৰু সজীৱতাক পুনৰ সৃষ্টি কৰিবলৈ পৰম্পৰাগত উপাদানেৰে ‘দ্য স্কোৱাৰ’ আটকধুনীয়াকৈ সজাই তোলা হ’ব। অতিথিসকলে ইয়াত কেৱল সুস্বাদু খাদ্যই নহয়, বৰঞ্চ মাঘ বিহুৰ পৰিচয় দিয়া আনন্দ, সংগীত আৰু উৎসৱমুখৰ পৰিৱেশৰো অভিজ্ঞতা লাভ কৰিব। অসমীয়া পৰম্পৰাৰ সৈতে সংগতি ৰাখি নভোটেল গুৱাহাটীয়ে বছৰজুৰি পালন কৰি অহা উষ্ম আতিথ্যৰ ধাৰা অব্যাহত ৰাখিছে, যাতে প্ৰতিগৰাকী অতিথিয়ে আদৰণি লাভ কৰে আৰু ঘৰুৱা পৰিৱেশ অনুভৱ কৰে।
এই উদযাপনৰ সন্দৰ্ভত নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ বিনীত কুমাৰ মিশ্ৰই কয়, “সমগ্ৰ ভাৰতবৰ্ষতে শস্য চপোৱাৰ বতৰটো বিভিন্ন ৰূপত পালন কৰা হয়, যেনে অসমত মাঘ বিহু বা ভোগালী বিহু, পঞ্জাৱত লোহৰী, তামিলনাডুত পোংগল আৰু আন বহুতো অঞ্চলত মকৰ সংক্ৰান্তি হিচাপে উদযাপন কৰা হয়। তথাপিও ইয়াৰ মূল ভাৱধাৰা একেই থাকে। মাঘ বিহু হৈছে শস্য চপোৱা, কৃতজ্ঞতা আৰু একতাৰ উৎসৱ, য’ত পৰিয়ালসমূহ একত্ৰিত হৈ আহাৰ গ্ৰহণ কৰে আৰু প্ৰাচুৰ্যক উদযাপন কৰে। নভোটেল গুৱাহাটীত আমি পৰম্পৰা অক্ষুণ্ণ ৰাখি অসমৰ চহকী ৰান্ধনীশালৰ ঐতিহ্য প্ৰদৰ্শন কৰি আৰু অসমীয়া আতিথ্যৰ উষ্মতাৰে আমাৰ অতিথিসকলক আদৰণি জনাই এই উৎসৱ উদযাপন কৰিবলৈ পাই আনন্দিত হৈছো।”
মাঘ বিহুৰ প্ৰকৃত ভাৱধাৰাক উদযাপন কৰি অসমৰ পৰম্পৰাগত সোৱাদ ল’বলৈ আপুনিও যোগদান কৰিব পাৰে ‘দ্য স্কোৱাৰ’ত। এই নৈশ আহাৰৰ মূল্য প্ৰতিজন ব্যক্তিৰ বাবে ১৪৯৯++ টকা ধাৰ্য কৰা হৈছে। আগতীয়া বুকিং আৰু সবিশেষ জানিবলৈ +৯১ ৭৫৭৭৮ ৮৪০২২ নম্বৰত যোগাযোগ কৰিব পাৰিব।
