গুৱাহাটী, সংবাদ ৩৬৫, ৩ অক্টোবৰ : এইচ ডি এফ চি বেংকে ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ সৈতে মিলি এখন নতুন ক্ৰেডিট কাৰ্ড মুকলি কৰিছে।

এইচ ডি এফ চি বেংকে ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ নন-মেট্ৰ চহৰ আৰু নগৰ সমূহৰ গ্ৰাহকৰ বাবে এই কাৰ্ডখন মুকলি কৰিছে। এই কাৰ্ডৰ জৰিয়তে গ্ৰাহকে ইন্ধন ক্ৰয়ৰ ক্ষেত্ৰত আকৰ্ষনীয় সুবিধা লাভ কৰিব।

ইণ্ডিয়ান অইল আৰু এইচ ডি এফ চি বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ২০, ০০০ টকাতকৈ অধিক আই অ চি এল আউটলেট ফুৱেল পইণ্ট নামৰ ৰিৱাৰ্ড পাব ।

ইয়াৰ উপৰিও অন্য খৰছ যেনে গ্ৰচেৰী, বিল পেমেন্ট , শ্বপিং আদিতো ফুৱেল পইণ্ট লাভ কৰিব পাৰিব। এই পইণ্ট সমূহৰ জৰিয়তে গ্ৰাহকে বছৰি ৫০ লিটাৰলৈকে ইন্ধন বিনামূলীয়াকৈ লাভ কৰিব পাৰে।