গুৱাহাটী,সংবাদ৩৬৫,৯মাৰ্চ: শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ঐক্য সেনা অসমে এখন সংবাদমেল অনুষ্ঠিত কৰে । সংবাদমেলত অসম চৰকাৰে বিজ্ঞাপনৰ প্ৰকাশ কৰি পৰীক্ষা অনুষ্ঠিত কৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন জনসংযোগ বিভাগৰ বিভিন্ন পদত জালিয়াতিৰে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰি অসমৰ লাখ লাখ শিক্ষিত নিবনুৱাক প্ৰতাৰণা কৰাৰ লগতে মূখ্যমন্ত্ৰীৰ দুৰ্নীতি মুক্ত অসমৰ শ্লোগান অসাৰ কৰি জনসংযোগ বিভাগৰ আমোলা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ দলেৰ সহ বিভাগটোৰ বিষয়াই দিতীমণি পেগু, এছ এ লস্কৰ, জোঁটছনা পেগু,চাহাৰ বৰভূঞাক তদন্তৰ আওতাত আনিবলৈ দাবী জনায় ঐক্য সেনা অসমে।
বক্র পথেৰে চাকৰি সংগ্ৰহ কৰা ৰাজনৈতিক নেতা,পালি নেতা,ভাই-বোৱাৰী, অঙহী-বঙহী সকলোকে তদন্তৰ আওতাত আনি শাস্তি প্ৰদান কৰিবলৈও দাবী জনায় ঐক্য সেনা অসমে।
উল্লেখযোগ্য যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত বিভিন্ন পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী সমূহে মোবাইল ফোন ব্যৱহাৰকে ধৰি একাংশ অভিযোগেৰে সমগ্ৰ নিয়োগ ব্যৱস্থাটোৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰা হৈছিল আৰু ঘটনাৰ সন্দৰ্ভত চৰকাৰে চি আই ডি তদন্ত ঘোষণা কৰিছিল। কিন্তু আকস্মিকভাৱে চি আই ডিৰ প্ৰতিবেদন ৰাজহুৱা নকৰাকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পৰীক্ষাৰ ফলাফল ঘোষণা কৰি দলীয় সমৰ্থন পুষ্ট প্ৰাৰ্থীক নিযুক্তি দিয়া কাৰ্যৰ বিৰোধ কৰি আগন্তুক লোক সভা নিৰ্বাচনত শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক বিজেপি দলত উচিত শিক্ষা দিবলৈ আহ্বান জনায় ঐক্য সেনা অসমে।