নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ জুন : এন আৰ চিৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

গণেশগুৰিস্থিত এন আৰ চিৰ সেৱা কেন্দ্ৰত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ এন আৰ চিৰ দুই কৰ্মচাৰী। উল্লেখ্য যে এন আৰ চিত নাম সোমোৱাৰ নামত ১০ হাজাৰ টকা লৈছিল কৰ্মচাৰীদ্বয়ে।

ঘোচ উপাধীৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ দুয়োজন। গ্ৰেপ্তাৰ ফিল্ড লেভেল অফিচাৰ চয়েদ চাহজাহান । লগতে গ্ৰেপ্তাৰ সহকাৰী স্থানীয় নাগৰিক পঞ্জীয়ক ৰাহুল পৰাশৰ।

সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাই কেচ নং ০৯/২০১৯ ইউ/এছ ৭(এ) ১৯৮৮ৰ অধিনিয়মৰ অধীনত এক গোচৰ ৰুজু কৰিছে। কাইলৈ অভিযুক্তক প্ৰেৰণ কৰা হ’ব বিশেষ আদালতলৈ।

যিসময়ত এন আৰ চিৰ তালিকাত নাম অন্তৰ্ভুক্তিক লৈ বিভিন্ন সময়ত সমস্যাৰ সৃষ্টি হৈ আহিছে, দেশী মানুহক সজোৱা হৈছে ঘোষিত বিদেশী । তেনে সময়তে এচাম এনেধৰণৰ কৰ্মচাৰীৰ মানুহৰ জীৱনক লৈ খেলা হেতালিয়ে হতভম্বিত কৰিছে।