গুৱাহাটী, সংবাদ ৩৬৫, ১২ জুন : অসম আৰু অসমীয়াৰ স্বাৰ্থত জন্মলাভ কৰা ৰাজনৈতিক সংগঠন ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসমৰ উজনি নামনিৰ কেইবাখনো জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্যৰ উপস্থিতত ঐক্য সেনা অসমৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা মুখ্য সম্পাদক শ্বহিদুল ইছলামে ব্যক্তিগত কাৰণত অনুষ্ঠানিকভাৱে পদত্যাগ কৰে ।

শ্বহিদুল ইছলামে তেখেতৰ নিজৰ বক্তব্যত মন্তব্য কৰে যে পদত্যাগ কৰিলেও সদায় ঐক্য সেনা অসমৰ লগত থাকিম। ঐক্য সেনা অসম এটা পৰিয়াল হিচাপে আগুৱাই যাব। ঐক্য সেনা অসম ৩ বছৰ নহওঁতেই অসমত বিয়পি পৰিছে । ঐক্য সেনা অসম মোৰ বাবে সপোন আছিল। এতিয়াও থাকিব। অসমীয়া ৰাইজৰ বাবে কাম কৰি যাব ঐক্য সেনাই। ঐক্য সেনা অসম ১ নম্বৰ বৃহৎ ৰাজনৈতিক সংগঠন হিচাপে গঢ়ি তুলিব লাগিব। ঐক্য সেনা অসমে কেতিয়াও সমাজ বিৰোধী কাম নকৰে । আৰু ২ বা ১ বছৰৰ ভিতৰত শক্তিশালী সংগঠন হিচাপে গঢ়ি উঠিব ঐক্য সেনা অসম। অসমৰ ৰাজনৈতিক সংগঠন হিচাপে আমি ১ ৰ পৰা ৩ নম্বৰৰ ভিতৰত থাকিম কেতিয়াও ৪ নম্বৰত নাযাওঁ।

ভৱিষ্যতে শক্তিশালী ৰূপত অসমক আগুৱাই নিবৰ বাবেও ঐক্য সেনা অসমৰ বিষয়ববীয়াক আহ্বান জনায় শ্বহিদুল ইছলামে।

উল্লেখযোগ্য যে ঐক্য সেনা অসমৰ জন্ম হৈছিল ২০১৬ চনৰ ৪ ছেপ্টেম্বৰত । ইয়াৰ পাছতে অসমীয়া, জাতি অসমীয়াৰ স্বাৰ্থৰ কাৰণে বহুতো যুৱক-যুৱতী ঐক্য সেনা অসমত যোগদান কৰিছিল।