নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৯ জুলাই : উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গঠিত দুজনীয়া বিচাৰপীঠৰ এন আৰ চিৰ সন্দৰ্ভত শুনানি। খচৰাত বহু অবৈধ নাগৰিকৰ নাম আন্তৰ্ভুক্তি হোৱা বুলি দাবী কেন্দ্ৰীয় চৰকাৰৰ। ভাৰত বিশ্বৰ শৰনাৰ্থীৰ ৰাজধানী হ’ব নোৱাৰে । সেয়ে অবৈধ নাগৰিকৰ নাম কৰ্তনৰ বাবে এন আৰ চিৰ সময়সীমা ৩১ আগষ্টলৈ বৃদ্ধিৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ।

ইতিমধ্যে ওজৰ-আপত্তি কৰা ৩৬ লাখ লোকৰ পুনৰীক্ষণ সম্পূৰ্ণ হোৱা বুলি উচ্চতম ন্যায়ালয়ক জনালে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই । ইয়াৰোপৰি ৩১ জুলাইত চূড়ান্ত খচৰা প্ৰকাশ কৰিব পৰা যাব বুলিও জানিবলৈ দিয়ে । লগতে আসোঁৱাহ থাকিলে পিছৰ পৰ্যায়ত শুধৰাব পৰা যাব ।

ইয়াৰোপৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰতীক হাজেলাৰ পৰা অসমৰ বান পৰিস্থিতিৰ লগতে বানৰ ফলত এন আৰ চিৰ কিবা অসুবিধা হৈছে নেকি বুলিও বুজ লয়।