নিউজ ডেস্ক , সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ : ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ুক্ত মিচেলি বেচেলেটে এইবাৰ অসমত কাৰ্যকৰী হোৱা এন আৰ চি প্ৰসংগ উল্লেখ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ কয় এন আৰ চি প্ৰক্ৰিয়াই অনিশ্চয়তা আৰু উদ্বেগৰ সৃষ্টি কৰিছে।

ইয়াৰোপৰি আয়ুক্ত মিচেলি বেচেলেটে ভাৰত চৰকাৰক এন আৰ চিৰ পৰা বাদ পৰা লোকক বিতাড়ণ নকৰিবলৈ আৰু ডিটেনচন কেন্দ্ৰত নাৰাখিবলৈ আহ্বান জনায় ।

জেনেভাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৪২তম অধিবেশনত উদ্ধোধনী ভাষণ প্ৰদান কৰি বেচেলেটে ভাৰত চৰকাৰক এন আৰ চিৰ পৰা বাদ পৰা লোক সকলক ডিটেনচন কেন্দ্ৰত বন্দী নকৰিবলৈ আৰু বিতাড়ণ নকৰিবলৈ আহ্বান জনায়। এই সকল লোকক ৰাষ্ট্ৰহীন কৰি নেপেলাবলৈ আহ্বান জনাই ৰাষ্ট্ৰসংঘৰ আয়ুক্ত গৰাকীয়ে।